অস্তিত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অস্তিত্ব
Theatrical release poster of the film Astitva
অস্তিত্ব চিনেমাৰ আনুষ্ঠানিক পষ্টাৰ
পৰিচালক মহেশ মঞ্জৰেকাৰ
ৰচনা ইমটিয়াজ হুছেইন
মহেশ মঞ্জৰেকাৰ
চিত্ৰনাট্য মহেশ মঞ্জৰেকাৰ
কাহিনী মহেশ মঞ্জৰেকাৰ
প্ৰযোজক ৰাহুল সুঘন্ধ
অভিনয়ত টাবু
শচীন খেডেকাৰ
মোহনীছ বাহল
ৰবীন্দ্ৰ মানকানি
স্মিতা জয়কাৰ
সুনীল বাৰ্ভে
নম্ৰতা শিৰোডকাৰ
চিত্ৰগ্ৰহণকাৰী বিজয় কুমাৰ অৰোৰা
সম্পাদনা ভি এন মায়েকাৰ
সংগীত পৰিচালক ৰাহুল ৰানাডে
সুখৱিন্দৰ সিং
মুক্তি
৬ ফেব্ৰুৱাৰী ২০০০ (2000-02-06) (ভাৰত)
দৈৰ্ঘ্য
১০৯ মিনিট
দেশ ভাৰত
ভাষাসমূহ
  • মাৰাঠী
  • হিন্দী
সৰ্বমুঠ আয় ২.১৬ কোটি[1]

অস্তিত্ব (অস্তিত্ব অনুবাদ/অস্তিত্ব/পৰিচয়) হৈছে ২০০০ চনত মাৰাঠী আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত এখন ভাৰতীয় ছবি। ছবিখনৰ ৰচনা আৰু পৰিচালনা মহেশ মঞ্জৰেকাৰৰ। ছবিখনত অদিতি পণ্ডিত নামৰ এগৰাকী সুখী বিবাহিত মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁৰ স্বামী হৈছে শ্ৰীকান্ত পণ্ডিত। প্ৰাক্তন সংগীত শিক্ষক মালহাৰ কামতৰ উত্তৰাধিকাৰৰ কিছু অংশ অদিতিয়ে লাভ কৰাত শ্ৰীকান্ত সন্দীহান হৈ পৰে। সংগীতৰ শ্ৰেণী শেষ হোৱাৰ বহু বছৰৰ পাছতো কামতৰ পৰা এইদৰে অদিতিয়ে কিয় উত্তৰাধিকাৰ পালে- সেই কথা শ্ৰীকান্তে অনুসন্ধান কৰিবলৈ চেষ্টা কৰি ঘটনাৰ নতুন দিশ এটা উদ্ধাৰ কৰে।

অস্তিত্বই ২০০০ চনত মাৰাঠী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] অভিনয় কৰা এই চলচ্চিত্ৰখনৰ বাবে টাবুয়ে কেইবাটাও বঁটা লাভ কৰি যথেষ্ট প্ৰসংশিত হৈছিল। এই অভিনয়ক তেওঁৰ শ্ৰেষ্ঠৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[3][4][5]

পটভূমি[সম্পাদনা কৰক]

অস্তিত্বই পুৰুষৰ chauvinism, বিবাহ বহিৰ্ভূত প্ৰেম, পত্নীৰ নিৰ্যাতন আদি বিষয়ক সামৰি লৈছে। এগৰাকী মহিলাই নিজৰ বৈবাহিক জীৱনৰ ঊৰ্ধলৈ গৈ নিজা পৰিচয় বিচাৰিবলৈ কৰা প্ৰয়াসক চলচ্চিত্ৰখনত দেখুওৱা হৈছে।

১৯৯৭ চনৰ কথা। এসময়ৰ সংগীতজ্ঞ তথা সংগীত শিক্ষক মালহাৰ কামত (মোহনীশ বাহল) মৃত্যুমুখত পৰে। মৃত্যুৰ আগে আগে তেওঁ এখন ইচ্ছাপত্ৰ প্ৰস্তুত কৰে যাৰ জৰিয়তে তেওঁ অট্টালিকা, সোণ আৰু লক্ষাধিক টকা অদিতি শ্ৰীকান্ত পণ্ডিত (তাবু)ৰ হাতত এৰি থৈ যায়। দুবছৰৰ পাছত তেওঁৰ মৃত্যুৰ লগে লগে ইচ্ছাপত্ৰখন অদিতিক প্ৰদান কৰা হয়।

