ইল’ইজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইল’ইজ
সম্পূৰ্ণ নাম ইল’ইজ
জন্ম ১১০০–১১০১
পেৰিছৰ ওচৰত, ফ্ৰান্স
মৃত্যু ২১ এপ্ৰিল, ১১৬৩
ট্ৰ’ৱাৰ ওচৰত, ফ্ৰান্স
যুগ মধ্যযুগীয় দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা স্ক’লাষ্টিচিজ্‌ম
আগ্ৰহ নীতিশাস্ত্ৰ, বন্ধুত্ব, প্ৰেম আৰু যৌনতাৰ দৰ্শন, ভাষাৰ দৰ্শন, ধৰ্মতত্ত্ব, নাৰীবাদ

ইল’ইজ (ফৰাচী: Héloïse)এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী আৰু মঠাধিকাৰিণী আছিল। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ‌ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।[1][2]

পীয়েৰ এবেলাৰ্ডৰ সৈতে ইল’ইজৰ প্ৰেম আৰু তেওঁলোকৰ মাজত হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ বাবেহে ইল’ইজ ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত বেছি বিখ্যাত। পীয়েৰ এবেলাৰ্ড আছিল মধ্যযুগৰ এগৰাকী আগশাৰীৰ যুক্তিবিদ তথা ধৰ্মতত্ত্ববিদ যি পাছলৈ ইল’ইজৰ সহকৰ্মী, সহযোগী আৰু স্বামী হৈ পৰিছিল। এবেলাৰ্ডৰ কামৰ ওপৰত সমালোচনাত্মক বৌদ্ধিক প্ৰভাৱ পেলোৱাৰ বাবে আৰু তেওঁক বহুতো প্ৰত্যাহ্বানমূলক প্ৰশ্ন উত্থাপন কৰাৰ বাবে ইল'ইজ জনাজাত আছিল।[3]

তেওঁৰ চিঠি-পত্ৰসমূহক ফৰাচী আৰু ইউৰোপীয় সাহিত্যৰ ভেটি তথা ভদ্ৰতা আৰু মৰ্যাদাসম্পন্ন প্ৰেমৰ অভ্যাসৰ মুখ্য প্ৰেৰণা হিচাপে গণ্য কৰা হয়। তেওঁৰ পাণ্ডিত্যপূৰ্ণ আৰু কেতিয়াবা কামোদ্দীপকভাৱে লিখা চিঠি-পত্ৰসমূহে বিলডান্‌ছৰোমান ধাৰাটোৰ লেটিন ভেটি গঠন কৰে, আনহাতে এই চিঠি-পত্ৰসমূহে এবেলাৰ্ডৰ হিষ্ট’ৰিয়া কেলামিটেটামৰ সৈতে ধ্ৰুপদী এপিষ্ট’লাৰী ধাৰাটোৰ আৰ্হি হিচাপে কাম কৰে। ইল'ইজৰ প্ৰভাৱ পিছৰ লেখক, যেনে— ক্ৰেটিয়িন ডি ট্ৰ’ৱা, জিঅ’ফ্ৰি চ’চাৰ, মেডাম ডি লা ফায়েট, থমাছ একুৱাইনাছ, চ’ডাৰলছ ডি লাক্ল’ছ, ভল্টেয়াৰ, ৰুছ’, ছিম’ন ৱেই, আৰু ড’মিনিক অ’ৰীৰ ওপৰতো বিস্তৃত।

পাণ্ডিত্যত নাৰীৰ প্ৰতিনিধিত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইল'ইজ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আৰু আধুনিক নাৰীবাদৰ বিকাশত প্ৰভাৱ পেলোৱা লিংগ আৰু বিবাহৰ বিতৰ্কিত চিত্ৰণৰ বাবেও তেওঁ পৰিচিত।

জীৱন[সম্পাদনা কৰক]

পটভূমি আৰু শিক্ষা[সম্পাদনা কৰক]

