সমললৈ যাওক

আশ্ৰফ ঘানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশ্ৰফ ঘানী
আফগানিস্তানৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৯ ছেপ্তেম্বৰ ২০১৪
উপ ৰাষ্ট্ৰপতি আব্দুল ৰছিদ দোস্তুম
পূৰ্বসূৰী হামিদ কাৰজাই
কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য
কাৰ্যকাল
২২ ডিচেম্বৰ ২০০৪  ২১ ডিচেম্বৰ ২০০৮
পূৰ্বসূৰী হাবিবুল্লাহ হাবিব
উত্তৰসূৰী হামিদুল্লাহ আমিন
বিত্ত মন্ত্ৰী
কাৰ্যকাল
২ জুন ২০০২  ১৪ ডিচেম্বৰ ২০০৪
ৰাষ্ট্ৰপতি হামিদ কাৰজাই
পূৰ্বসূৰী হেদায়ত আমিন আৰছালা
উত্তৰসূৰী আনৱাৰ উল-হক আহাদী
ব্যক্তিগত তথ্য
জন্ম
আশ্ৰফ ঘানী আহমদজাই

১৯ মে', ১৯৪৯ (৭৭ বছৰ)
লোগাৰ, আফগানিস্তান
ৰাষ্ট্ৰীয়তা আফগান
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্যসঙ্গী ৰুলা ঘানী
সমন্ধ হাছমত ঘানী আহমদজাই (ভাতৃ)
সন্তান মাৰিয়াম
তাৰিক
শিক্ষানুষ্ঠান বেইৰুটৰ আমেৰিকান বিশ্ববিদ্যালয়
কলম্বিয়া বিশ্ববিদ্যালয়

আশ্ৰফ ঘানী আহমদজাই (ইংৰাজী: Ashraf Ghani, ১৯৪৯ চনৰ ১৯ মে'ত জন্ম) হ'ল আফগানিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি। শিক্ষাত তেওঁ এজন নৃতত্ত্ববিদ। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে ঘানী আছিল আফগানিস্তান চৰকাৰৰ বিত্তমন্ত্ৰী তথা কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য। ১৯৯১ চনত আশ্ৰফ ঘানীয়ে বিশ্ব বেংকত কাম কৰিবলৈ আৰম্ভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪৯ চনৰ ১৯ মে'ত[2] আফগানিস্তানৰ লোগাৰ প্ৰদেশত ঘানীৰ জন্ম হৈছিল। ঘানী আছিল আহমদজাই পশতু জনজাতিৰ।[1][3]

বীৰুটৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৩ চনত ঘানীয়ে স্নাতক ডিগ্ৰী আৰু ১৯৭৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]

শৈক্ষিক জীৱন

[সম্পাদনা কৰক]

আশ্ৰফ ঘানীয়ে প্ৰথমাৱস্থাত কলম্বিয়া বিশ্ববিদ্যালয়আইন পঢ়িবলৈ ইচ্ছা কৰিছিল যদিও তেখেতে সাংস্কৃতিক নৃতত্ত্ব বিষয়টোক গুৰু বিষয় হিচাপে লৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আশ্ৰফ ঘানীয়ে ৰুলা শাদীক বিয়া কৰাইছিল।[4] লেবানীজ খ্ৰীষ্টিয়ান পৰিয়ালত ৰুলা শাদীৰ জন্ম হৈছিল।[5] আশ্ৰফ ঘানী আৰু ৰুলা ঘানী হ'ল দুই সন্তানৰ পিতৃ-মাতৃ। পুত্ৰজনৰ নাম হ'ল মাৰিয়াম আৰু কন্যাজনীৰ নাম হ'ল তাৰিক

কৰ্ম জীৱন

[সম্পাদনা কৰক]

২০০২ চনত আফগানিস্তানলৈ প্ৰত্যাবৰ্তনৰ পূৰ্বে তেওঁ বিশ্ব বেংকত কৰ্মৰত আছিল। জুলাই, ২০০২ৰ পৰা ডিচেম্বৰ, ২০০৪ লৈকে তেওঁ আফগানিস্তানৰ বিত্ত মন্ত্ৰণালয়ৰ প্ৰধানৰ দায়িত্বত থাকি তালিবান চৰকাৰৰ সৃষ্ট অৰ্থনৈতিক সঙ্কট দূৰীকৰণৰ কাম কৰি যায়।

