সমললৈ যাওক

অৰ্শদ নাদীম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্শদ নাদীম

২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত নাদীম
ব্যক্তিগত তথ্যাৱলী
জন্ম ২ জানুৱাৰী, ১৯৯৭ (২৯ বছৰ)
খানেৱাল, পঞ্জাৱ পাকিস্তান[1]
উচ্চতা ১.৮৭ মি
ওজন ৯৫ কেজি
ক্ৰীড়া
ক্ৰীড়া এথলেটিকছ
শিতান যাঠি দলিওৱা
প্ৰশিক্ষক টেৰ্চিয়াছ লিবেনবাৰ্গ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ৯২.৯৭ মি (২০২৪)[2]
১২ আগষ্ট ২০২২-ত নবীকৰণ কৰা হৈছে।

অৰ্শদ নাদীম (ইংৰাজী: Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।[1] অলিম্পিক [3] আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।[4] ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ৯০.১৮ মিটাৰ নিক্ষেপ কৰি এক নতুন ৰাষ্ট্ৰীয় আৰু কমনৱেলথ গেমছ অভিলেখ গঢ়ি তোলে আৰু দক্ষিণ এছিয়াৰ পৰা ৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

আৰম্ভণি

[সম্পাদনা কৰক]

২০১৫ চনৰ পৰা তেওঁ জেভেলিন থ্ৰ' ইভেণ্টৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত নাদীমে ৱৰ্ল্ড এথলেটিকছৰ পৰা বৃত্তি লাভ কৰে যাৰ ফলত তেওঁ মৰিচাছৰ আইএএএফ হাই পাৰফৰমেন্স ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰে।[6]

২০১৭ চনৰ মে' মাহত বাকুত অনুষ্ঠিত ইছলামিক ছলিডাৰিটি গেমছত নাদীমে ৭৬.৩৩ মিটাৰ বেষ্ট থ্ৰ'ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।[7] ২০১৮ চনৰ এপ্ৰিল মাহত তেওঁ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত জেভেলিন থ্ৰ’ ইভেণ্টৰ যোগ্যতা অৰ্জন ৰাউণ্ডত ৮০.৪৫ মিটাৰ দূৰত্বৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠত্ব স্থাপন কৰে। ২০১৮ চনৰ আগষ্ট মাহত তেওঁ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰি ৮০.৭৫ মিটাৰ দূৰত্বত আন এক নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।[8] ২০১৮ চনৰ কমনৱেলথ গেমছৰ অন্ত পৰাৰ পিছত তেওঁৰ পিঠিৰ আঘাতো হৈছিল।[6]

২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত[9] কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা একমাত্ৰ পাকিস্তানী খেলুৱৈ হিচাপে নাদীম ৮১.৫২ মিটাৰ দৌৰৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ অৰ্জন কৰে।[10] ২০১৯ চনৰ নৱেম্বৰ মাহত পেছাৱাৰত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় গেমছত নাদীমে ৮৩.৬৫ মিটাৰ দূৰত্বলৈ যাঠি নিক্ষেপেৰে সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।[11] ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নেপালত অনুষ্ঠিত ১৩ সংখ্যক দক্ষিণ এছিয়ান গেমছত ৮৬.২৯ মিটাৰ খেলৰ অভিলেখ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰে।[12]

অলিম্পিক ২০২০

[সম্পাদনা কৰক]

২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তানক প্ৰতিনিধিত্ব কৰি অলিম্পিকত তেওঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে আৰু অলিম্পিকৰ বাবে প্ৰত্যক্ষ অৰ্হতা লাভ কৰা প্ৰথমজন পাকিস্তানী ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়।[13][14] তেওঁৰ পিতৃৰ মত অনুসৰি অলিম্পিকত অংশগ্ৰহণ কৰাৰ আগতে অৰ্শদক আনকি এটা ভাল প্ৰশিক্ষণ ক্ষেত্ৰৰ সুবিধাও প্ৰদান কৰা হোৱা নাছিল।[15] অৰ্শদে নিজৰ ঘৰৰ চোতাল আৰু ৰাজপথত প্ৰশিক্ষণ লৈছিল আৰু টকিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ পাকিস্তান চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাছিল।[16]