জীৱনৰ আৰম্ভণিতে পেৰিছৰ ঠিক বাহিৰৰ আৰ্জাটুৱেই কনভেণ্টৰ পৰা অহা ইল’ইজে লেটিন, গ্ৰীক আৰু হিব্ৰু ভাষাৰ এগৰাকী আগশাৰীৰ বিদুষী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু কৈশোৰ কাললৈকে সন্ন্যাসিনীসকলৰ পৰা শিক্ষা লাভ কৰিছিল। যুৱতী হিচাপে পেৰিছত উপস্থিত হোৱাৰ লগে লগে ভাষাজ্ঞান আৰু লেখা-মেলাৰ বিশেষজ্ঞতাৰ বাবে ইতিমধ্যে তেওঁ সুপৰিচিত হৈছিল।[4] তদুপৰি তেওঁ বুদ্ধিমত্তা আৰু অন্তৰ্দৃষ্টিসম্পন্ন দৃষ্টিভংগীৰ বাবে সুনামো অৰ্জন কৰিছিল। এবেলাৰ্ডে লিখিছে যে ইল’ইজ আছিল nominatissima অৰ্থাৎ পঢ়া আৰু লিখাৰ ক্ষেত্ৰত তেওঁ জন্মসূত্ৰে লাভ কৰা উপহাৰৰ বাবে “আটাইতকৈ বিখ্যাত”। ইল’ইজে কবিতা, নাটক আৰু গীতো ৰচনা কৰিছিল। অৱশ্যে কালক্ৰমত তাৰে কিছুমান হেৰাই গৈছে।

ইল’ইজৰ পিতৃৰ নাম আছিল গিলবাৰ্ট গাৰ্লেণ্ড আৰু মাকৰ নাম আছিল হাৰছিণ্ড। মাকৰ ফালৰ খুৰাক কেন’ন ফুলবাৰ্ট আছিল ইল’ইজৰ অভিভাৱক।[5]

ইল’ইজৰ চিঠিসমূহত তেওঁ ইংগিত দিছে যে তেওঁ পীয়েৰ এবেলাৰ্ডতকৈ নিম্ন সামাজিক স্থানৰ। এবেলাৰ্ড প্ৰকৃততে নিম্ন আভিজাত্যৰ আছিল যদিও দাৰ্শনিক হ’বলৈ তেওঁ নাইটৰ পদক নাকচ কৰিছিল।[6] জল্পনা-কল্পনাৰ পৰা অনুমান কৰিব পাৰি যে ইল’ইজে নিজকে এবেলাৰ্ডতকৈ নিম্ন সামাজিক শ্ৰেণীৰ বুলি উপস্থাপন কৰাত তেওঁৰ পিতৃ-মাতৃয়ে ইয়াৰ বিপক্ষে যুক্তি দৰ্শাইছিল। ইল’ইজৰ মাতৃ নিম্ন আভিজাত্যৰ আছিল আৰু আনহাতে পিতৃ এবেলাৰ্ডতকৈ উচ্চ সামাজিক স্তৰৰ আছিল আৰু তেওঁৰ পৃষ্ঠপোষক হিচাপে কাম কৰিছিল।

