অসম শক্তি উৎপাদন নিগম লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম শক্তি উৎপাদন নিগম লিমিটেড
ধৰণ ৰাজহুৱা খণ্ডৰ কোম্পানী
উদ্যোগ বিদ্যুতৰ উৎপাদন
স্থাপিত ডিচেম্বৰ, ২০০৪
মুখ্য কাৰ্যালয় অসম, ভাৰত
দেশ/অঞ্চল অসম, ভাৰত
পণ্য বিদ্যুৎ শক্তি
ৱেবছাইট www.apgcl.org

অসম শক্তি উৎপাদন নিগম লিমিটেড (ইংৰাজী: Assam Power Generation Corporation Limited; চমুকৈ APGCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পুনৰ্গঠন কৰি ২০০৩ চনত বিদ্যুৎ আইন'২০০৩ৰ অধীনত এই কোম্পানীটোৰ জন্ম দিয়া হয়। ব্যৱসায়িক কাম-কাজ আৰম্ভ হয় ২৯ এপ্ৰিল ২০০৪ৰ পৰা।

অসম ৰাজ্যত প্ৰয়োজন হোৱা বিদ্যুতৰ চাহিদা পূৰাবলৈ সৰ্বোচ্চ পৰিমাণৰ বিদ্যুৎ শক্তিৰ উৎপাদন কৰাটোৱেই এই বিশেষ কোম্পানীৰ মুখ্য উদ্দেশ্য।[1] বৰ্তমান কোম্পানীৰ নিজা উৎপাদন হৈছে ৩৮০.২ মেগাৱাট। ইয়াৰে ৩০% উৎপাদন জল-বিদ্যুৎ প্ৰকল্প আৰু ৭০% উৎপাদন তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা আহৰণ কৰা হয়।[2]

লক্ষ্য[সম্পাদনা কৰক]

কোম্পানীৰ লক্ষ্য হৈছে "বহনক্ষম ভিত্তিত আৰু প্ৰতিযোগিতামূলক মূল্যত নিৰ্ভৰযোগ্য আৰু মানবিশিষ্ট বিদ্যুৎ শক্তি উপলব্ধ কৰোৱা।"[3]

কাৰ্যক্ষম প্ৰকল্প[সম্পাদনা কৰক]

বৰ্তমান সময়ত এই কোম্পানীৰ অধীনত পাঁচটা সৰু-বৰ প্ৰকল্প কাৰ্যক্ষম হৈ আছে। সেইকেইটা হৈছে-

  1. নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, ডিব্ৰুগড়। (৯৯.৫ মেগাৱাট)
  2. লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ, চৰাইদেউ। (৯৭.২ মেগাৱাট)
  3. লাকুৱা তাপ বিদ্যুৎ প্ৰকল্প, চৰাইদেউ। (৭০ মেগাৱাট)
  4. কাৰ্বি লাংপি জল-বিদ্যুৎ প্ৰকল্প। (১০০ মেগাৱাট)
  5. মিনট্ৰিয়াং ক্ষুদ্ৰ জল-বিদ্যুৎ প্ৰকল্প (দ্বিতীয় পৰ্যায়)। (১৩.৫ মেগাৱাট)[4]

নিৰ্মীয়মান প্ৰকল্প[সম্পাদনা কৰক]

নামৰূপৰ বিদ্যুৎ কেন্দ্ৰস্থিত বৰ্তমানৰ ঠাইতে এটা নতুন ১০০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পৰ নিৰ্মাণ কৰি থকা হৈছে। নামৰূপ প্ৰতিষ্ঠাপন শক্তি প্ৰকল্প হিচাপে ইয়াৰ নামকৰণ কৰা হৈছে।[5]

বিশেষ পদাধিকাৰী[সম্পাদনা কৰক]

বৰ্তমান এপিজিচিএলৰ অধ্যক্ষ হৈছে বিনোদ কুমাৰ পিপাৰছেনিয়া আৰু শ্ৰীমতি কল্যাণী বৰুৱা হৈছে শক্তি উৎপাদন কোম্পানীটোৰ পৰিচালন সঞ্চালক।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160715/https://www.apgcl.org/comp_prf.html। আহৰণ কৰা হৈছে: 2019-09-30. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160714/https://www.apgcl.org/run_prj.html। আহৰণ কৰা হৈছে: 2019-09-30. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160716/https://www.apgcl.org/miss_vis.html। আহৰণ কৰা হৈছে: 2019-09-30. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160714/https://www.apgcl.org/run_prj.html। আহৰণ কৰা হৈছে: 2019-09-30. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160718/https://www.apgcl.org/ong_prj.html। আহৰণ কৰা হৈছে: 2019-09-30. 
  6. "আৰ্কাইভ কপি". Archived from the original on 2019-09-30. https://web.archive.org/web/20190930160730/https://www.apgcl.org/bod.html। আহৰণ কৰা হৈছে: 2019-09-30.