আনন্দমঠ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আনন্দমঠ  
আনন্দমঠ (দ্বিতীয় সংস্করণ, ১৮৮৩).djvu
আনন্দমঠৰ দ্বিতীয় সংস্কৰণত প্ৰথম পৃষ্ঠা
লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা বঙালী ভাষা
প্ৰকাৰ জাতীয়তাবাদ
প্ৰকাশক ৰামানুজন ইউনিভাৰ্চিটি প্ৰেছ, ভাৰত
প্ৰকাশ ১৮১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৩৩৬ খন

আনন্দমঠ উনবিংশ শতিকাৰ বিখ্যাত সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি বঙালী উপন্যাস। ইয়াক বঙালী আৰু ভাৰতীয় সাহিত্যৰ অন্যতম গুৰুত্বূপূৰ্ণ উপন্যাস হিচাপে আখ্যা দিয়া হৈছে।[1] ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ আনন্দমঠ উপন্যাসৰ অংশ। ভাৰত বৃটিছ শাসন অধীনৰ সময়ছোৱাত ১৮৮৪ চনত এই উপন্যাস ৰচনা কৰা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই উপন্যাসৰ ৰচিত কাহিনীৰ যথেষ্ট ভূমিকা আছে। এই উপন্যাস প্ৰিন্টিংৰ বিৰুদ্ধে বৃটিশ চৰকাৰ আইন পাছ কৰি বাধা দিছিল যদিও হস্তলিখিত প্ৰতিলিপি প্ৰতিটো স্বাধীনতা সংগ্ৰামীৰ মাজত গোপনত বিতৰণ হৈ আছিল। ১৭৭৩ চনত সংঘটিত সন্ন্যাসী আন্দোলনক ভিত্তি কৰি এই উপন্যাস ৰচনা কৰা হৈছে। অনুমান কৰা হয় যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় বৃটিছ চৰকাৰৰ অধীনত চাকৰি কৰাৰ সময়তেই বন্দে মাতৰম্‌ ৰচনা কৰাৰ কথা ভাবিছিল। কিন্তু তেঁও কোন চনত গীতটো ৰচনা কৰিছিল সেই সময় সঠিক ভাবে জানা নাযায়। ১১৮৪ চনত আনন্দমঠ উপন্যাসত প্ৰথমবাৰ গীতটো প্ৰকাশিত কৰা হয়।

কাল্পনিক চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • মহেন্দ্ৰ সিংহ: পদচিহ্ন গাঁওৰ এজন ধনবান জমিদাৰ। তেঁওৰ পত্নীৰ নাম কল্যাণী আৰু কন্যাৰ নাম সুকুমাৰী। দুৰ্ভিক্ষৰ ফলত তেঁও পত্নী আৰু কন্যা সৈতে পদচিহ্ন গ্ৰাম ত্যাগ কৰি ভিন্ন স্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। পথত দস্যু আক্ৰমণ কৰিলে সন্ন্যাসী সত্যানন্দ, কল্যাণী আৰু সুকুমাৰীক ৰক্ষা কৰে। মহেন্দ্ৰ সিংহ, সন্ন্যাসী সত্যানন্দৰ শৰণত আনন্দমঠত উপস্থিত হৈ ভাৰত মাতৃক স্বাধীন কৰিবলৈ নিজক উৎসৰ্গ কৰাৰ শপথ গ্ৰহণ কৰে।
  • সন্ন্যাসী সত্যানন্দ: আনন্দমঠৰ প্ৰধান গুৰুদেৱ, প্ৰতিষ্ঠাপক আৰু ভাৰতবৰ্ষত বৃটিছ শাসনৰ বিৰোধিতা কৰা গোষ্ঠীৰ দলপতি।
  • ভবানন্দ: এজন বীৰ সেনাপতি যাৰ বৃটিছৰ লগত যুদ্ধৰ সময়ত মৃত্যু হয়।
  • জীবানন্দ: সত্যানন্দৰ দক্ষ আৰু প্ৰিয় শিষ্য।
  • শান্তি: এজন উচ্চশিক্ষিতা ব্ৰাহ্মণ কন্যা। তেঁও আনন্দমঠত যোগদানকাৰী প্ৰথম আৰু একমাত্ৰ মহিলা। জীবানন্দ তেঁওৰ স্বামী। যুদ্ধত জীবানন্দ গুৰুতৰ ভাবে আহত হলে শান্তি তেঁওক ৰক্ষা কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Julius, Lipner (2005). Anandamath. প্ৰকাশক Oxford, UK: OUP. পৃষ্ঠা. 27–59. ISBN 978-0-19-517858-6.