আমাৰ সময়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাৰ সময়

সাপ্তাহিক কাকত আমাৰ সময়ৰ চিত্ৰ
প্ৰকাৰ সাপ্তাহিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
গৰাকী অনুভৱ সাগৰ/সূৰ্যোদয় গোষ্ঠী
প্ৰকাশক অনুভৱ সাগৰ/সূৰ্যোদয় গোষ্ঠী
সম্পাদক অনুভৱ সাগৰ
সম্পাদক প্ৰধান দুৰ্গেশ্বৰ শইকীয়া
ষ্টাফ লেখক *প্ৰতিষ্ঠাপক সম্পাদক : অনুভৱ সাগৰ
  • সহ সম্পাদিকা : ৰ’দ ৰাগিনী
  • কাৰ্যবাহী সম্পাদক : পদুম মহন্ত
  • সাহিত্য সম্পাদক : কল্পৰাজ ডেকা
  • সহ সাহিত্য সম্পাদিকা : বন্দীতা মেধি
  • প্ৰচাৰ সম্পাদক: বিকাশ বৰা
  • বাতৰি বিভাগৰ সম্পাদক: বিকাশ শইকীয়া
প্ৰতিষ্ঠা ৫ জানুৱাৰী,২০২০
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় মাজুলী, অসম


আমাৰ সময় (ইংৰাজী: Amar xomoy) এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।[উদ্ধৃতিৰ প্ৰয়োজন]

সমল[সম্পাদনা কৰক]

সাপ্তাহিক আমাৰ সময় কাকতখনে অসমক কেন্দ্ৰ কৰি উত্তৰ পূবক সামৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বাতৰি, আলোকচিত্ৰ আদি প্ৰকাশ কৰি আহিছে।

মুঠ ১৪ পৃষ্ঠাজোৰা আমাৰ সময় কাকতখনে বাতৰি আৰু ভিন্ন বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকটো পৃষ্ঠা শ্ৰেণীকৰণ কৰিছে।

পৃষ্ঠাসমূহ সাধাৰণতে মুখ্য পৃষ্ঠা, খবৰ, প্ৰবন্ধ, সম্পাদকীয়, কাব্যবৃষ্টি (কবিতাৰ পৃষ্ঠা), ৰংঘৰ (শিশু উপযোগী বিশেষ লেখা), সানমিহলি, আঞ্চলিক বাতৰি আদিৰ লগতে মাহটোৰ প্ৰতিটো সংখ্যাত এটি বিশেষ পৃষ্ঠা বিদ্যাদৰ্পণ (শিক্ষাৰ্থীৰ বাবে), নৱপ্ৰজন্মৰ সময় (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) আৰু খ্যাত-অখ্যাত জীৱনী, শিল্পবাৰ্তা (এক সাক্ষাৎকাৰ) আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]