সমললৈ যাওক

ইথ’লজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰমিকমৌমাখিসকলে খাদ্যৰ পৰিসৰ আৰু দিশ সূচাবলৈ ৱাগল নৃত্য কৰা দেখা গৈছে।
গ্ৰেট ক্ৰেষ্টেড গ্ৰেব সকলে এক জটিল সুসংগত প্ৰেমৰ প্ৰদৰ্শন কৰা দেখা গৈছে
প্ৰজননৰ সময়ত স্তন্যপায়ী প্ৰাণী, দুটা মতা পহুক যুঁজি থকা দেখা গৈছে

ইথ’লজী ইংৰাজী: Ethology হৈছে অমানৱীয় প্ৰাণীৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানৰ এটা শাখা। ইয়াৰ বৈজ্ঞানিক শিপা চাৰ্লছ ডাৰউইন আৰু ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিৰ আমেৰিকা আৰু জাৰ্মান পক্ষীবিজ্ঞানীসকলৰ কামৰ পৰা , য'ত চাৰ্লছ অ' হুইটমেন, অস্কাৰ হাইনৰোথ, ৱালেছ ক্ৰেগ আদিও আছিল। সাধাৰণতে ১৯৩০ চনৰ ভিতৰত ডাচ জীৱবিজ্ঞানী নিকোলাছ টিনবাৰ্গেন আৰু ১৯৭৩ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী তিনিজন অষ্ট্ৰিয়াৰ জীৱবিজ্ঞানী কনৰাড লৰেঞ্জ আৰু কাৰ্ল ভন ফ্ৰিচৰ কামৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়। ইথ'লজী পৰীক্ষাগাৰ আৰু ক্ষেত্ৰ বিজ্ঞানক একত্ৰিত কৰি, নিউৰোএনাটমী, পৰিস্থিতিবিজ্ঞান আৰু বিৱৰ্তনশীল জীৱবিজ্ঞানৰ সৈতে এক শক্তিশালী সম্পৰ্কৰ সৃষ্টি কৰি তৈয়াৰ হোৱা এটা প্ৰাণীবিজ্ঞানৰ শাখা।ইথোলজীৰ লক্ষ্য হৈছে প্ৰাকৃতিক বিজ্ঞানৰ ব্যৱহাৰৰ সৈতে প্ৰাণীৰ আচৰণৰ অনুসন্ধান।[1]

ব্যুৎপত্তি বিজ্ঞান

[সম্পাদনা কৰক]

আধুনিক শব্দটো গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হৈছে: ἦθος, ইথ’ছ অৰ্থাৎ "চৰিত্ৰ" আৰু -λογία, -লজীয়া অৰ্থাৎ "অধ্যয়ন"। ১৯০২ চনত আমেৰিকাৰ পতংগবিজ্ঞানী উইলিয়াম মৰ্টন হুইলাৰে এই শব্দটো প্ৰথম জনপ্ৰিয় কৰিছিল।[2]

ইথ’লজীৰ আৰম্ভণি

[সম্পাদনা কৰক]
চাৰ্লছ ডাৰউইন (১৮০৯-১৮৮২) জীৱ-জন্তুৰ আৱেগৰ অভিব্যক্তি অধ্যয়ন কৰিছিল।