যিসময়ত ইচ্ছাপত্ৰখন অদিতিৰ কাষ পায়গৈ, সেইসময়ত তেওঁলোক এটা পাৰ্টিত ব্যস্ত হৈ থাকে। সেই পাৰ্টিত অদিতি আৰু শ্ৰীকান্তৰ একমাত্ৰ সন্তান অনিকেতে পাৰ্টিত উপস্থিত থকা সকলোকে তেওঁৰ হ’বলগীয়া পত্নী আৰু প্ৰেমিকা ৰেৱতীক চিনাকি কৰাই দিয়ে। তেনে এক অৱস্থাতে শ্ৰীকান্তে ইচ্ছাপত্ৰ গ্ৰহণ কৰি তাক মুকলি কৰে যদিও এইখন কেৱল অদিতিৰ বাবেহে আছিল।

শ্ৰীকান্তে কৌতূহলী হৈ ২৫ বছৰৰ আগৰ ডায়েৰীবোৰৰ কথা উল্লেখ কৰে। তেওঁ উপলব্ধি কৰে যে সেই সময়ত অদিতি তেওঁৰ দ্বাৰা গৰ্ভৱতী হোৱাটো সম্ভৱপৰ নহয়, কাৰণ তেওঁ কৰ্মসূত্ৰে ভ্ৰমণ কৰি আছিল। তেওঁ ডায়েৰীখন দেখুৱাই তথ্যৰ সৈতে মুখামুখি হয় আৰু অদিতিৰ পৰা ব্যাখ্যাৰ দাবী কৰে।

এটা ফ্লেছবেকত দেখা যায়, শ্ৰীকান্ত এখন ফাৰ্মৰ এজন উত্থিত তাৰকা, যিয়ে নিজাকৈ কাম কৰাৰ সন্ধানত আছে। তেওঁৰ কামৰ বাবে তেওঁ প্ৰায়েই ভ্ৰমণ কৰিবলগীয়া হয়। যাৰ ফলত তেওঁৰ নৱবিবাহিত পত্নী অদিতি অকলশৰীয়া আৰু হতাশ হৈ পৰে।

যেতিয়া অদিতিয়ে ক’ৰবাত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেতিয়া শ্ৰীকান্তে তাক অপমান বুলি গণ্য কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ কোনো মহিলাই ঘৰৰ বাহিৰলৈ গৈ কাম কৰা নাই বুলি কয়। তেওঁ অদিতিক সংগীত শিক্ষক মালহাৰৰ ওচৰত সংগীত শিকিবলৈ কয়।

অদিতিৰ ভগ্নী সুধা আৰু স্বামী অদিতিৰ লগত থাকিবলৈ আহে। তেওঁলোকৰ অহৰহ প্ৰেমৰ সম্পৰ্কই অদিতিৰ অভ্যন্তৰীণ সুপ্ত অনুভূতিক অধিক গভীৰ কৰি তোলে। এদিন বসন্তৰ দুপৰীয়া মালহাৰে বৰষুণৰ সময়ত নিজৰ নতুন গজলৰ অভ্যাস কৰি থকাৰ সময়ত অদিতিৰ সংকল্প ভাঙে। দুদিনমান পিছত মালহাৰ উভতি আহে, আৰু অদিতিয়ে তেওঁক কেৱল শ্ৰীকান্তক ভাল পোৱা বুলি উল্লেখ কৰিবলৈ কয়। অদিতিৰ এটা পিৰিয়ড মিছ হয়। সুধাই এই কথা জানি তেওঁক এই বিষয়ে কিবা এটা কৰিবলৈ পৰামৰ্শ দিয়ে।

