আনন্দবাজাৰ পত্ৰিকা
প্ৰকাৰ | দৈনিক বাতৰি কাকত |
---|---|
সম্পাদক | Ishani Dutta Ray[1] |
প্ৰতিষ্ঠা | ১৩ মাৰ্চ ১৯২২ |
ভাষা | বাংলা |
মুখ্য কাৰ্যালয় | কলকাতা, পশ্চিম বংগ, ভাৰত |
চাৰ্কোলেচন | 802,289 |
ভগ্নী কাকত | The Telegraph |
OCLC নম্বৰ | 187024438 |
ৱেবছাইট | www |
আনন্দবাজাৰ পত্ৰিকা হ'ল এবিপি গ্ৰুপৰ মালিকানাধীন ভাৰতীয় বাংলা ভাষাৰ দৈনিক কাকত। ইয়াৰ মূল প্ৰতিযোগী বাংলা বাতৰি কাকত সমূহ হৈছে - বৰ্তমান, এই সময়, আৰু সংবাদ প্ৰতিদিন।
ইতিহাস
[সম্পাদনা কৰক]আনন্দবজাৰ পত্ৰিকাৰ যাত্ৰা আৰম্ভ হয় ১৯২২ চনৰ ১৩ মাৰ্চ (২৯ ফাগুন, ১৩২৮)-ৰ পৰা। তেতিয়া দাম আছিল দুপইচা। ১৯১৪ চনত সুৰেশ চন্দ্ৰ মজুমদাৰে প্ৰতিষ্ঠা কৰা ৭১/১ মিৰ্জাপুৰ ষ্ট্ৰীটৰ শ্ৰীগৌৰাংগা প্ৰেছৰ পৰা ছপা হৈছিল। [2] প্ৰথম সংখ্যাটো সম্পূৰ্ণ ৰঙা চিয়াঁহীৰে ছপা হৈছিল। যিটো ব্ৰিটিছ চৰকাৰৰ মুখপাত্ৰ ইংৰাজজনে ‘বিপদৰ সংকেত’ বুলি ভাবিছিল। ইংৰাজজনৰ এই দূৰদৰ্শিতাক প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰি। কাৰণ, আনন্দবজাৰ কাকতখনে দেশৰ স্বাধীনতা অৰ্জনৰ প্ৰতি নিৰ্ভীক আৰু আপোচবিহীন মনোভাৱেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল। [3]
ইণ্টাৰনেট সংস্কৰণ
[সম্পাদনা কৰক]কাকতখনৰ এটা জনপ্ৰিয় ৱেব সংস্কৰণ আছে। ইয়াৰ পূৰ্বৰ সংস্কৰণটো কেৱল ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰৰ জৰিয়তেহে চাব পৰা গৈছিল। কিন্তু ২০১১ চনৰ ১ জুন তাৰিখৰ পৰা চাইটটো ইউনিক’ডলৈ ৰূপান্তৰিত কৰা হৈছে, গতিকে যিকোনো ব্ৰাউজাৰ ব্যৱহাৰ কৰি পঢ়িব পাৰি।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Exit of Anandabazar Patrika Editor Heightens Concerns of Press Freedom, Staff Cutbacks". The Wire. https://thewire.in/media/exit-of-anandabazar-patrika-editor-heightens-concerns-of-press-freedom-staff-cutbacks। আহৰণ কৰা হৈছে: 7 June 2020.
- ↑ "শতবৰ্ষেৰ ক্ৰোড়পত্ৰ - আনন্দ শতক". ২০২২-০৩-১৭. https://mepaper.anandabazar.com/imageview_62178_104323724_4_72_18-03-2022_12_i_1_sf.html। আহৰণ কৰা হৈছে: ২০২২-০৩-১৭.
- ↑ "Anandabazar Patrika - About Us". www.anandabazar.com. https://www.anandabazar.com/aboutus?ref=home-footer। আহৰণ কৰা হৈছে: 2020-04-09.