ইথোলজিষ্টসকলে বিশেষকৈ প্ৰাকৃতিক বাছনিৰ ক্ষেত্ৰত আচৰণৰ বিৱৰ্তনৰ অধ্যয়ন কৰে। এক অৰ্থত, প্ৰথম আধুনিক ইথোলজিষ্ট আছিল চাৰ্লছ ডাৰউইন, যাৰ ১৮৭২ চনৰ দ্য এক্সপ্ৰেছন অৱ দ্য ইমোচনছ ইন মেন এণ্ড এনিমেলছ নামৰ কিতাপখনে বহুতো ইথোলজিষ্টক প্ৰভাৱিত কৰিছিল। তেওঁ তেওঁৰ শিক্ষাৰ্থী সকলক আৰু বশেষকৈ তেওঁৰ ছাত্ৰ জৰ্জ ৰোমানেছক উৎসাহিত কৰিছিল, যিয়ে পিছত এক নৃতাত্ত্বিক পদ্ধতি, কাহিনীগত জ্ঞানবাদ ব্যৱহাৰ কৰি পশু শিক্ষণ আৰু বুদ্ধিমত্তাৰ অনুসন্ধান কৰি, যিবৈজ্ঞানিকসকলৰ সমৰ্থন লাভ কৰা নাছিল।[3] অন্যান্য প্ৰাৰম্ভিক ইথোলজিষ্ট, যেনে ইউগক্ৰীন মাৰাইছ, চাৰ্লচ অ' হুইটমেন, অস্কাৰ হেইনৰোথ, ৱালেচ ক্ৰেগ আৰু জুলিয়ান হাক্সলীয়ে তেওঁলোকৰ গৱেষণাক এনে আচৰণৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল যাক প্ৰবৃত্তিগত বা সহজাত বুলি ক'ব পাৰি । এনে আচৰণবোৰ নিৰ্দিষ্ট পৰিস্থিতিত সকলো প্ৰজাতিৰ ক্ষেত্ৰত ক্ষেত্ৰত দেখা যায়। [4][5][2] নতুন প্ৰজাতি এটাৰ আচৰণ অধ্যয়ন কৰাৰ বাবে তেওঁলোকৰ আৰম্ভণি বিন্দু আছিল এক ইথোগ্ৰাম নিৰ্মাণ কৰা, যি হৈছে মুখ্য প্ৰকাৰৰ আচৰণৰ বৰ্ণনা আৰু তেওঁলোকৰ ঘটনাৰ কম্পনাঙ্ক। ই আচৰণৰ এক উদ্দেশ্যপূৰ্ণ, সংগ্ৰহমূলক ডাটাবেচ প্ৰদান কৰে।[2]

ইথ’লজী ক্ষেত্ৰৰ বৃদ্ধি

[সম্পাদনা কৰক]

কনৰাড লৰেঞ্জ আৰু নিকো টিনবাৰ্গেনৰ কামৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ বছৰবোৰত মহাদেশীয় ইউৰোপত নৃতত্ত্বৰ বিকাশ প্ৰবলভাৱে হৈছিল।[2] যুদ্ধৰ পিছত টিনবাৰ্গেন অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু ব্ৰিটেইনত নৃতত্ত্ব অধিক শক্তিশালী হৈ পৰে আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উইলিয়াম থৰ্প, ৰবাৰ্ট হিণ্ডে আৰু পেট্ৰিক বেটছনৰ অতিৰিক্ত প্ৰভাৱ পৰে।[6] লৰেঞ্জ, টিনবাৰ্গেন আৰু ভন ফ্ৰিচক ১৯৭৩ চনত যৌথভাৱে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[7] এথ’লজী এতিয়া এক সুপৰিচিত বৈজ্ঞানিক শাখা, ইয়াৰ নিজা আলোচনী যেনে এনিমেল বিহেভিয়াৰ, এপ্লাইড এনিমেল বিহেভিয়াৰ ছায়েন্স, এনিমেল কগনিচন, বিহেভিয়াৰ, বিহেভিয়াৰেল ইক’লজি আৰু ইথ’লজী। ১৯৭২ চনত আন্তৰ্জাতিক মানৱ নৃতাত্ত্বিক সংস্থাৰ আলোচনী হিউমেন ইথ'লজিৰ সৈতে প্ৰতিষ্ঠা কৰা হয়।

আচৰণৰ নিৰ্ণায়ক

[সম্পাদনা কৰক]

আচৰণ তিনিটা প্ৰধান কাৰকৰ দ্বাৰা নিৰ্ধাৰিত হয়, যেনে- জন্মগত প্ৰবৃত্তি, শিক্ষণ আৰু পৰিৱেশৰ কাৰক। পিছৰবোৰৰ ভিতৰত অজৈৱিক আৰু জৈৱিক কাৰকসমূহো অন্তৰ্ভুক্ত। উষ্ণতা বা পোহৰৰ অৱস্থাৰ দৰে অজৈৱিক কাৰকে জীৱ-জন্তুৰ ওপৰত নাটকীয় প্ৰভাৱ পেলায়, বিশেষকৈ যদি ইহঁত বহিঃতাপীয় বা নিশাচৰ হয়। জৈৱিক কাৰকসমূহৰ ভিতৰত একে প্ৰজাতিৰ সদস্য (যেনে যৌন আচৰণ), শিকাৰু (যুদ্ধ বা পলায়ন), বা পৰজীৱী আৰু ৰোগ আদি অন্তৰ্ভুক্ত।