২০২১ চনৰ ৪ আগষ্টত তেওঁ ২০২০ চনৰ টকিঅ' অলিম্পিকৰ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।[17][18] অলিম্পিকৰ ইতিহাসৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী হিচাপে পৰিগণিত হয়। তেওঁ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত ৮৪.৬২ মিটাৰ থ্ৰ'ৰে পঞ্চম স্থান দখল কৰে।[19][20]

২০২২ চনৰ জুলাই মাহৰ ভিতৰত পাকিস্তানৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে নাদীমে আমেৰিকাৰ অৰেগনৰ ইউজিনত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। কঁকালত আঘাত পোৱা খেলুৱৈ জনে ৮৬.১৬ মিটাৰ নিক্ষেপ কৰি ৫ম স্থান লাভ কৰে।[21] এইটোও আছিল তেওঁৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'।[22][23]

২০২২ চনৰ ৭ আগষ্টত তেওঁ পাকিস্তানৰ হৈ ২০২২ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ পঞ্চম প্ৰচেষ্টাত ৯০.১৮ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িলে, প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছৰ ৮৮.৬৪ ৰ প্ৰচেষ্টাক অতিক্ৰম কৰি। ইফালে ৯০ মিটাৰ দৈৰ্ঘ্যৰ সীমা অতিক্ৰম কৰা প্ৰথমজন দক্ষিণ এছিয়ান হিচাপেও পৰিগণিত হয়।[5][24]

