সমললৈ যাওক

আৰমান মালিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰমান মালিক
Armaan Malik
জন্ম ২২ জুলাই, ১৯৯৫ (৩১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সংগীত শিল্পী
সক্ৰিয় হৈ থকা সময় ২০০৭ৰ পৰা বৰ্তমানলৈকে
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ আৰ.ডি. বৰ্মন বঁটা, গিমা বঁটা

আৰমান মালিক (ইংৰাজী: Armaan Malik; জন্ম ২২ জুলাই ১৯৯৫) এজন প্ৰতিভাৱান নৱাগত ভাৰতীয় সংগীত শিল্পী। প্ৰথমে তেওঁ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ টিছিৰিজৰ Archived 2015-11-28 at the Wayback Machine লগত চুক্তিবদ্ধ। তেওঁক পোনপ্ৰথমে জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' "সা ৰে গা মা পা লিটিল চেম্পচ্"ত দেখা গৈছিল আৰু দৰ্শকৰ ভোটেৰে তেওঁ তাত অষ্টম স্থান পাবলৈ সক্ষম হৈছিল। আৰমান গায়ক আৰু সংগীত পৰিচালক ডাবো মালিকৰ দ্বিতীয় পুত্ৰ। ডাবো মালিক বিখ্যাত গায়ক আৰু সংগীত পৰিচালক অনু মালিকৰ ভায়েক। উল্লেখযোগ্য যে আৰমানৰ ককায়েক আমাল মালিকো এজন প্ৰতিভাৱান নৱাগত সংগীত পৰিচালক।

আৰমানে মহাৰাষ্ট্ৰৰ বিখ্যাত জামনাবাঈ নাৰ্ছী স্কুলত অধ্যয়ন কৰিছিল। তদুপৰি তেওঁ আমেৰিকাৰ বষ্টনৰ বাৰ্কলে কলেজ অফ মিউজিকৰ সম্পূৰ্ণ জলপানি লাভ কৰিছে। বৰ্তমান আৰমানে ঊষা প্ৰাভীন গান্ধী মহাবিদ্যালয়ত ব্যৱস্থাপনা বিষয়ত স্নাতক পাঠ্যক্ৰম পঢ়ি আছে।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

আৰমান মালিকে এতিয়ালৈকে প্ৰায় ১০০-২০০ বাণিজ্যিক গীত আৰু প্ৰায় ১৬খন হিন্দী আৰু তামিল বোলছবিত গীত গাইছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য বোলছবি হল-ডব্লিউ(২০১৪), জয় হো, ভূতনাথ, ৰক্ত চৰিত, চেন কুলী কি মেন কুলী, চিল্লাৰ পাৰ্টি, হিৰ' আৰু চানাম ৰে।

তেওঁ মাই নেম ইচ খান বোলছবিত ইংৰাজ ল'ৰাজনৰ বাবে ডাবো কৰিছিল। বিবিচিৰ ৰেডিঅ ১ যোগে প্ৰচাৰিত অস্কাৰ বিজয়ী শ্লামডগ মিলিয়নিয়াৰ বোলছবিৰ চলিম নামৰ চৰিত্ৰক আৰমানে নিজৰ মাত দিছিল। তদুপৰি আৰমানে জয় হো বোলছবিৰ শীৰ্ষগীত আৰু "তুমকো তো আনা হি থা", "লভ ইউ টিল দি এণ্ড" আদি জনপ্ৰিয় গীত পাৰ্শ্বগায়ক হিচাপে গাইছে।[1] আৰমান আৰু তেওঁৰ সংগীত পৰিচালক ককায়েক আমালক "জয় হো" বোলছবিৰ আৰম্ভণিতে "লভ ইউ টিল দি এণ্ড" গীতত চিত্ৰীত কৰা হৈছে।

তেওঁ প্ৰায় দহ বছৰ ধৰি ৰীতা কাউল আৰু কাদিৰ গোলাম মোস্তাফাৰ(বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী পদ্মশ্ৰী উস্তাদ গোলাম মোস্তাফা খানৰ পুত্ৰ) ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকি আছে।

অনা চলচ্চিত্ৰৰ গীত গাবলৈ আৰমানে প্ৰথমে "ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়া"ৰ লগত চুক্তিবদ্ধ হৈছিল।[2] বৰ্তমান তেওঁ টিছিৰিজৰ লগত চুক্তিবদ্ধ।

একক এলবাম

[সম্পাদনা কৰক]

২০১৪ চনৰ ৩ ফেব্ৰুৱাৰীত আৰমান মালিকৰ প্ৰথম একক কণ্ঠৰ এলবাম "ক্ৰেজী কানেকচন" সংগীত পৰিচালক চলিম মাৰ্চেন্দক চিত্ৰায়ণ কৰি ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়ায়ে মুক্তি দিয়ে। ২০১৪ চনৰ ৩০ জানুৱাৰীৰ এক উদ্বোধনী অনুষ্ঠানত অভিনেতা চালমান খানে এই এলবাম উদ্বোধন কৰে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
চনগীত/এলবামবঁটাবিজয়ী
২০১৫আউলিয়া - উংলীগিমাশ্ৰেষ্ঠ নৱাগতৰ বঁটা - চলচ্চিত্ৰ
২০১৫আৰমান - এলবামগিমাজগজীৎ সিং বঁটা - শ্ৰেষ্ঠ নৱাগত সংগীত
২০১৫তোম্হে আপনা বানানে কা - হেট ষ্টৰী ৩বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্টশ্ৰেষ্ঠ মনোৰঞ্জনক গায়ক - পুৰুষ
২০১৫মে হু হিৰ' তেৰা - হিৰ'ষ্টাৰদাষ্টশ্ৰেষ্ঠ পাৰ্শ্ব গায়ক - পুৰুষ
২০১৬নৱাগত সংগীত প্ৰতিভাফিল্মফেয়াৰআৰ.ডি. বৰ্মন বঁটা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]