প্ৰবৃত্তি

[সম্পাদনা কৰক]
কেলপ গল নামৰ চৰাইৰ পোৱালীবোৰে মাকৰ ঠোঁটৰ ৰঙা ঠাইত খোঁচ মাৰে যাতে ৰিগাৰ্জিটেটিং ৰিফ্লেক্স উদ্দীপিত হয়।

ৱেবষ্টাৰৰ অভিধানে প্ৰবৃত্তিক "এটা জীৱৰ এক মুখ্যতঃ উত্তৰাধিকাৰী আৰু অপৰিৱৰ্তিত প্ৰৱণতা" হিচাপে সংজ্ঞায়িত কৰে। কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ পৰিৱেশৰ উদ্দীপকৰ প্ৰতি জটিল আৰু নিৰ্দিষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো এটা জীৱৰ বহুলাংশে উত্তৰাধিকাৰী সূত্ৰে পোৱা এক অপৰিৱৰ্তনীয় প্ৰৱণতা [8]

স্থিৰ কাৰ্য প্ৰণালী

[সম্পাদনা কৰক]

যদিও এই শব্দ বা ধাৰণাটো কনৰাড লৰেঞ্জৰ নামৰ সৈতে জড়িত, কিন্তু তেওঁৰ শিক্ষক অস্কাৰ হাইনৰোথে প্ৰথমে স্থিৰ কাৰ্য প্ৰণালী চিনাক্তকৰণৰ কাম কৰিছিল। লৰেঞ্জে এইবোৰক সহজাত সঁহাৰি হিচাপে জনপ্ৰিয় কৰিছিল যি চিনাক্ত কৰিব পৰা উদ্দীপনাৰ উপস্থিতিত বিশ্বাসযোগ্যভাৱে ঘটিব পাৰে যাক চিহ্ন উদ্দীপনা বা "উদ্দীপনা মুকলি কৰা" বুলি কোৱা হয়।স্থিৰ কাৰ্যপ্ৰণালীবোৰক এতিয়া সহজাত আচৰণগত ক্ৰম বুলি গণ্য কৰা হয় যিবোৰ প্ৰজাতিৰ ভিতৰত তুলনামূলকভাৱে অপ্ৰকাৰীয় আৰু সেয়া প্ৰায় অনিবাৰ্যভাৱে ঘটে।[9] মুকলি কৰাৰ এটা উদাহৰণ হ'ল নতুনকৈ কণীৰ পৰা ফুটা চৰাইৰ পোৱালিয়ে কৰা ঠোঁটৰ গতি, যিয়ে মাতৃক সন্তানৰ বাবে খাদ্য পাগুলিয়াবলৈ উদ্দীপিত কৰে।[10] অন্যান্য উদাহৰণ হৈছে টিনবাৰ্গেনৰ দ্বাৰা কণী পুনৰুদ্ধাৰ আচৰণ আৰু গ্ৰেলেগ গিজ নামৰ এক হাঁহৰ প্ৰজাতীৰ আচৰণৰ ওপৰত "অতিস্বাভাৱিক উদ্দীপনা"ৰ প্ৰভাৱৰ ওপৰত কৰা উৎকৃষ্ট অধ্যয়ন।[11][12] এই ধৰণৰ এটা অনুসন্ধান আছিল মৌমাখিৰ শিক্ষণ আৰু যোগাযোগ অধ্যয়নত মৌমাখিৰ নৃত্য।[13]

