অৰুণমণি চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা।[1] তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।[1]

জন্ম আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অৰুণমণি চৌধুৰীৰ জীৱনসংগী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়পদাৰ্থ বিজ্ঞান বিভাগৰ এমেৰিটাছ অধ্যাপক ড‍০ ভূমিধৰ চৌধুৰী[2]

শিক্ষা[সম্পাদনা কৰক]

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চৌধুৰীয়ে ইংলেণ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[1]

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত চৌধুৰীয়ে নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

অৰুণমণি চৌধুৰীয়ে ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা পদত নিযুক্তি লাভ কৰে। কেইবাগৰাকীও গৱেষক ছাত্ৰ ছাত্ৰীৰ তত্বাৱধায়ক হিচাপে আছিল অৰুণমণি চৌধুৰী।[1] তেখেত বিভাগৰ মুৰব্বী অধ্যাপক হয়।১৯৮৮ চনত চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020. 
  2. "Noted physicist passes away". ২৮ আগষ্ট, ২০১৯. http://www.assamtribune.com/scripts/mdetails.asp?id=aug2819/city051। আহৰণ কৰা হৈছে: 7 June 2020. [সংযোগবিহীন উৎস]