আলি বাবা আৰু চল্লিশটা চোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলি বাবা আৰু চল্লিশটা চোৰ
মেক্সৱেল পেৰিছে অংকন কৰা আলি বাবাৰ ককায়েক কাছিমৰ চিত্ৰ (১৯০৯)
সাধু কথা
নাম: আলি বাবা আৰু চল্লিশটা চোৰ
তথ্য
অঞ্চল: মধ্যপ্ৰাচ্য, ভাৰতীয় উপমহাদেশ

আলি বাবা আৰু চল্লিশটা চোৰ (আৰবী: علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল। এহেজাৰ এনিশা বা আৰবীয়ান নাইটছৰ অন্যতম জনপ্ৰিয় কাহিনী হিচাপে ইয়াক ব্যাপকভাৱে পুনৰ্কথন কৰা হৈছে আৰু সমগ্ৰ বিশ্বৰ বহু মাধ্যমত ইয়াক পৰিবেশন কৰা হৈছে।

মূল সংস্কৰণটোত আলি বাবা এজন দুখীয়া কাঠকটীয়া আৰু এজন সৎ ব্যক্তি আছিল। তেওঁ চোৰৰ ধন-সম্পত্তি গোটাই ৰখা এটা গুহাৰ ৰহস্য আৱিষ্কাৰ কৰে আৰু ইয়াক খোলাৰ বাবে প্ৰয়োজন হোৱা যাদুকৰী বাক্যাংশ "খোল খা ছিমছিম" বুলি কৈ প্ৰৱেশ কৰে। চোৰে আলি বাবাক হত্যা কৰিবলৈ চেষ্টা কৰে যদিও আলি বাবাৰ বিশ্বাসী এগৰাকী দাসীয়ে তেওঁলোকৰ চক্ৰান্ত বিফল কৰে। আলি বাবাৰ পুতেকে পিছত তাইক বিয়া কৰায়।

লিখিত ৰূপৰ ইতিহাস[সম্পাদনা কৰক]

এই কাহিনীটোক লোককথাৰ সংকলন ৱান থাউজেণ্ড এণ্ড ৱান নাইটছত যোগ কৰিছিল ইয়াৰ প্ৰথমগৰাকী ইউৰোপীয় অনুবাদক এণ্টোৱান গালেণ্ডে। তেওঁ নিজৰ সংকলনক লেছ মিল এট ইউনে নুইটছ (১৭০৪–১৭১৭) বুলি অভিহিত কৰিছিল। গালেণ্ড আছিল অষ্টাদশ শতিকাৰ এজন ফৰাচী প্ৰাচ্যবিদ আৰু তেওঁ এই সাধুটো হান্না ডিয়াব নামৰ এগৰাকী ছিৰিয়ান মেৰ'নাইট গল্পকাৰৰ পৰা ইয়াক মৌখিক ৰূপত শুনিছিল।[1] কাহিনীটোৰ লিখিত ৰূপৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনেই হৈছে গালেণ্ডৰ ফৰাচী সংস্কৰণ। ৰিচাৰ্ড এফ বাৰ্টনে ইয়াক তেওঁৰ অনুবাদৰ পৰিপূৰক খণ্ডসমূহত অন্তৰ্ভুক্ত কৰিছিল (দ্য বুক অৱ দ্য থাউজেণ্ড নাইটছ এণ্ড এ নাইট নামেৰে প্ৰকাশিত)।[2]

আমেৰিকাৰ প্ৰাচ্যবিদ ডানকান ব্লেক মেকড'নাল্ডে বডলিয়ান লাইব্ৰেৰীত এই সাধুটোৰ আৰবী ভাষাত লিখা এক পাণ্ডুলিপি আৱিষ্কাৰ কৰে।[3] কিন্তু পিছলৈ এইটো কেৱল এটা নকল বুলি প্ৰমাণিত হয়।[4]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

আলি বাবা আৰু তেওঁৰ ককায়েক কাছিম আছিল এজন বণিকৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পিছত লোভী কাছিমে এগৰাকী ধনী মহিলাক বিয়া কৰাই পিতৃৰ ব্যৱসায়ৰ জহতে চহকী হৈ পৰে। আলি বাবাই দুখীয়া এগৰাকী মহিলাক বিয়া কৰাই কাঠ কটাৰ ব্যৱসায়ত লাগে।

