আদিযোগী শিৱ প্ৰতিমূৰ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদিযোগী শিৱ প্ৰতিমূৰ্তি
স্থানাঙ্ক 10°58′21″N 76°44′26″E / 10.972416°N 76.740602°E / 10.972416; 76.740602 (Adiyogi (Isha Yoga Center, India))স্থানাংক: 10°58′21″N 76°44′26″E / 10.972416°N 76.740602°E / 10.972416; 76.740602 (Adiyogi (Isha Yoga Center, India))
অৱস্থান ঈশা যোগ কেন্দ্ৰ, কইম্বাটুৰ, তামিলনাডু, ভাৰত
ডিজাইনাৰ সাধগুৰু জাগ্গী বাসুদেৱ
প্ৰকাৰ মূৰ্তি
পদাৰ্থ তীখা
প্ৰস্থ ৫৪৮
উচ্চতা ৩৪ মিটাৰ (১১২ ফুট)
নিৰ্মাণ সমাপ্তি ২৪ ফেব্ৰুৱাৰী ২০১৭

আদিযোগী শিৱ প্ৰতিমূৰ্তিটো তামিলনাডুৰ থিৰুনামৰ কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত অৱস্থিত। তীখাৰে নিৰ্মিত মূৰ্তিটো ৩৪ মিটাৰ ওখ (১১২ ফুট), ৪৫ মিটাৰ দীঘল (১৪৭ ফুট) আৰু ২৫ মিটাৰ বহল (৮২ ফুট)। ইয়াক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ বিশ্বৰ "সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য" হিচাপে স্বীকৃতি দিয়ে।[1][2] সাধগুৰু জাগ্গী বাসুদেৱে ডিজাইন কৰা, ইয়াৰ ওজন প্ৰায় ৫০০ টন।[3]

আদিযোগীয়ে "প্ৰথম যোগী" বা শংকৰক প্ৰথম যোগী বুলি কোৱা হয়। যোগৰ জৰিয়তে মানুহক অভ্যন্তৰীণ কল্যাণৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

বিৱৰণ[সম্পাদনা কৰক]

আদিযোগী ঈশা যোগ কেন্দ্ৰত অৱস্থিত। ইয়াৰ উচ্চতা, ১১২ ফুট, যোগিক সংস্কৃতিত উল্লেখ কৰা মোক্ষ (মুক্তি) প্ৰাপ্ত কৰাৰ ১১২টা সম্ভাৱনাৰ প্ৰতীক, আৰু লগতে মানৱ ব্যৱস্থাত ১১২টা চক্ৰ।[4][3] যোগেশ্বৰ লিঙ্গ নামৰ এটা লিঙ্গক পৱিত্ৰ কৰি মূৰ্তিটোৰ সন্মুখত ৰখা হৈছে।[5] ভাৰতীয় পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ আনুষ্ঠানিক ইনক্ৰিডিৱল ইণ্ডিয়া অভিযানত প্ৰতিমূৰ্তিটো অন্তৰ্ভুক্ত কৰিছে।[6]

উদ্বোধন[সম্পাদনা কৰক]

আদিযোগী প্ৰতিমূৰ্তিটো ২৪ ফেব্ৰুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰি উপলক্ষে উদ্বোধন কৰিছিল। তেওঁ বাসুদেৱৰ দ্বাৰা লিখা "আদিযোগী: যোগৰ উৎস " নামৰ এখন সহযোগী কিতাপও মুকলি কৰে। প্ৰতিমূৰ্তিটো উন্মোচন উপলক্ষে, "আদিযোগী - যোগৰ উৎস" গানটো ঈশা ফাউণ্ডেচনৰ দ্বাৰা মুকলি কৰা হৈছিল, যিটো কৈলাস খেৰে গাইছিল, আৰু প্ৰসূন যোশীয়ে গীতটো লিখিছিল।[7]

২০১৫ চনত ঈশা ফাউণ্ডেচনৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেচীত আদিযোগীৰ আন এটা ৬.৪ মিটাৰ (২১ ফুট) মূৰ্তি উন্মোচন কৰা হৈছিল, ২,৮০০ মিটাৰ (৩০,০০০ বৰ্গ ফুট) যোগ ষ্টুডিঅ'ৰ অংশ হিচাপে।[8]

আদিযোগী দিব্য দৰ্শনম্‌[সম্পাদনা কৰক]