২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ চতুৰ্থ স্থানত আছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল হামিদ কাৰজাই, আব্দুল্লাহ ওৰামাজান বাছাৰদোষ্ট। ২০১৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম পৰ্বৰ ভোটত ৩১.৫০% ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। আব্দুল্লাহে লাভ কৰিছিল ৪৫.০০% ভোট। ফলশ্ৰুতিত পুনৰায় নিৰ্বাচনৰ প্ৰয়োজন হয়।

তেওঁ হৈছে আফগানিস্তানৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি, দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰে ২০১৪ চনৰ ২৯ ছেপ্তেম্বৰত। তেওঁৰ পূৰ্বসূৰী আছিল হামিদ কাৰজাই। ইয়াৰ পূৰ্বে তেওঁ ২২ ডিচেম্বৰ ২০০৪ ৰ পৰা ২১ ডিচেম্বৰ ২০০৮ লৈ কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য (পূৰ্বসূৰী হাবিবুল্লাহ হাবিব) আৰু ২ জুন ২০০২ ৰ পৰা ১৪ ডিচেম্বৰ ২০০৪ লৈ বিত্ত মন্ত্ৰী (পূৰ্বসূৰী হেদায়ত আমিন আৰছালা) আছিল।

অন্যান্য

[সম্পাদনা কৰক]

আফগান নাগৰিকৰ ৰাষ্ট্ৰীয় কৰ্মকাণ্ডত যোগদানৰ সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ২০০৫ চনত প্ৰতিষ্ঠিত এটি সংগঠনৰ তেওঁ সহ-প্ৰতিষ্ঠাতা আছিল। ২০০৫ চনত টেড বাৰ্তাত আফগানিস্তানৰ ন্যায় ভংগ হোৱাত ৰাষ্ট্ৰৰ পুণঃগঠনৰ কথা কয়। তেওঁ জাতিসংঘ উন্নয়ন কৰ্মসূচীৰ সদস্য। ২০১৩ চনৰ অন-লাইন ভোটত বিশ্বৰ শীৰ্ষ ১০০জন বুদ্ধজীবীৰ ভিতৰত ৰিচাৰ্ড ডকিন্সৰ পিছত তেওঁৰ অৱস্থান আছিল দ্বিতীয়। এই ভোট প্ৰক্ৰিয়া ফৰেইন পলিচি আৰু প্ৰছপেক্ট সাময়িকীৰ মাধ্যমত পৰিচালিত হৈছিল। ইয়াৰ পূৰ্বে ২০১০ চনতো একে ভোট প্ৰক্ৰিয়াত তেওঁৰ নাম অন্তৰ্ভুক্ত আছিল।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Ashraf Ghani". Encyclopædia Britannica. http://www.britannica.com/biography/Ashraf-Ghani আহৰণ কৰা হৈছে: December 4, 2015.
  2. "Ashraf Ghani Ahmadzai". Twitter. https://twitter.com/ashrafghani/status/698189078181900288 আহৰণ কৰা হৈছে: February 13, 2016.
  3. "Ashraf Ghani Ahmadzai". Dawn. http://www.dawn.com/news/1097079 আহৰণ কৰা হৈছে: December 4, 2015.
  4. Tanya Goudsouzian. "Afghan first lady in shadow of 1920s queen?". aljazeera.com. http://m.aljazeera.com/story/2014930142515254965 আহৰণ কৰা হৈছে: 2 December 2015.
  5. "Al Arabiya: Afghanistan’s next first lady, a Christian Lebanese-American?". alarabiya.net. http://english.alarabiya.net/en/perspective/profiles/2014/04/05/Afghanistan-s-next-first-lady-a-Christian-Lebanese-American-.html আহৰণ কৰা হৈছে: 2 December 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]