২০২২ চনৰ ১২ আগষ্টত ২০২১ চনৰ ইছলামিক ছলিডাৰিটি গেমছত পাকিস্তানৰ হৈ আন এক সোণৰ পদক লাভ কৰিছিল। তেওঁ ৮৮.৫৫ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িছিল, যাৰ ফলত ৬ দিনৰ ভিতৰত এইটো তেওঁৰ ২য় সোণৰ পদক হিচাপে পৰিগণিত হৈছিল। [25]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "World Athletics Profile". https://www.worldathletics.org/athletes/pakistan/arshad-nadeem-14698105.
  2. "Arshad Nadeem Sets Olympic Record with 92.97m Javelin Throw" (en ভাষাত). Olympics. https://www.olympics.com/news/arshad-nadeem-throws-92-97m-to-win-javelin-gold আহৰণ কৰা হৈছে: 2024-08-11.[সংযোগবিহীন উৎস]
  3. "Arshad Nadeem — from Mian Channu to Pakistan's hope for Olympic glory" (en ভাষাত). dawn.com. 2021-08-07. https://www.dawn.com/news/1639164 আহৰণ কৰা হৈছে: 2021-08-07.
  4. "World Athletics Championships: Arshad makes history, qualifies for final" (en ভাষাত). Express Tribune. July 22, 2022. https://tribune.com.pk/story/2367238/world-athletics-championships-arshad-makes-history-qualifies-for-final আহৰণ কৰা হৈছে: July 24, 2022.
  5. 1 2 Desk, The Bridge (2022-08-08). "Watch: Arshad Nadeem becomes first South Asian to breach 90m mark" (en ভাষাত). thebridge.in. https://thebridge.in/commonwealth-games/arshad-nadeem-90m-javelin-throw-watch-34351 আহৰণ কৰা হৈছে: 2022-08-07.
  6. 1 2 "Athletics – Nadeem Arshad – Tokyo 2020 Olympics" (en-us ভাষাত). Tokyo Organising Committee of the Olympic and Paralympic GamesOlympics.com/tokyo-2020/. Archived from the original on 2021-08-07. https://web.archive.org/web/20210807174321/https://olympics.com/tokyo-2020/olympic-games/en/results/athletics/athlete-profile-n1309642-nadeem-arshad.htm আহৰণ কৰা হৈছে: 2021-08-07.
  7. "Arshad claims javelin bronze for Pakistan in Baku". Dawn. May 20, 2017. https://www.dawn.com/news/1334171/.
  8. "Nadeem Arshad wins bronze for Pakistan in Asian Games". The News International. 27 August 2018. https://www.thenews.com.pk/latest/360220.
  9. "Only one Pakistani athlete to compete in Doha". Dawn. September 17, 2019. https://www.dawn.com/news/1505704.
  10. "Javelin Throw Series Result | IAAF World Athletics Championships, DOHA 2019 | iaaf.org". www.iaaf.org. https://www.iaaf.org/competitions/iaaf-world-championships/iaaf-world-athletics-championships-doha-2019-6033/results/men/javelin-throw/qualification/series আহৰণ কৰা হৈছে: 2019-10-05.
  11. "Arshad Nadeem, Maria Maratab set new national records". The News International. November 15, 2019. https://www.thenews.com.pk/print/568917.
  12. "South Asian Games: Pakistan add four gold medals, takes tally to 24". Geo News. December 7, 2019. https://www.geo.tv/latest/260727.
  13. "Hometown celebrates Arshad's qualification" (en ভাষাত). The Nation. 2021-08-04. https://nation.com.pk/05-Aug-2021/hometown-celebrates-arshad-s-qualification আহৰণ কৰা হৈছে: 2021-08-07.
  14. "Pakistani athletes Arshad Nadeem, Najma Parveen off to Tokyo for Olympics 2020" (en ভাষাত). www.geo.tv. https://www.geo.tv/latest/361177-pakistani-athletes-arshad-nadeem-najma-parveen-leave-for-tokyo-olympics-2020 আহৰণ কৰা হৈছে: 2021-08-07.
  15. "Arshad Nadeem, Olympic javelin finalist, practiced with no ground, says fath" (en-US ভাষাত). www.geosuper.tv. https://www.geosuper.tv/latest/9295-arshad-nadeem-olympic-javelin-finalist-practiced-with-no-ground আহৰণ কৰা হৈছে: 2021-08-07.
  16. "Olympic finalist Arshad Nadeem did not even have a ground to practice, claims father" (en ভাষাত). Geo.tv. 2021-08-04. https://www.geo.tv/latest/363466-the-government-provided-no-support-arshad-nadeems-father আহৰণ কৰা হৈছে: 2021-08-07.
  17. "Tokyo Olympics: Pakistan's javelin thrower Arshad Nadeem makes history" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/latest/873166-tokyo-olympics-pakistans-javelin-thrower-arshad-nadeem-qualifies-for-final-round আহৰণ কৰা হৈছে: 2021-08-07.
  18. "Arshad Nadeem, Pakistan's last Olympics medal hope, qualifies for javelin throw final" (en ভাষাত). Brecorder. 2021-08-04. https://www.brecorder.com/news/40111115 আহৰণ কৰা হৈছে: 2021-08-07.
  19. "Tokyo Olympics: Pakistan's Arshad Nadeem misses out on medal but wins nation over" (en ভাষাত). www.geo.tv. https://www.geo.tv/latest/363989-tokyo-olympics-all-eyes-on-pakistans-arshad-nadeem-in-javelin-throw-final-today আহৰণ কৰা হৈছে: 2021-08-07.
  20. "Javelin throw at Tokyo Olympics: Arshad Nadeem misses out on medal, finishes 5th" (en ভাষাত). dawn.com. 2021-08-07. https://www.dawn.com/news/1639312 আহৰণ কৰা হৈছে: 2021-08-07.
  21. "Arshad Nadeem finishes fifth in World Championships javelin final" (en ভাষাত). Business Recorder. July 24, 2022. https://www.brecorder.com/news/40187821 আহৰণ কৰা হৈছে: July 24, 2022.
  22. "JAVELIN THROW MEN FINAL RESULT" (en ভাষাত). worldathletics.org/. July 23, 2022. https://www.worldathletics.org/competitions/world-athletics-championships/oregon22/results/men/javelin-throw/final/result আহৰণ কৰা হৈছে: July 24, 2022.
  23. "Arshad finishes fifth, misses out on medal" (en ভাষাত). Express Tribune. July 24, 2022. https://tribune.com.pk/story/2367607/arshad-finishes-fifth-misses-out-on-medal আহৰণ কৰা হৈছে: July 24, 2022.
  24. "Arshad Nadeem won gold medal, made history at Commonwealth Games 2022". https://www.tribunewired.com/2022/08/07/arshad-nadeem-won-gold-medal-made-history-at-commonwealth-games/.
  25. "Arshad Nadeem Bags Another Gold At 2022 Islamic Games In Konya" (en-US ভাষাত). 2022-08-12. https://www.tribunewired.com/2022/08/12/arshad-nadeem-bags-another-gold-at-2022-islamic-games-in-konya/ আহৰণ কৰা হৈছে: 2022-08-12.