অভ্যাস হৈছে শিক্ষণৰ এক সৰল প্ৰকাৰ আৰু বহুতো প্ৰাণীৰ ক্ষেত্ৰত হয়। এইটো সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা জন্তুৱে উদ্দীপনাৰ প্ৰতি সঁহাৰি দিয়া বন্ধও কৰিব পাৰে। প্ৰায়ে, সঁহাৰি হৈছে এক সহজাত আচৰণ। মূলতঃ, জন্তুটোৱে অপ্ৰাসঙ্গিক উদ্দীপনাৰ প্ৰতি সঁহাৰি নিদিবলৈ শিকে। উদাহৰণ স্বৰূপে, প্ৰেৰী কুকুৰবোৰে (চাইনোমিছ লুডোভিচিয়ানাছ) চিকাৰীবোৰ ওচৰলৈ গ'লে এলাৰ্ম কল (একপ্ৰকাৰৰ বিষেশ চিত্কাৰ)দিয়ে, যাৰ ফলত গোটটোৰ সকলো কুকুৰ দ্ৰুততাৰে বিলৰ তললৈ নামি যায়। কিন্তু যেতিয়া প্ৰেৰী কুকুৰথকা ঠাই মানুহে ব্যৱহাৰ কৰা পথৰ ওচৰত অৱস্থিত হয়, প্ৰতিবাৰ এজন ব্যক্তিয়ে খোজ কাঢ়িলে কুকুৰে এলাৰ্ম কল দিয়াটো সময় আৰু শক্তিৰ ক্ষেত্ৰত ব্যয়বহুল হয়। সেয়েহে মানুহৰ ক্ষেত্ৰত তেওঁলোকে এনে চিত্কাৰ মৰাৰ পৰা বিৰত থকাৰ অভ্যাস কৰে।এই সন্দৰ্ভত ই এক গুৰুত্বপূৰ্ণ অভ্যাস।[14][15][16]

সংগতিশীল শিক্ষণ

প্ৰাণীৰ আচৰণত সংগতিশীল বা সহযোগী শিক্ষণ হ’ল এক শিক্ষণ প্ৰক্ৰিয়া য'ত এটা নতুন সঁহাৰি এটা নিৰ্দিষ্ট উদ্দীপনাৰ সৈতে সম্পৰ্কিত হৈ পৰে। ৰাছিয়াৰ শৰীৰতত্ববিদ ইভান পাভলভএ সহযোগী শিক্ষাৰ প্ৰথম অধ্যয়ন কৰিছিল। তেওঁ কুকুৰবোৰক খাদ্য দিয়াৰ লগতে এটা ঘণ্টা বজোৱাৰ অভ্যাস সংযুক্ত কৰিছিল। প্ৰথমে কুকুৰৰ খাদ্য দেখিহে লেলাৱতি ওলাইছিল। এনে প্ৰশিক্ষণ অলপদিন চলাৰ পিছত কুকুৰৰ খাদ্য নেদেখি কেৱল ঘণ্টাৰ মাত শুনিয়েই লেলাৱতি ওলাইছিল যাক সংগতিশীল শিক্ষণ বুলি কোৱা হয় ।[17]

ইমপ্ৰিণ্টিং

[সম্পাদনা কৰক]
এটা পহুৰ ইমপ্ৰিণ্টিং

ইমপ্ৰিণ্টিংয়ে জীৱক নিজৰ প্ৰজাতিৰ সদস্যসকলক বৈষম্য কৰিবলৈ সক্ষম কৰে, যি প্ৰজনন সফলতাৰ বাবে গুৰুত্বপূৰ্ণ। এই গুৰুত্বপূৰ্ণ প্ৰকাৰৰ শিক্ষা কেৱল অতি সীমিত সময়ত হে হয়। কনৰাড লৰেঞ্জে লক্ষ্য কৰিছিল যে গিজ আৰু কুকুৰাৰ দৰে চৰাই পোৱালি জন্ম হোৱাৰ প্ৰায় প্ৰথম দিনৰ পৰাই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ মাতৃক অনুসৰণ কৰিছিল। তেওঁ আৱিষ্কাৰ কৰিছিল যে যদি কণীবোৰ কৃত্ৰিমভাৱে ইনকিউবেট কৰা হয় আৰু উদ্দীপনাবোৰ এক সংকটজনক সময়ত উপস্থাপন কৰা হয়, তেনেহ'লে এই অনুসৰণ কৰা সঁহাৰিটো পোৱালিবোৰে মাকৰ সলনি প্ৰথম দেখা উদ্দীপকক (যেনে গৱেষক, বা জন্মৰ পিছত তেওঁলোকৰ আগত উপস্থাপন কৰা যিকোনো বস্তু) অনুসৰণ কৰিবলৈ ধৰে। [18]