শ্ৰীকান্ত ঘূৰি অহাৰ লগে লগে অদিতি ভাঙি পৰে আৰু তেওঁৰ গৰ্ভাৱস্থাৰ কথা ক’বলৈ চেষ্টা কৰে। কিন্তু শ্ৰীকান্তে সেইসময়ত নিজৰ ফাৰ্মৰ বাবে প্ৰথমটো ডাঙৰ চুক্তি লাভ কৰি আৰু নিজৰ আগতীয়া পিতৃত্বৰ কথা শুনি দুগুণ উৎফুল্ল হৈ পৰে আৰু অদিতিক কাহিনী সম্পূৰ্ণ কৰিবলৈ নিদিয়াকৈয়ে উদযাপন আৰম্ভ কৰে।

কাহিনীটো বৰ্তমান সময়লৈ ঘূৰি অহাৰ লগে লগে শ্ৰীকান্তে অনিকেত, পাৰ্টি কৰি থকা দম্পতী ৰবি আৰু মেঘনাৰ সন্মুখত অদিতিক সঁচা কথা ক’বলৈ বাধ্য কৰাই শাস্তি দিয়ে। মেঘনাই শ্ৰীকান্তক ঘৃণা কৰে, যিহেতু তেওঁৰ মদ্যপায়ী স্বামীৰ পৰা বিবাহ বিচ্ছেদ কৰি ৰবিক বিয়া কৰাই দিয়াৰ আগতে তেওঁ পত্নীৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল। পিতৃত্বৰ সত্যতা জানিব পাৰি অনিকেত মাতৃৰ প্ৰতি বিতৃষ্ণাত ভুগে।

ৰবি শ্ৰীকান্তৰ সৈতে মুখামুখি হয় আৰু তেওঁৰ বহু বিবাহ-বহিৰ্ভূত প্ৰেমৰ কথা সোঁৱৰাই দিয়ে। শ্ৰীকান্তে তেওঁ মানুহ বুলি কৈ মানি ল’বলৈ অস্বীকাৰ কৰে আৰু তেওঁ সেই বিষয়বোৰৰ পৰা জন্ম হোৱা কোনো সন্তানক ঘৰলৈ অনা নাছিল।

শ্ৰীকান্তে সিদ্ধান্ত লয় যে তেওঁ অদিতিৰ লগত থাকিব, কিন্তু তেওঁলোকৰ মাজত কোনো পতি-পত্নীৰ সম্পৰ্ক নাথাকিব। অনিকেতৰ ভাবী পত্নী ৰেৱতীয়ে সত্যটো গম পোৱাৰ পিছত বৈবাহিক বান্ধোন ছিঙি পেলায়। তেওঁ ধাৰণা হয়, অনিকেতো তেওঁৰ পিতৃৰ দৰেই।

মেঘনাই অদিতিক লগত লৈ গোৱালৈ যোৱাৰ সিদ্ধান্ত লয়, কিন্তু অদিতিয়ে অস্বীকাৰ কৰে। ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁৰ কথা শুনিবলৈ স্বামী আৰু পুত্ৰৰ উপস্থিতি দাবী কৰে। তেওঁ উল্লেখ কৰিছে যে কেনেকৈ তাইৰ দুৰ্বলতাক পাপ বুলি কোৱা হয়, আনহাতে শ্ৰীকান্তৰ দুৰ্বলতাক সহজে গ্ৰহণ কৰা হয়। তেওঁৰ দুৰ্বলতা মানি লোৱাৰ কৰ্তৃত্ব কাৰ আছে বুলি তাই প্ৰশ্ন কৰে। অদিতিয়ে শ্ৰীকান্তৰ আগত প্ৰকাশ কৰে যে তেওঁৰ পৰা আন এটা কথা গোপনে ৰখা হৈছে যে তেওঁ এজন নপুংসক আৰু সেইবাবেই তেওঁৰ লগত সন্তান জন্ম দিব পৰা নাছিল আৰু সন্তান নাথাকিলে কেনেকৈ তেওঁক বন্ধ্যা বুলি লেবেল লগোৱা হ’লহেঁতেন। ৰেৱতীয়ে অনিকেতক ধমক দি কয় যে তেওঁ জীয়াই আছে কাৰণ তেওঁৰ মাকে অন্য সিদ্ধান্ত লোৱা নাছিল। চিনেমাখনৰ শেষত ৰেৱতী আৰু অদিতি ঘৰৰ পৰা ওলাই ৰাস্তাত খোজ কাঢ়ি যোৱাৰ সময়ত শ্ৰীকান্ত আৰু অনিকেত দুৱাৰমুখত থিয় হৈ তেওঁলোক যোৱালৈ চাই থাকে।

