অৱা নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৱা নৃত্য (ইংৰাজী: Owa Dance) ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠী মগসকলৰ পৰম্পৰাগত “অৱা উৎসৱ’’ৰ লগত পৰিৱেশিত নৃত্য৷ অৱশ্যে এই নৃত্য বৰ্তমান সময়ত লুপ্তপ্ৰায়৷ “অৱা চো লাব্ৰে’’ নামৰ বুদ্ধদেৱৰ পূজাৰ সময়ত সম্ভৱতঃ এই নৃত্য পৰিৱেশন কৰা হৈছিল৷ এই অৱা উৎসৱ সমগ্ৰ মগ জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ৷ এই উৎসৱত লোকগীত আৰু লোকনৃত্যৰ সংমিশ্ৰণ ঘটিছিল৷ মগসকল ঝুম খেতিৰ ওপৰত নিৰ্ভৰশীল৷[1] ত্ৰিপুৰাত মুঠ ১৯টা জনগোষ্ঠী আছে৷[2] প্ৰত্যেক জনগোষ্ঠীৰ সুকীয়া সুকীয়া পৰম্পৰাগত লোকগীত, লোকনৃত্য আছে৷ “অৱা নৃত্য’’ ত্ৰিপুৰাৰ মগ জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰাচীন লোকনৃত্য৷[3] এই মগ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ অন্যতম পৰম্পৰাগত ছংগ্ৰাই নৃত্যও পৰিৱেশন কৰে। মগসকল সাধাৰণতে বৌদ্ধ ধৰ্মাৱলম্বী আৰু তেওঁলোকে অৱা-চো-লাব্ৰে নামে তেওঁলোকৰ অন্যতম প্ৰধান বৌদ্ধ উৎসৱ পালন কৰে৷ এই উৎসৱকে “অৱা উৎসৱ’’ নামে জনা যায়৷ তেওঁলোকে অসমীয়া আহিন মাহৰ পূৰ্ণিমাৰ দিনা “অৱা উৎসৱ’’ পালন কৰে৷ সেইদিনা মগসকলৰ নাৰী পুৰুষ উভয়ে বৌদ্ধ মন্দিৰত দিনত উপস্থিত থাকে, আৰু সন্ধিয়া পৰত ওচৰৰ নদীত কাগজৰ নাও বা খেলনা নাও উটুৱাই দিয়ে৷ [4] [5] ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠীসকলৰ কলা-সংস্কৃতি, জাতীয় পৰম্পৰা আদি নানা ধৰণৰ বিপৰ্যয়ৰ বাবে অনেকখিনি বিলুপ্ত হৈছিল, কিন্তু বৰ্তমান মগ সমাজৰ যুৱ-প্ৰজন্মৰ চেষ্টাত বহু লুপ্ত সংস্কৃতি পুনৰুদ্ধাৰ কৰা সম্ভৱ হৈছে৷ তেওঁলোকে ক্যাং পূজা নামেৰে প্ৰধান উপাস্য দেৱতা বুদ্ধদেৱৰ পূজা কৰিছিল আৰু সেই উপলক্ষে ফোৰাৰিখো বা বুদ্ধদেৱৰ বন্দনা কৰি নৃত্য কৰিছিল৷ এই পূজাত তেওঁলোকে ভগৱানৰ পৰা সুখ, স্বাচ্ছন্দ্য আৰু সমৃদ্ধি কামনা কৰে৷ জাতীয় পোছাক যেনে, ছোৱালীবোৰে খুবই (কঁকালৰ পৰা ভৰিলৈ আগুৰা) আৰু ব্লাউজ আৰু ল’ৰাবোৰে খইয়ক বা ধুতি আৰু চাৰ্ট পিন্ধি ডুং আৰু আগা নামৰ যোৰা ঢোল আৰু বাঁহীৰ ছেঁৱত ল’ৰা-ছোৱালী উভয়েই নৃত্য কৰে৷ আজিকালি অৱশ্যে আধুনিক বাদ্য, যেনে হাৰমণিয়াম আৰু ক্লেৰিওনেট সংগত কৰা দেখা যায়৷ মগসকলে তেওঁলোকৰ এই জাতীয় নৃত্য উৎসৱৰ বাহিৰে ৰজা বা ৰাজন্যবৰ্গৰ আগত প্ৰদৰ্শন কৰিছিল, বৰ্তমান সামাজিক অনুষ্ঠানতো কৰে৷ অৱা উৎসৱৰ বাহিৰে তেওলোকে “কল্পতৰু উৎসৱো’’ পালন কৰে৷ এই উৎসৱত বিয়াচা আৰু পংখু আঁকা নামৰ নৃত্য পৰিৱেশন কৰে৷ পংখু আঁকা নৃত্যত চাৰিজনী ছোৱালী চাৰিওকোণত থিয় হৈ এখন হাতত ৰুমাল লৈ আৰু এখন হাত কঁকালত থৈ ভৰি দুখন সমভাবে ৰাখি চাৰি মাত্ৰাৰ ছন্দত ৰুমাল ঘূৰাই নৃত্য কৰে৷ বিয়াচা নৃত্য কেৱল ল’ৰাই কৰে৷ প্ৰথমে ল’ৰাই গৈ ছোৱালীসকলক সাঁথৰ সোধে আৰু তাৰ উত্তৰ ল’ৰাহঁতেই দি গান গাই ল’ৰাহঁতে নাচে৷ [2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. https://trci.tripura.gov.in/mog
  2. 2.0 2.1 চক্ৰৱৰ্তী, শ্ৰীমতী (ড°) পদ্মিনী (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য : একটি সমীক্ষা. Directorate of Research, Government of Tripura. পৃষ্ঠা. ৮. 
  3. https://www.dbuniversity.ac.in/location/tripura.html
  4. Dey, Kallol (7 January 2018). "Sangrai dance from Tripura to debut at Rajpath on Republic Day". The Indian Express. https://indianexpress.com/article/north-east-india/tripura/sangrai-dance-from-tripura-to-debut-at-rajpath-on-republic-day-5011526/। আহৰণ কৰা হৈছে: 31 December 2018. 
  5. https://diligentias.com/tripura-states-information-and-important-facts/