উদ্ধৃতি

[সম্পাদনা কৰক]
  1. Immelmann, K. (2012). Introduction to ethology. Springer Science & Business Media.
  2. 1 2 3 4 Matthews, Janice R.; Matthews, Robert W. (2009). Insect Behaviour. Springer. পৃষ্ঠা. 13. ISBN 978-90-481-2388-9.
  3. Keeley, Brian L. (2004). "Anthropomorphism, primatomorphism, mammalomorphism: understanding cross-species comparisons". York University. পৃষ্ঠা: 527. http://www.yorku.ca/andrewsk/documents/Keeley_Anthropomorphism.pdf আহৰণ কৰা হৈছে: 19 December 2008.
  4. "Guide to the Charles Otis Whitman Collection ca. 1911". lib.uchicago.edu. https://www.lib.uchicago.edu/e/scrc/findingaids/view.php?eadid=ICU.SPCL.WHITMANCO#idp149584456 আহৰণ কৰা হৈছে: 2022-09-21.
  5. Schulze-Hagen, Karl; Birkhead, Timothy R. (2015-01-01). "The ethology and life history of birds: the forgotten contributions of Oskar, Magdalena and Katharina Heinroth". Journal of Ornithology খণ্ড 156 (1): 9–18. doi:10.1007/s10336-014-1091-3. ISSN 2193-7206. https://doi.org/10.1007/s10336-014-1091-3.
  6. Bateson, Patrick (1991). The Development and Integration of Behaviour: Essays in Honour of Robert Hinde. Cambridge University Press. পৃষ্ঠা. 479. ISBN 978-0-521-40709-0.
  7. "The Nobel Prize in Physiology or Medicine 1973". Nobelprize.org.. https://www.nobelprize.org/nobel_prizes/medicine/laureates/1973/index.html আহৰণ কৰা হৈছে: 9 September 2016. "The Nobel Prize in Physiology or Medicine 1973 was awarded jointly to Karl von Frisch, Konrad Lorenz and Nikolaas Tinbergen 'for their discoveries concerning organization and elicitation of individual and social behaviour patterns'."
  8. "Instinct". Merriam-Webster Dictionary. 16 August 2023. http://www.merriam-webster.com/dictionary/instinct.
  9. Campbell, N. A. (1996). "Chapter 50". Biology (4 সম্পাদনা). Benjamin Cummings, New York. ISBN 978-0-8053-1957-6.
  10. Bernstein, W. M. (2011). A Basic Theory of Neuropsychoanalysis. Karnac Books. পৃষ্ঠা. 81. ISBN 978-1-85575-809-4.
  11. Tinbergen, Niko (1951). The Study of Instinct. Oxford University Press, New York..
  12. Tinbergen, Niko (1953). The Herring Gull's World. Collins, London.
  13. Buchmann, Stephen (2006). Letters from the Hive: An Intimate History of Bees, Honey, and Humankind. Random House of Canada. পৃষ্ঠা. 105. ISBN 978-0-553-38266-2.
  14. Breed, Michael D. (2001). "Habituation". www.animalbehavioronline.com. Archived from the original on 29 September 2004. https://web.archive.org/web/20040929193001/http://www.animalbehavioronline.com/habituation.html আহৰণ কৰা হৈছে: 29 August 2024.
  15. Keil, Frank C.; Wilson, Robert Andrew (2001). The MIT encyclopedia of the cognitive sciences. MIT Press. পৃষ্ঠা. 184. ISBN 978-0-262-73144-7. https://archive.org/details/encyclopediacogn00wils.
  16. Bouton, M. E. (2007). Learning and behavior: A contemporary synthesis. Sunderland. Archived from the original on 31 August 2016. https://web.archive.org/web/20160831133911/http://sites.sinauer.com/bouton/glossary.html#Habituation আহৰণ কৰা হৈছে: 9 September 2016.
  17. Hudmon, Andrew (2005). Learning and memory. Infobase Publishing. পৃষ্ঠা. 35. ISBN 978-0-7910-8638-4. https://archive.org/details/learningmemory0000hudm/page/35.
  18. Mercer, Jean (2006). Understanding attachment: parenting, child care, and emotional development. Greenwood Publishing Group. পৃষ্ঠা. 19. ISBN 978-0-275-98217-1.