আকিৰা কুৰোছাৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকিৰা কুৰোছাৱা
黒澤 明 or 黒沢 明
জন্ম ২৩ মাৰ্চ, ১৯১০
শ্বিনাগাৱা, ট'কিঅ', জাপান
মৃত্যু ৬ ছেপ্টেম্বৰ, ১৯৮৮
ছেটাগাৱা, ট'কিঅ', জাপান
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক
সক্ৰিয় হৈ থকা সময় ১৯৩৬-১৯৯৩
দাম্পত্যসঙ্গী য়'ক' য়াগুচি (১৯৪৫-১৯৮৫); দুগৰাকী সন্তান

আকিৰা কুৰোছাৱা (ইংৰাজী: Akira Kurosawa জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। কাৰ্য্যৰত ৫৭-টা বছৰত তেখেতে ৩০ খন চলচিত্ৰ নিৰ্মান কৰে।

চমু জীৱনী[সম্পাদনা কৰক]

কুৰোছাৱাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৩ মাৰ্চত। জন্মস্থান আছিল টোকিঅ'ৰ অইমাচি জিলা। এক প্ৰাচীন ছামুৰাই পৰিয়ালৰ বংশধৰ আছিল পিতৃ ইছামু; আৰু মাতৃ ছিমা আছিল এক সম্ভ্ৰান্ত বনিক পৰিয়ালৰ জীয়ৰী। আঠগৰাকী সন্তানৰ শেষৰজন আছিল আকিৰা। পিতৃ ইছামুৱে ছামুৰাই নিয়ম-নীতি আৰু কঠোৰ অনুশাসন মানি চলাত গুৰুত্ব আৰোপ কৰি আহিছিল।[1] একেসময়তে তেখেতে সেই সময়ত জাপানত প্ৰচলিত জাপানী আৰু পাশ্চাত্যৰ ছবি দেখুৱাবলৈ নিজৰ সতি সন্ততিক সততে লৈ গৈছিল। ইছামুৱে বিশ্বাস কৰিছিল যে চলচিত্ৰৰ এটা শিক্ষামূলক দিশ আছে।[2]

মৰিমুৰা গাকুয়েন প্ৰাথমিক বিদ্যালয়ত আকিৰাৰ নাম ভৰ্তি কৰি দিয়া হৈছিল। কিন্তু ধৰা-বন্ধা ৰুটিনৰ মাজৰ শিক্ষাক আকিৰাই বেয়া পাইছিল। আকিৰাৰ নিজৰ লেখনী মতে সেই স্কুলৰ দুটা বছৰ আছিল 'নৰক যন্ত্ৰণাৰ সমান'।[3] পাছত আকিৰাক কুৰোডা প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰি দিয়া হয়। এইখন স্কুলত প্ৰাচীন জাপানী আচাৰ০ব্যৱহাৰ মানি চলা হৈছিল। আকিৰা সৰু কালত 'পেন্দুকনা' স্বভাৱৰ আছিল, যাৰ বাবে সমনীয়াই প্ৰায়েই তেওঁৰ নগুৰ-নাগতি কৰিছিল। এই স্কুলতে পঢ়া দদায়েক হাইগোয়ে আকিৰাৰ মনত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰে। স্কুলৰ কলা বিভাগৰ শিক্ষক 'তাচিকাওৱা ছেইজি'ৰ শ্ৰেণীত আকিৰাই অঁকা এখন ছবিৰ তেখেতে উচ্চ প্ৰশংসা কৰে। সেই ছবিখন আঁকোতে আকিৰাই পেন্সিলডাল ভালকৈ ব্যৱহাৰ কৰিব নাজানি আঙুলিৰে ৰঙ বোলাইছিল। এই ঘটনাৰ পাছতে আকিৰাই স্কুল ভাল পাবলৈ আৰম্ভ কৰে। [4] ছাত্ৰ হিচাপে কুৰোছাৱা আছিল নিম্নখাপৰ। বিজ্ঞান সম্পৰ্কীয় শিক্ষা আহৰণ কৰিবলৈ তেওঁ কষ্ট কৰিবলগীয়া হৈছিল। তেখেতে নিজেই কোৱা মতে আনকি বয়স্ক হোৱাৰ পাছতো বিজ্ঞানৰ প্ৰতি তেখেতৰ ভয় কমি যোৱা নাছিল। [5]

