আলু চাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলু চাট

এবাটি আলু চাট
প্ৰকাৰ নিমখীয়া মুখৰোচন
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল উত্তৰ ভাৰত, পশ্চিম, ছিলেট
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত, বাংলাদেশ, পাকোস্ৰান
মুখ্য উপাদান আলু, তেল, মছলা, চাটনি

আলু চাট হৈছ্ৰ ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ পথৰ দাঁ‌তিৰ খাদ্য বা ষ্ট্ৰীট ফুড। ই উত্তৰ ভাৰত, পূব ভাৰতৰ পশ্চিম বংগ, পাকিস্তান আৰু বাংলাদেশৰ ছিলেট সংমণ্ডলৰ কিছু অংশতো জনপ্ৰিয়। আলু চাট আলু কাটি ঊদ্ভিদজাত তেলত ভাজি বা সিজাই তাত মছলা আৰু চাটনি মিহলাই প্ৰস্তুত কৰা হয় ৷ ইয়াক নভজাকৈ কেৱল সিজোৱা আলুৰ সৈতেও প্ৰস্তুত কৰিব পাৰি আৰু লগতে মছলা, নেমুৰ ৰস আৰু জ্বলা-টেঙা চাটনিৰ সৈতে পৰিবেশন কৰিব পাৰি। আলু চাট মূলতঃ পথৰ দাঁ‌তিৰ খাৰদ্য বা এবিধ ষ্ট্ৰীট ফুড। ইয়াক পুৱাৰ আহাৰ,পাৰ্শ্ব খাদ্য বা চাহৰ লগত লঘু মুখৰোচক হিচাপে পৰিবেশন কৰিবও পৰা যায়।[1] ইয়াক সিজোৱা আৰু ভজা বৰ্গাকাৰ আলুৰ পৰা প্ৰস্তুত কৰা হয় আৰু চাট মছলাৰ সৈতে পৰিবেশন কৰা হয়। আলু চাটৰ।ৰ বহুতো আঞ্চলিক ভিন্নতা বা সংস্কৰণ আছে।[2] হিন্দীত আলু শব্দৰ অৰ্থ আলু পাচলি। চট বা চাট শব্দটো হিন্দী শব্দ চট্না শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে আঙুলিৰ মূৰত সোৱাদ লোৱা। এইদৰে আলু চাটৰ অৰ্থ হ’ল আলুৰ সোৱাদৰ খাদ্য।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. India.. প্ৰকাশক Sydney: Murdoch Books. 2010. পৃষ্ঠা. 23. ISBN 978-1741964387. 
  2. Dalal, Tarla (2007). Punjabi khana. প্ৰকাশক Mumbai: Sanjay. পৃষ্ঠা. 107. ISBN 978-8189491543.