আব্ৰাহাম লিংকন
আব্ৰাহাম লিঙ্কন | |
---|---|
![]() | |
জন্ম | ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰী কেনটাকী অঞ্চল,আমেৰিকা |
মৃত্যু | ১৮৬৫ চনৰ ১৫ এপ্ৰিল Peterson House, আমেৰিকা |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
নাগৰিকত্ব | আমেৰিকান |
শিক্ষা | স্ব-শিক্ষিত |
সহযোগী | মেৰী টোড |
সন্তান | ৩ জন(ল'ৰা) |
আব্ৰাহাম লিঙ্কন (ইংৰাজী: Abraham Lincoln) (১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮৬৫ চনৰ ১৫ এপ্ৰিললৈকে) হৈছে এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]আব্ৰাহাম লিঙ্কনৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ কেনটকী অঞ্চলৰ হুযেন্সভিল নামৰ ঠাইৰ সৰু কাঠৰ ঘৰ এটাত। আব্ৰাহাম লিঙ্কনৰ দেউতাকৰ নাম আছিল টমাছ লিঙ্কন আৰু মাকৰ নাম আছিল নেঞ্চি হেংকছ।[1]
শিক্ষা
[সম্পাদনা কৰক]লিংকন মুখ্যতঃ স্ব-শিক্ষিত আছিল। তেওঁৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা ইণ্টাৰেণ্ট শিক্ষকসকলৰ পৰা হৈছিল। ইয়াত কেণ্টুকীত দুটা চমু কাৰ্যকাল অন্তৰ্ভুক্ত আছিল, য'ত তেওঁ পঢ়িবলৈ শিকিছিল কিন্তু সম্ভৱতঃ লিখিব নোৱাৰিছিল, সাত বছৰ বয়সত, আৰু ইণ্ডিয়ানাত, য'ত তেওঁ খেতিৰ কামৰ বাবে বিক্ষিপ্তভাৱে বিদ্যালয়লৈ গৈছিল, 15 বছৰ বয়সলৈ মুঠ 12 মাহতকৈ কম সময়ৰ বাবে। তেওঁ এজন উৎসাহী পাঠক হিচাপে অটল আছিল আৰু শিকাৰ প্ৰতি আজীৱন আগ্ৰহ বজাই ৰাখিছিল। পৰিয়াল, চুবুৰীয়া আৰু স্কুলীয়া সহপাঠীসকলে মনত পেলাইছিল যে তেওঁৰ পঢ়াৰ ভিতৰত আছিল ৰজা জেমছ বাইবেল, এচপৰ ফেবলচ,জন বুনিয়ানৰ দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ, ডেনিয়েল ডেফ'ৰ ৰবিনছন ক্ৰুচো আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ আত্মজীৱনী।[1]
চাকৰি জীৱন
[সম্পাদনা কৰক]তেওঁ ডাকঘৰৰ পোচমাষ্টৰৰ চাকৰি কৰিছিল। তাৰ পাছত তেওঁ সহকাৰী জৰীপ কৰ্মচাৰীৰ চাকৰি কৰিছিল নিও চালেমত। তেওঁ সফল আইনৈগ্য হিচাপে পৰিগণিত হৈছিল। তাৰ পাছতে তেওঁ ৰাজনৈতিক পেক্ষাপতত ভৰি দি সফল ৰাজনৈতিক নেতা হিচাপে পৰিগণিত হৈছিল। আৰু ১৮৬০ চনত ৫১ বছৰ বয়সত তেওঁ প্ৰথম বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰিছিল। আকৌ ১৮৬৫ চনৰ ৪ মাৰ্চত দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰিছিল। ১৮৬৫ চনৰ ১৪ এপ্ৰিলত জন উইলকেছ বুথে তেওঁক গুলীয়াই হত্যা কৰে।[1]
মৃত্যু
[সম্পাদনা কৰক]১৮৬৫ চনৰ ১৫ এপ্ৰিলৰ দিনা ৰাতিপুৱা প্ৰায় ৭:৩০ বজাত লয় লিঙ্কন ৰ মৃত্যু হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 আব্ৰাহাম লিঙ্কন, নিৰুপমা বৰগোহাঞি, ডিচেম্বৰ ২০০৭, পৃষ্ঠা ৪