প্ৰাথমিক বিদ্যালয় পৰ্ব সাং কৰি আকিৰা ভৰ্তি হয় কাইকা মাধ্যমিক স্কুলত। এই স্কুলত পঢ়াৰ সময়ত আকিৰাই শাৰীৰিক শিক্ষা বিষয়ত শুন্য নম্বৰ পাই এটা ৰেকৰ্ড সৃষ্টি কৰে। ইয়াতেই ছবি অঁকাৰ প্ৰতিও তেখেতৰ ধাউতি বাঢ়ি আহে। দেউতাকে আকিৰাৰ ছবি অঁকাক উৎসাহ দি আৰ্ট স্কুলত ভৰ্তি হ'বলৈ কয়। আকিৰাৰ মতে প্ৰথাগত শিক্ষা সময়ৰ অপচয় মাথো। তথাপিও দেউতাকৰ কথা মতে তেওঁ আৰ্ট স্কুলত ভৰ্তি হ'বলৈ প্ৰবিশেকা পৰীক্ষা দিয়ে। প্ৰবেশিকা পৰীক্ষাত তেখেত অনুত্তীৰ্ণ হয়। ১৭ বছৰ বয়সত তেখেতে মাধ্যমিক শিক্ষা সাং কৰে। ইতিমধ্যে তেওঁৰ ছবি প্ৰদৰ্শনীত ওলাবলৈ আৰম্ভ কৰিছিল। [6]

এনে সময়তে আহি পৰে ১৯২৮ চন আৰু পৃথিৱী ব্যাপি চলা অৰ্থনৈতিক সংকট। শ্ৰমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে আৰু প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক শাসনে তাক বাধা দিবলৈ কমিউনিষ্ট নেতা সকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। কুৰোছাৱা কিন্তু সেই সময়ত ব্যস্ত আছিল ছবি অঁকা, ৰুছী সাহিত্য পাঠ আৰু বিদেশী ছবি চোৱাত।[7] বেছিদিন আকিৰা সেই আন্দোলনৰপৰা আঁতৰি নাথাকিল। বামপন্থী আন্দোলনৰ লগত তেওঁ জড়িত হৈ পৰে। তেনতে শৰীৰ বেয়া হোৱাৰ বাবে তেওঁ আন্দোলনৰপৰা আঁতৰি আহে আৰু গা টঙাই লোৱাৰ পাছতো তেওঁ আন্দোলনৰ পথলৈ উভতি যাব নুখুজিলে। নিজৰ মতেই তেখেতৰ বামপন্থী বিশ্বাস কেতিয়াও সিমান গাঢ় নাছিল।[8] তেওঁ হেনো বামপন্ধাৰ কিতাপবোৰ ভালকৈ বুজি নাপাইছিল।[9]

এইবাৰ তেওঁ দদায়েক হাইগোৰ ওচৰলৈ যায়। সেই সময়ত হাইগোৱে বিদেশী ছবিৰ ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল ছবি চলি থকা সময়ত নাটকীয় ভাৱে নিৰ্বাক ছবিবোৰৰ কাহিনী বৰ্ণনা কৰা। কুৰোছাৱাই এটা বছৰ তেখেতৰ লগত থাকি বহুতো বিদেশী ছবি চোৱাৰ সুযোগ পায়। সেই সময়তে সবাক ছবিৰ প্ৰচলন ঘটে আৰু ধাৰাভাষ্যকাৰৰ কাম বন্ধ হৈ যায়।[10] আকিৰা আকৌ দেউতাকৰ ওচৰলৈ ঘূৰি আহে আৰু সোনকালেই তেখেতৰ অগ্ৰজ হাইগোৱে আত্মহত্যা কৰে। হাইগোৰ মৃত্যুত চঞ্চল হৈ উঠা আকিৰাই কেবাটাও কাম হাতত লৈ বাদ দিয়ে। ১৯৩৫ চনত বাতৰি-কাকতৰ এটা বিজ্ঞাপন দেখি তেওঁ তাৰ প্ৰত্যুত্তৰত জাপানী ছবিৰ মৌলিক ক্ৰুটিৰ ওপৰত এখন ৰছনা লিখি সেই কোম্পানীলৈ পঠিয়াই দিয়ে। প্ৰথমে ৰছনা, পাছত এখন চিত্ৰনাট্য আৰু শেষত মৌখিক পৰীক্ষাৰ পাছত পি. চি. এল. ষ্টুডিঅ'ত তৃত্বীয় সহকাৰী পৰিচালক হিচাপে তেওঁ নিযুক্তি লাভ কৰে।[11]