এদিন আলি বাবাই হাবিত খৰি কাটি থাকোঁতে ঘটনাক্ৰমে চল্লিশজনীয়া চোৰৰ দল এটাই তেওঁলোকৰ মজুত ধনখিনি চাবলৈ অহা দেখিবলৈ পায়। তেওঁলোকৰ ধনসমূহ আছিল এটা গুহাত, যাৰ মুখখন এটা প্ৰকাণ্ড শিলে বন্ধ কৰি ৰাখিছিল। এই গুহাটো “ছিছেম ফাঁক” বুলি ক'লে খোল খায় আৰু “ছিছেম বন্ধ” বুলি ক'লে বন্ধ হৈ পৰে। চোৰবোৰ আঁতৰি যোৱাত আলি বাবাই নিজেই গুহাটোত সোমাই সোণৰ মুদ্ৰাৰ এটা মোনা ঘৰলৈ লৈ যায়।

আলি বাবা আৰু তেওঁৰ পত্নীয়ে নিজৰ নতুন ধন-সম্পত্তিৰ ওজন কৰিবলৈ বৌৱেকৰ পাল্লা ধাৰলৈ আনে। তেওঁলোকৰ অজ্ঞাতে কাছিমৰ পত্নীয়ে আলি বাবাই কি কামত ইয়াক ব্যৱহাৰ কৰিছে সেয়া জানিবলৈ পাল্লাত মমৰ টোপাল এটা লগাই দিয়ে। পিছত পাল্লাত লাগি থকা সোণৰ মুদ্ৰা এটা পাই স্তম্ভিত হৈ স্বামীক এই কথা কয়। ককায়েকৰ হেঁচাত আলি বাবাই গুহাটোৰ ৰহস্য উদঙাই দিবলৈ বাধ্য হয়। যিমান পাৰি সিমান ধন লৈ আনিবলৈ গাধ এটা লগত লৈ কাছিম গুহাটোলৈ যায় যদিও ধনৰ লোভ আৰু উত্তেজনাত তেওঁ গুহাৰপৰা কেনেকৈ ওলাোয় সেই কথা পাহৰি তাতেই আৱদ্ধ হৈ পৰে। চোৰহঁতে কাছিমক তাত বিচাৰি পাই মাৰি পেলায়। যেতিয়া ককায়েক ঘূৰি নাহে, আলি বাবাই তেওঁক বিচাৰি গুহাটোলৈ যায়, আৰু চাৰিটুকুৰা কৰা মৃতদেহটো গুহাৰ প্ৰৱেশদ্বাৰৰ ঠিক ভিতৰতে সতৰ্কবাণী হিচাপে প্ৰদৰ্শিত কৰা দেখা পায়।

আলি বাবাই মৃতদেহটো ঘৰলৈ আনে আৰু মৰ্জিয়ানা নামৰ কাছিমৰ ঘৰৰ এগৰাকী চতুৰ দাসীৰ হতুৱাই বাবা মুস্তাফা নামৰ দৰ্জী এজন চকু বন্ধাই আনি কাছিমৰ মৃতদেহটো চিলাই কৰোৱায়। ইয়াৰ দ্বাৰা কাছিমৰ মৃত্যু স্বাভাৱিক বুলি সকলোকে পতিয়ন নিয়াই তেওঁলোকে ইয়াক সমাধিস্থ কৰে।

চোৰবোৰে মৃতদেহটো নোহোৱা হোৱা দেখি উপলব্ধি কৰে যে তেওঁলোকৰ গোপন কথা আন কোনো ব্যক্তিয়ে নিশ্চয় জানে আৰু তেওঁলোকে সেই ব্যক্তিক বিচাৰি উলিয়াবলৈ ৰাওনা হয়। এটা চোৰে চহৰলৈ গৈ বাবা মুস্তাফাৰ সন্মুখীন হয় আৰু তেওঁ এটা মৃতদেহ চিলাই কৰাৰ কথা জানিব পাৰে। চোৰে বাবা মুস্তাফাক সেই ঘৰটোলৈ লৈ যাবলৈ কয় য’ত এই কাৰ্য্য সংঘটিত হৈছিল। দৰ্জীজনক আকৌ চকু বান্ধি দিয়া হয়, আৰু এই অৱস্থাত তেওঁ নিজৰ খোজবোৰ অনুসৰণ কৰি ঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম হয়। চোৰে দুৱাৰখনত এটা প্ৰতীক চিহ্নিত কৰে যাতে সেই নিশা আন চোৰবোৰে ঘূৰি আহি ঘৰৰ সকলোকে হত্যা কৰিব পাৰে। কিন্তু চোৰটোক মৰ্জিয়ানাই দেখা পায় আৰু নিজৰ গৰাকীৰ প্ৰতি আনুগত্যশীল হৈ চুবুৰীটোৰ সকলো ঘৰতে একেদৰে চিহ্নিত কৰি চোৰৰ পৰিকল্পনা বিফল কৰে। সেই নিশা যেতিয়া চোৰকেইটা ঘূৰি আহি সঠিক ঘৰটো চিনাক্ত কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ দলপতিজনে খঙত উক্ত চোৰটোক হত্যা কৰে। পিছদিনা আন এটা চোৰে বাবা মুস্তাফাক পুনৰ লগ কৰি ঘৰটো উলিওৱাৰ চেষ্টা কৰে যদিও মৰ্জিয়ানাই এই পৰিকল্পনাটোকো বিফল কৰে। দ্বিতীয় চোৰজনকো তেওঁৰ ব্যৰ্থতাৰ বাবে হত্যা কৰা হয়। অৱশেষত চোৰৰ দলপতিজনে নিজেই গৈ আলি বাবাৰ ঘৰৰ বাহিৰৰ অংশৰ প্ৰতিটো সবিশেষ মুখস্থ কৰি ৰাখে।

