ইদিপাছ কমপ্লেক্স
ইদিপাছ কমপ্লেক্স (ইংৰাজী: Oedipus complex) ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা।ইয়াৰ অৰ্থ হ'ল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি।[1][2] বিশ্ববিখ্যাত মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই পুত্ৰ সন্তানসকলৰ মাতৃৰ প্ৰতি এক ধৰণৰ অনুৰাগ অথবা আকৰ্ষণ গঢ় লৈ উঠে আৰু এই অনুৰাগ গঢ় লয় সন্তানৰ অকালজাত যৌন চেতনাৰ প্ৰভাৱৰ ফলত। ইয়াৰ সমান্তৰালভাৱে পুত্ৰসন্তানসকলৰ মনত পিতৃৰ প্ৰতি এক ধৰণৰ বিৰাগ বা বিকৰ্ষণে ঠাই লয়।গ্ৰীক নাট্যকাৰ চফোক্লিচে তেওঁৰ"ইদিপাচ ৰেক্স" নামৰ নাটকখনৰ কাহিনীত বৰ্ণনা কৰিছে যে থিবচ্ নামৰ দেশখনৰ ৰজা ইদিপাচে নিজ নজনাকৈয়ে অথবা পূৰ্বৰ অভিশাপ অনুসৰি নিজ পিতৃক হত্য কৰি তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু নিজ মাতৃক বিয়া কৰায়।এই ইদিপাচ নামৰ ৰজা জনৰ নাম অনুসৰিয়েই চিগমাণ্ড ফ্ৰয়ডে পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এই অৱচেতন যৌনকামনাটোৰ নাম ইদিপাচ কমপ্লেক্স ৰাখিছে।