প্ৰথমে সহকাৰী পৰিচালকৰ কামত অসন্তুষ্ট হ'লেও 'ইয়ামামাটো কাজিৰো'ৰ (ইয়ামা চান্‌) অধীনত কাম কৰি তেওঁ নতুন জীৱন লাভ কৰে। তেখেতৰ অধীনত কাম কৰিয়েই আকিৰাই তৃত্বীয় পৰিচালকৰপৰা প্ৰধান সহকাৰী পৰিচালক হিচাপে পদোন্নতি লাভ কৰে। 'ইয়ামা চান'ক আকিৰাই নিজৰ শিক্ষক বুলি অভিহিত কৰে। ইয়ামা চানে কুৰোছাৱাক পৰিচালনা, চিত্ৰনাট্য ৰছনা আৰু সম্পাদনাৰ প্ৰাৰম্ভিক শিক্ষা দিয়ে।[12]

১৯৪১ চনত পি.চি.এল ষ্টুডিঅ' বিশাল টোহো কোম্পানী হিচাপে গঢ় লৈ উঠে। এনে সময়তে তেখেতে লিখা দুখন চিত্ৰনাট্যই দুটা পুৰস্কাৰ লাভ কৰে। তাৰ পাছত তেখেতক নিজৰে চিত্ৰনাট্য 'এ জাৰ্মান এট ডাৰুমা টেম্পল'ৰ পৰিচালনাৰ দাবিত্ব দিয়া হয়। ইতিমধ্যে বিশ্বযুদ্ধৰ ৰণদামামা বাজি উঠাৰ বাবে ফিল্ম চেন্সৰ বোৰ্ডে ছবিখন বাতিল কৰি দিয়ে।[13] চেন্সৰ বোৰ্ডক কুৰোছায়াই সদায়ে প্ৰকৃত কলাৰ শত্ৰু জ্ঞান কৰিছিল। আত্মজীৱনীৰ ভালেমান অংশত তেখেতৰ ক্ষোভৰ প্ৰকাশ ঘটিছে।

কুৰোছাৱাই নিৰ্মানৰ বাবে বিবেচনা কৰা দ্বিতীয়খন ছবিও চেন্সৰ বোৰ্ডে বন্ধ কৰি দিয়ে। কিন্তু তৃত্বীয় ছবি 'ছুগাতা ছানছিৰো'ৰ কাম আৰম্ভ হয় ১৯৪২ চনত। চেন্সৰ বোৰ্ডৰ কিছুমান আপত্তি স্বত্তেও ছবি পৰিচালক ওজু-ৰ হস্তক্ষেপত 'ছুগাতা ছানছিৰো'য়ে মুক্তি লাভ কৰিবলে সক্ষম হয়।[14]

১৯৪২ চনৰপৰা ১৯৯৩ চনলৈ আকিৰা কুৰোছাৱাই ৩০ খন ছবি নিৰ্মান কৰিছে। প্ৰায় প্ৰতিখন ছবিয়েই নিজ দেশৰ সীমাৰ বাহিৰতো উচ্চ প্ৰশংসা লাভ কৰি কুৰোছাৱাক কৰি তোলে বিশ্বৰ সৰ্বকালৰ মহান ছবি নিৰ্মাতা আৰু পৰিচালকৰ এজন।


