ইউনিট ৭৩১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ইউনিট ৭৩১

ইউনিট ৭৩১ ভৱন: মূল ঘৰটোৰ মাজত দুটা গোপন কাৰাগাৰ আছে।
স্থান পিংফাং, হাৰ্বিন, চীন
স্থানাংক 45°36′N 126°38′E / 45.6°N 126.63°E / 45.6; 126.63স্থানাংক: 45°36′N 126°38′E / 45.6°N 126.63°E / 45.6; 126.63
তাৰিখ ১৯৩৫-১৯৪৫
আক্ৰমণৰ প্ৰকাৰ মানৱ সম্পৰীক্ষা
জৈৱিক যুদ্ধ
ৰাসায়নিক যুদ্ধ
অস্ত্ৰ জৈৱিক অস্ত্ৰ
ৰাসায়নিক অস্ত্ৰ
বিস্ফোৰক
মৃত্যু ভিতৰুৱা পৰীক্ষাৰ পৰা ৩,০০০-ৰতকৈও অধিক আৰু বাহিৰৰ পৰীক্ষাৰ পৰা দহ হাজাৰৰো অধিক
আক্ৰমণকাৰী Surgeon General Shirō Ishii
Lt. General Masaji Kitano
Epidemic Prevention and Water Purification Department
ইউনিট ৭৩১-ৰ হাৰ্বিন জৈৱিক অস্ত্ৰ গৱেষণাগাৰৰ এটা ঘৰ।

দ্বিতীয় বিশ্বযুদ্ধদ্বিতীয় চীন-জাপান যুদ্ধৰ(১৯৩৭-১৯৪৫) সময়ছোৱাত প্ৰাণনাশী মানৱ সম্পৰীক্ষা কৰা জাপানী সেনাৰ এটা গোপন জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ গৱেষণা আৰু বিকাশ গোটক ইউনিট ৭৩১ (Japanese: 731部隊 Hepburn: Nana-san-ichi Butai?) বোলা হয়। ৰাজকীয় জাপানী সেনাই কৰা কিছুমান কুখ্যাত যুদ্ধ অপৰাধৰ বাবে ই দায়ী আছিল। এই ইউনিটৰ স্থান আছিল হাৰ্বিনৰ পিংফাং জিলা (এতিয়াৰ উত্তৰ-পূব চীনত)।

আনুষ্ঠানিকভাৱে ইয়াক Epidemic Prevention and Water Purification Department of the Kwantung Army (関東軍防疫給水部本部 Kantōgun Bōeki Kyūsuibu Honbu?) (কুৱাংটুং সেনাৰ মহামাৰী প্ৰতিৰোধ আৰু পানী পৰিষ্কাৰকৰণ বিভাগ) নাম দিয়া হৈছিল। প্ৰথমতে জাপানৰ কেম্‌পিটাই সাঅমৰিক আৰক্ষীৰ অধীনত গঠিত এই বিভাগটোৰ দায়িত্ব পাছলৈ জেনেৰেল শ্বিৰ' ইশ্বিলৈ যায়। ১৯৩৪ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত ইয়াৰ ভৱনটো নিৰ্মাণ কৰা হয় আৰু ১৯৪১ চনত আনুষ্ঠানিকভাৱে "ইউনিট ৭৩১" নাম লয়।

অতি কমেও ৩,০০০ পুৰুষ, মহিলা আৰু শিশুৰ[1][2] ওপৰত পিংফাঙৰ ভৱনত ইউনিট ৭৩১-য়ে নানা পৰীক্ষা চলাই হত্যা কৰিছিল। ইয়াৰ ভিতৰত কেম্‌পিটাইয়ে প্ৰতি বছৰে প্ৰায় ৬০০ গৰাকীক যোগান ধৰিছিল।[3] ইউনিট ১০০-ৰ দৰে আন পৰীক্ষাৰ স্থানৰ হিচাপ ইয়াত ধৰা হোৱা নাই।[4]

ইউনিট ৭৩১-ৰ জাপানী অংশগ্ৰহণকাৰীসকলৰ মতে বেছি সংখ্যক ভুক্তভোগী চীনৰ, আৰু কম সংখ্যক চোভিয়েট, মংগোলীয়, কোৰিয়ান আৰু আন মিত্ৰ পক্ষৰ যুদ্ধবন্দী আছিল। ১৯৪৫ চনৰ শেষলৈকে এই ইউনিটে জাপানী চৰকাৰৰ সাহাৰ্য লাভ কৰিছিল।

যুদ্ধৰ শেষত অপৰাধৰ বাবে বিচাৰৰ পৰিৱৰ্তে মানৱ পৰীক্ষাত পোৱা তথ্যৰ বিনিময়ত ইউনিট ৭৩১-ৰ গৱেষকসকলক আমেৰিকা যুক্তৰাষ্ট্ৰই গোপনে ৰেহাই দিয়ে।[5] চোভিয়েট সেনাই ধৰা আন গৱেষকসকলক ১৯৪৯ চনৰ খাবাৰস্ক যুদ্ধ অপৰাধ বিচাৰত সোধ-পোচ কৰা হয়। আমেৰিকাই এনে বিচাৰ নলালে যাতে পৰী‌ক্ষাত পোৱা তথ্য আৰু পাৰদৰ্শিতা তেওঁলোকৰ জৈৱিক অস্ত্ৰ কাৰ্যসূচীত খটুৱাব পৰা যায়।[6] ১৯৪৭ চনৰ ৬ মে'ত মিত্ৰ শক্তিৰ সৰ্বোচ্চ কমাণ্ডাৰ ডগ্‌‌লাছ মেক্‌আৰ্থাৰে ৱাশ্বিংটনলৈ লিখে যে "জাপানীসকলক এই তথ্যবোৰ 'যুদ্ধ অপৰাধ'ৰ প্ৰমাণ বুলি গণ্য নকৰাৰ প্ৰতিশ্ৰুতি দি ইশ্বিৰ ভাষ্যকে ধৰি কিছুমান অতিৰিক্ত তথ্য আহৰণ কৰিব পৰা যায়।"[5] ভুক্তভোগীসকলৰ ভাষ্যক সাম্যবাদী প্ৰচাৰ বুলি আওকাণ বা প্ৰত্যাখ্যান কৰা হৈছিল।[7]

References[সম্পাদনা কৰক]

  1. David C. Rapoport. "Terrorism and Weapons of the Apocalypse". In James M. Ludes, Henry Sokolski (eds.), Twenty-First Century Weapons Proliferation: Are We Ready? Routledge, 2001. pp. 19, 29
  2. Khabarovsk War Crime Trials. Materials on the Trial of Former Servicemen of the Japanese Army Charged with Manufacturing and Employing Biological Weapons, Moscow: Foreign Languages Publishing House, 1950. p. 117
  3. Yuki Tanaka, Hidden Horrors, Westviewpress, 1996, p.138
  4. "[IAB8 Imperial Japanese Medical Atrocities"]. osaka-cu.ac.jp. http://www.lit.osaka-cu.ac.jp/user/tsuchiya/gyoseki/presentation/IAB8.html. 
  5. 5.0 5.1 Hal Gold, Unit 731 Testimony, 2003, p. 109
  6. Harris, S.H. (2002) Factories of Death. Japanese Biological Warfare, 1932—1945, and the American Cover-up, revised edn. Routledge, New York, U.S.
  7. The World: Revisiting World War II Atrocities; Comparing the Unspeakable to the Unthinkable. New York Times

Further reading[সম্পাদনা কৰক]