উপসংহাৰৰ দৃশ্যই অস্তিত্বৰ সাৰমৰ্মক ধৰি ৰাখে।[6]

প্ৰযোজনা[সম্পাদনা কৰক]

মুখ্য অভিনেত্ৰীৰ চৰিত্ৰটোৰ বাবে প্ৰথমে মাধুৰী দীক্ষিতক প্ৰস্তাৱ দিয়া হৈছিল। তেওঁ এই প্ৰস্তাৱ নাকচ কৰাত ছবিখনলৈ টাবুৰ আগমন ঘটে।[7]

কাহিনীটো মোঁপাছাৰ উপন্যাস "পিয়েৰ এট জিন"ৰ আধাৰত ৰচনা কৰা হৈছে। এইখন উপন্যাসৰ ভিত্তিত ১৯৪৩ চনৰ ফৰাচী ছবি পিয়েৰ এণ্ড জিন, ১৯৫২ চনৰ মেক্সিকান চিনেমা Una mujer sin amor আৰু ২০১৫ চনৰ আমেৰিকান ড্ৰামা ছবি পিটাৰ এণ্ডজন নিৰ্মাণ কৰা হৈছিল।[8]

কলা-কুশলী[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

  1. "চল চলি মেৰে চাংগ চাংগ" - সুখৱিন্দৰ সিং
  2. "গানা মেৰে বাছ কি বাত নেহি" - সাধনা সৰগম, শংকৰ মহাদেৱন
  3. "গানা মেৰে বাছ কি বাত নেহি v2" - সাধনা সৰ্গম, শংকৰ মহাদেৱান
  4. "কিতনে কিচ্চে হে তেৰে মেৰে" - হেমা চৰ্দেছাই
  5. "মেই থি মেই হুন" - কবিতা কৃষ্ণমূৰ্তি
  6. "সবছে পেহলে সংগীত বানা" - কবিতা কৃষ্ণমূৰ্তি, সুখৱিন্দৰ সিং
  7. "অস্তিত্বৰ আত্মা" - N/A
  8. "জিন্দাগী ক্যা বাত হেই" - সুখৱিন্দৰ সিং

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Astitva Box Office Collection till Now | Box Collection" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/movie/astitva/box-office/। আহৰণ কৰা হৈছে: 2023-12-12. 
  2. "48th National Film Awards". http://pib.nic.in/focus/foyr2001/fomar2001/fo270320012b.html. 
  3. "Film Review: Astitva" (en-IN ভাষাত). The Hindu. 2000-10-13. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-miscellaneous/tp-others/film-review-astitva/article28048420.ece. 
  4. Singh, Shikha (2016-11-04). "Top 5 Performances by Tabu" (en-US ভাষাত). BookMyShow. https://in.bookmyshow.com/entertainment/movies/top-5-performances-by-tabu/। আহৰণ কৰা হৈছে: 2019-06-25. 
  5. "From 'Maachis' To 'Andhadhun', Here's Why Tabu Is One Of The Most Versatile Actors Of Our Time". www.scoopwhoop.com. October 2018. https://www.scoopwhoop.com/amp/tabu-greatest-actress-of-our-generation/। আহৰণ কৰা হৈছে: 2019-06-25. 
  6. "indiafm.com". 13 August 2011. http://www.indiafm.com/movies/cast/6526/index.html/. 
  7. "Casting chronicle: One's miss is another's hit". India Today. http://indiatoday.intoday.in/gallery/casting-chronicle-2-states-baazigar-darr-munna-bhai-arjun-kapoor-imran-khan/1/11687.html#photo5। আহৰণ কৰা হৈছে: 2014-05-05. 
  8. "Pierre and Jean (1943)" (en ভাষাত). en.unifrance.org. https://en.unifrance.org/movie/4073/pierre-and-jean#। আহৰণ কৰা হৈছে: 2022-05-10.