চোৰৰ দলপতিজনে আলি বাবাৰ আতিথ্য বিচাৰি অহা তেল ব্যৱসায়ী হোৱাৰ অভিনয় কৰি লগত আঠত্ৰিশটা তেলৰ জাৰ বোজাই খচ্চৰ লৈ আহে। ইয়াৰে এটাত তেল আৰু আন সাতত্ৰিশটা জাৰত বাকী চোৰকেইটাক লুকুৱাই ৰাখে। মৰ্জিয়ানাই পৰিকল্পনাটো পুনৰ আৱিষ্কাৰ কৰি লুকাই থকা সাতত্ৰিশটা চোৰক উতলি থকা তেল ঢালি হত্যা কৰে। তেওঁলোকৰ দলপতিজনে এই কথা গম পাই পলায়ন কৰে। পিছদিনা ৰাতিপুৱা আলি বাবাই মৰ্জিয়ানাক স্বাধীনতা দি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰতিশোধ ল’বলৈ চোৰৰ দলপতিজনে নিজকে বণিক হিচাপে প্ৰতিষ্ঠা কৰি কাছিমৰ ব্যৱসায়ৰ দায়িত্বত থকা আলি বাবাৰ পুত্ৰৰ লগত বন্ধুত্ব কৰে আৰু আলি বাবাৰ ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ আহে। কিন্তু চোৰটোক মৰ্জিয়ানাই চিনি পাই নৃত্যৰ চলেৰে চোৰটোক ডেগাৰেৰে হত্যা কৰে। আলি বাবাই কৃতজ্ঞতা প্ৰকাশ কৰি আৰু মৰ্জিয়ানাক নিজ পুত্ৰলৈ বিয়া কৰাই আনে।

ভিন্নতা[সম্পাদনা কৰক]

এই সাধুটোৰ পশ্চিম আফ্ৰিকাৰ এটা সংস্কৰণ পোৱা গৈছে। ইয়াৰ নাম হৈছে দ্য পাছৱৰ্ড: আউটৱিটিং থিভছ্‌[5] পাৰ্চি আমাউৰী টেলবটে এই সাধুটোৰ এক নাইজেৰিয়ান সংস্কৰণৰ সন্ধান লাভ কৰিছিল।[6] এলচি ক্লিউছ পাৰ্ছনে সাধুটোৰ এক আমেৰিকান সংস্কৰণো সংগ্ৰহ কৰিছিল।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Goodman, John (17 Dec 2017). Marvellous Thieves adds a new chapter to Arabian Nights - Paulo Lemos Horta gives 'secret authors' their due in his study of the World Literature classic. North Shore News.
  2. Burton, R. F.. Supplemental Nights to the Book of the Thousand Nights and a Night with Notes Anthropological and Explanatory. III, fasc. 2. পৃষ্ঠা. 369.  (n.)
  3. MacDonald, Duncan Black (April 1910). view=1up; seq=387 "'Ali Baba and the forty thieves' in Arabic from a Bodleian MS". Journal of the Royal Asiatic Society of Great Britain & Ireland: 327–386. doi:10.1017/S0035869X00039575. https://babel.hathitrust.org/cgi/pt?id=mdp.39015020450691; view=1up; seq=387. 
  4. Mahdi, Muhsin (1994). "Galland's Successors". The Thousand and One Nights: From the Earliest Known Sources; Part 3, "Introduction and Indexes". 
  5. Herskovits, Melville; Herskovits, Frances (1998). Dahomean Narratives. Northwestern University Press. ISBN 978-0810116504. 
  6. Talbot, Percy (1912). In the Shadow of the Bush. George H. Doran Company. পৃষ্ঠা. 389–393. 
  7. McCarthy, William (2007). Cinderella in America: A Book of Folk and Fairy Tales. University Press of Mississippi. পৃষ্ঠা. 137–141. ISBN 978-1-57806-959-0. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]