সমললৈ যাওক

ইছমাইল হোছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইছমাইল হোছাইনৰ পৰা পুনঃনিৰ্দেশিত)
ইছমাইল হোছেইন
জন্ম ২২ ফেব্ৰুৱাৰী ,১৯৬৫
কয়াকুছি গাওঁ, বৰপেটা জিলা
পেচা অভিযন্তা, সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়

ইছমাইল হোছেইন (জন্ম: ২২ ফেব্ৰুৱাৰী,১৯৬৫) বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ এক কৃষক পৰিয়ালত হৈছিল। তেখেত আধুনিক অসমীয়া ভাষাৰ একেৰাহে কবি, সমালোচক আৰু গৱেষক।[1][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] অসমৰ চৰ-চাপৰিবাসীৰ ওপৰত গৱেষণা কৰা এওঁ দ্বিতীয়জন ইছমাইল হোছেইন কাৰণে, তেখেতক কনিষ্ঠ বুলিও জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ দ্বাৰা ৰচিত "শ্ৰীমন্ত শঙ্কৰদেৱৰ ইছলাম ধৰ্মী শিষ্য চান্দসাই" ৰ অনুপ্ৰেৰণাত আৰু তেখেতৰ পৃষ্ঠপোষকাত "চান্দসাই ভাওনা দল"[2] কেৱল মুছলমান সদস্যৰে গঠিত হৈছিল। তেখেতৰ অসংখ্য ৰচনাৱলীৰ ভিতৰত কাব্য গ্ৰন্থ‘জীৱন আৰু মানুহ বিষয়ক’ৰ বাবে অসম সাহিত্য সভাই ১৯৯৫-৯৬ চনত শ্ৰেষ্ঠ মৌলিক গ্ৰন্থ হিচাপে “অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা”, ‘অসমৰ চৰ-চাপৰিৰ লোক সাহিত্য’ গ্ৰন্থৰ বাবে ২০০৩ চনত “ৰেবানাথ শৰ্মা বঁটা”ৰে সন্মানিত কৰে৷[3]

কয়াকুছিৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি হেলাপাকড়ি হাই মাদ্ৰাছাৰ পৰা প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হৈছিল। পিছত "অণুবিদ্যুৎ আৰু দুৰ-সংযোগ অভিযান্ত্ৰিক" বিষয়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কিছুদিন অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কাম কৰিছিল আৰু বৰ্তমানে যোৰহাটৰ প্ৰিন্স অৱ ৱেলেছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কৰ্মৰত।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]

তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থ সমূহ হল;

১. জীৱন আৰু মানুহ

২. হিন্দু মুছলমান প্ৰশ্ন : সমন্বয় আৰু সংঘাত

৩. সাম্প্ৰদায়িকতা বিৰোধী কবিতা

৪. অসমীয়া জাতীয় জীবন আৰু অভিভাসী মুছলমান

৫. সংহতিৰ সন্ধানত

৬. চাপৰিৰ সূৰ্য

৭. চৰ চাপৰিৰ সমাজ সমীক্ষা

৮. নৈপৰীয়া

৯. অসমত মৌলনা ভাসানী

১০. চৰ চাপৰিৰ লোক সাহিত্য

১১. ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্যৃ

১২. ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ

১৩. সত্ৰাধিকাৰ পীতাম্বৰদেব গোস্বামীৰ জীৱন দৰ্শন

১৪. শ্ৰীমন্ত শঙ্কৰদেৱ আৰু সমন্বয়ৰ ঐতিহ্য

১৫. শঙ্কৰদেৱ বিশ্ব শ্ৰেষ্ঠ নহব কিয়

১৬. আজান পীৰ আৰু জিকিৰ

১৭. শ্ৰীমন্ত শঙ্কৰদেৱ আৰু চান্দসাই

১৮. শঙ্কৰী ঐতিহ্যৰ বিচাৰ

১৯. ইছলামৰ দৃষ্টিত শ্ৰীমন্ত শঙ্কৰদেৱ

২০. আমাৰ শঙ্কৰদেৱ অভিযান

২১. বাৰেচহৰীয়া ভাওনা আৰু গজেন বৰুৱা

২২. শৰণীয়া কছাৰী সমাজ

২৩. আমি কিদৰে অসমীয়া হ'লো

২৪. শঙ্কৰদেৱ বিভ্ৰাটৰ প্ৰত্যুত্তৰ

২৫. বিজ্ঞাপন (কবিতা পুথি )


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Where religion rests backstage - Muslim troupe comes forward to perform Vaishnavite drama form". The Telegraph. https://m.telegraphindia.com/states/north-east/where-religion-rests-backstage-muslim-troupe-comes-forward-to-perform-vaishnavite-drama-form/cid/587163 আহৰণ কৰা হৈছে: 28 June 2019.[সংযোগবিহীন উৎস]
  2. "সাহিত্য-সংস্কৃতিৰ মাধ্যমেৰে জাতি-ধৰ্মক একত্ৰিত কৰাৰ প্ৰয়াস ইছমাইল হোছেইনৰ". awazthevoice. https://www.assam.awazthevoice.in/culture-news/ismail-hossain-s-attempt-to-unite-caste-and-creed-through-literary-culture-1758.html আহৰণ কৰা হৈছে: ১৬ মে',২০২২.
  3. হোছেইন ইছমাইল (২০০১). জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮,১৬,১৭,২৩,৭২,৮১,১১০.
  4. "POWIET, Jorhat, Assam". powietjrt.in. https://powietjrt.in/electronic_dept.html আহৰণ কৰা হৈছে: 2023-07-24.