১৯৭১ চনত আৰ্থিক, মানসিক আৰু শাৰীৰিক চাপত ব্যস্ত হৈ কুৰোছাৱাই আত্মহননৰ চেষ্টা কৰে। কিন্তু তেওঁ সেই চেষ্টাত ব্যৰ্থ হয়। কুৰোছাৱা আছিল স্বাধীন চিন্তাৰ প্ৰতিভূ। সেয়ে বাৰে বাৰে তেওঁ চেন্সৰ বোৰ্ডৰ ৰোষত পৰিছিল।

কুৰোছাৱাৰ ছবিসমূহ[সম্পাদনা কৰক]

  • ১. ছানছিৰো ছুগাতা
  • ২. দি মোষ্ট বিউটিফুল
  • ৩. ছানছিৰো ছুগাতা (দ্বিতীয় পৰ্ব)
  • ৪. দা মেন হু ট্ৰেড অন দা টাইগাৰ্‌ছ ট্ৰেইল
  • ৫. নো ৰিগ্ৰেটছ ফৰ আৱাৰ ইউথ
  • ৬. ওৱান ৱাণ্ডাৰফুল ছান্‌ডে
  • ৭. ড্ৰাঙ্কেন এঞ্জেল
  • ৮. দি কোৱায়েট ডুৱেল
  • ৯. ষ্ট্ৰে ডগ
  • ১০. স্কেণ্ডেল
  • ১১. ৰছোমন
  • ১২. দি ইডিয়ট
  • ১৩. ইকিৰু
  • ১৪. ছেভেন ছামুৰাই
  • ১৫. ৰেকৰ্ড অফ এ লিভিং বিং
  • ১৬. দি থ্ৰোণ অফ ব্লাড
  • ১৭. দি লোৱাৰ ডেপ্‌থ্‌ছ
  • ১৮. দি হিডেন ফৰ্ট্ৰেছ
  • ১৯. দি ব্যাড শ্লিপ ৱেল
  • ২০. ইয়াজিম্বো
  • ২১. ছানজুৰো
  • ২২. হাই এণ্ড লো
  • ২৩. ৰেয় বেয়াৰ্ড
  • ২৪. ডোডেস্কাডেন
  • ২৫. দেৰছু উজালা
  • ২৬. কাগেমুছা
  • ২৭. ৰণ
  • ২৮. ড্ৰিম্‌ছ
  • ২৯. ৰেপছ'ডি ইন আগষ্ট
  • ৩০. মাদাদায়ো

তথ্য সমল[সম্পাদনা কৰক]

  • Kurosawa, Akira. "Something like an autobiography". 1981. Vintage Books. ISBN 0394714393
  • পৰিমল মুখোপাধ্যায় . "সম্ৰাট আকিৰা কুৰোশোৱা" (প্ৰবন্ধ সংগ্ৰহ) . ২০০২. সিনে সেন্ট্ৰাল, ক্যালকাটা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. পৰিমল, সম্ৰাট, পৃ. ১০
  2. পৰিমল, সম্ৰাট, পৃ. ১০
  3. পৰিমল, সম্ৰাট, পৃ. ১০
  4. Akira, ১৯৮৩, পৃ. ১৩
  5. পৰিমল, সম্ৰাট, পৃ. ১৩
  6. পৰিমল, সম্ৰাট, পৃ. ১৪
  7. পৰিমল, সম্ৰাট, পৃ. ১৪
  8. পৰিমল, সম্ৰাট, পৃ. ১৫
  9. পৰিমল, সম্ৰাট, পৃ. ১৫
  10. পৰিমল, সম্ৰাট, পৃ. ১৫
  11. পৰিমল, সম্ৰাট, পৃ. ১৭
  12. পৰিমল, সম্ৰাট, পৃ. ১৭
  13. পৰিমল, সম্ৰাট, পৃ. ২১
  14. পৰিমল, সম্ৰাট, পৃ. ২৫