আদিযোগী দিব্য দৰ্শনম হৈছে থ্ৰিডি লেজাৰ শ্ব', যি আদিযোগীৰ কাহিনী আৰু মানুহক কেনেদৰে যোগবিজ্ঞান প্ৰদান কৰা হৈছিল তাৰ বৰ্ণনা কৰে।[9] ২০১৯ চনত মহা শিৱৰাত্ৰিত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ইয়াক উদ্বোধন কৰে।[10] এইটো এটা ১৪ মিনিটৰ লাইট এণ্ড চাউণ্ড শ্ব, যাক আদিযোগী প্ৰতিমূৰ্তিৰ ওপৰত প্ৰক্ষেপ কৰা হৈছে।[11][12] ২০২০ চনত ই উপাসনা গৃহ শ্ৰেণীত মনোৰঞ্জন প্ৰযুক্তিবিদ্যাৰ বাবে Mondo*dr EMEA & APAC Award for Technology বঁটা লাভ কৰে। .[13][14]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 'Aadiyogi bust' declared world's largest by Guinness Book of World, Hindustan Times, 12 May 2017.
  2. Vincenzo Berghella, Chennai and Coimbatore, India, Page 68.
  3. 3.0 3.1 "Shiva as Adiyogi". Mathrubhumi. 17 February 2017. Archived from the original on 24 February 2017. https://web.archive.org/web/20170224020751/http://english.mathrubhumi.com/news/columns/jaggi-vasudev/shiva-as-adiyogi-sadhguru-jaggi-vasudev-1.1737657. 
  4. "PM Narendra Modi to unveil first 112 feet Shiva idol at Isha Foundation". The Indian Express. 24 February 2017. http://indianexpress.com/article/lifestyle/art-and-culture/isha-foundation-narendra-modi-112-feet-shiva-idols-in-india-4536763/. 
  5. Sadhguru. "The first Guru is born". http://timesofindia.indiatimes.com/edit-page/The-first-Guru-is-born/articleshow/14613783.cms. 
  6. "Maha Shivratri 2017: PM Modi unveils 112-foot Shiva statue in Coimbatore". Daily News Analysis. 24 February 2017. http://www.dnaindia.com/india/report-maha-shivratri-2017-pm-modi-unveils-112-foot-statue-in-coimbatore-hails-health-benefits-of-yoga-2333914. 
  7. "Prasoon Joshi and Kher Collaborate". RadioAndMusic. 23 February 2017. http://www.radioandmusic.com/entertainment/editorial/news/170223-prasoon-joshi-and-kailash-kher-collaborate। আহৰণ কৰা হৈছে: 5 March 2017. 
  8. "21-foot statue of Adiyogi unveiled and consecrated in Tennessee". India Post. 6 October 2015. http://www.indiapost.com/21foot-statue-of-adiyogi-unveiled-and-consecrated-in-tennessee/। আহৰণ কৰা হৈছে: 6 March 2017. 
  9. "12 Things You Probably Didn’t Know About 112-ft Adiyogi" (en ভাষাত). Isha Sadhguru. 2020-02-21. https://isha.sadhguru.org/in/en/blog/article/12-things-about-112-ft-adiyogi। আহৰণ কৰা হৈছে: 2020-10-31. 
  10. Team, DNA Web. "Adi-yogi allows humans to evolve beyond their limitations: President Kovind on Maha Shivaratri | Latest News & Updates at DNAIndia.com" (en ভাষাত). DNA India. https://www.dnaindia.com/india/photo-gallery-adi-yogi-allows-humans-to-evolve-beyond-their-limitations-president-kovind-on-maha-shivaratri-2726461। আহৰণ কৰা হৈছে: 2020-10-31. 
  11. "Adiyogi Divya Darshanam Wins Prestigious Global Award" (en ভাষাত). Isha Sadhguru. 2020-05-12. https://isha.sadhguru.org/in/en/blog/article/adiyogi-divya-darshanam-wins-prestigious-global-award। আহৰণ কৰা হৈছে: 2020-10-31. 
  12. "Adiyogi Divya Darshanam on weekend | Covaipost" (en ভাষাত). Archived from the original on 2020-11-06. https://web.archive.org/web/20201106060129/https://www.covaipost.com/coimbatore/adiyogi-divya-darshanam-on-weekend/। আহৰণ কৰা হৈছে: 2020-10-31. 
  13. "Adiyogi Divya Darshanam Wins Prestigious Global Award" (en ভাষাত). Isha Sadhguru. 2020-05-12. https://isha.sadhguru.org/in/en/blog/article/adiyogi-divya-darshanam-wins-prestigious-global-award। আহৰণ কৰা হৈছে: 2020-10-31. 
  14. "Adiyogi Divya Darshanam, Isha Yoga Centre – EMEA & APAC" (en-GB ভাষাত). Archived from the original on 2020-10-27. https://web.archive.org/web/20201027200918/https://mondodrawards.com/emea-apac/portfolio/adiyogi-divya-darshanam-isha-yoga-centre/। আহৰণ কৰা হৈছে: 2020-10-31.