নিশ্চিতভাৱে জনা কথাটো হ’ল যে ইল’ইজৰ খুৰাক ফুলবাৰ্টে তেওঁক আৰ্জাটুৱেইৰ শৈশৱৰ ঘৰৰ পৰা নট্ৰে ডেমলৈ লৈ আহিছিল।[7] কৈশোৰ কালৰ মাজভাগৰ পৰা বিশৰ দশকৰ আৰম্ভণিলৈকে ইল’ইজ নিজৰ পাণ্ডিত্যৰ বাবে সমগ্ৰ ফ্ৰান্সতে বিখ্যাত হৈছিল। ইল’ইজৰ জন্ম বৰ্ষটো বিতৰ্কিত হ’লেও এবেলাৰ্ডক লগ পোৱা সময়ত তেওঁৰ বয়স প্ৰায় ১৫ৰ পৰা ১৭ বছৰ আছিল বুলি ধৰা হয়। এবেলাৰ্ডৰ ছাত্ৰী হোৱাৰ সময়লৈকে তেওঁ নিজেই ইতিমধ্যে উচ্চ সুনামৰ অধিকাৰী হৈছিল।[7][4] একাধিক ভাষাৰ সৈতে পৰিচিত নাৰী যৌনতাৰ এগৰাকী কাব্যিক আৰু অতি শিক্ষিত বিস্ময়কৰ ব্যক্তি হিচাপে তেওঁ বহুত মনোযোগ আকৰ্ষণ কৰিছিল। আনকি তেওঁৰ প্ৰতিভা ক্লানিৰ পিটাৰ দ্য ভেনেৰেবলৰো দৃষ্টিগোচৰ হৈছিল। দুয়োজনেই সৰুতে ইল’ইজৰ প্ৰশংসাৰ বিষয়ে সচেতন হোৱা বুলি তেওঁ স্বীকাৰ কৰিছিল। অতি সোনকালেই ইল’ইজে চেলিব্ৰিটি পণ্ডিত পীয়েৰ এবেলাৰ্ডৰ ৰোমাণ্টিক আগ্ৰহ আকৰ্ষণ কৰে।

ইল’ইজে এবেলাৰ্ড বা তেওঁৰ আত্মীয় ডেনিছৰ পৰা চিকিৎসা বা লোকচিকিৎসা বিজ্ঞানৰ জ্ঞান লাভ কৰিছিল[8] আৰু পেৰাক্লিট মঠৰ মঠাধিকাৰিনীৰ ভূমিকাত চিকিৎসক হিচাপে সুনাম অৰ্জন কৰিছিল বুলি কোৱা হয়।

এবেলাৰ্ডৰ সৈতে সাক্ষাৎ[সম্পাদনা কৰক]

জঁ বেটিষ্ট গয়েটৰ তুলিকাত ইল’ইজ আৰু এবেলাৰ্ড (১৮২৯ খ্ৰীষ্টাব্দ)

এবেলাৰ্ডে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ হিষ্ট’ৰিয়া কেলামিটেটামত ইল’ইজৰ সৈতে হোৱা সাক্ষাৎৰ কথা উল্লেখ কৰিছে। ১১১৫ খ্ৰীষ্টাব্দত এবেলাৰ্ডে নট্ৰে ডেমৰ পেৰিছৰ স্কুলত অধ্যাপনা কৰা সময়ছোৱাত তেওঁলোকে ইজনে সিজনক প্ৰথমবাৰৰ বাবে লগ পাইছিল। এবেলাৰ্ডে তেওঁলোকৰ সম্পৰ্কক পূৰ্ব পৰিকল্পিত প্ৰলোভনৰ পৰা আৰম্ভ হোৱা বুলি বৰ্ণনা কৰিছে যদিও ইল’ইজে তেওঁৰ প্ৰত্যুত্তৰত এই দৃষ্টিভংগীক অটলভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। কেতিয়াবা অনুমান কৰা হয় যে নিজৰ শাস্তি আৰু ধৰ্মক আঁকোৱালি লোৱা কাৰ্যক ন্যায্যতা প্ৰদান কৰিবলৈ অথবা এগৰাকী মঠাধিকাৰিনী আৰু ঈশ্বৰৰ প্ৰতি নিষ্ঠাবান মহিলা হিচাপে ইল’ইজৰ সুনাম ৰক্ষা কৰিবলৈ এবেলাৰ্ডে তেওঁলোকৰ সম্পৰ্কটোক সম্পূৰ্ণৰূপে নিজৰ দোষ বুলি চিত্ৰিত কৰিছিল।[9] ইয়াৰ বিপৰীতে ইল’ইজে তেওঁৰ প্ৰাৰম্ভিক প্ৰেম পত্ৰসমূহত নিজকে এই প্ৰেমৰ গুৰি ধৰোঁতা হিচাপে চিত্ৰিত কৰিছে। নট্ৰে ডেমৰ হাজাৰ হাজাৰ পুৰুষৰ মাজত তেওঁ এবেলাৰ্ডক বিচাৰিছিল আৰু অকলেই তেওঁক বন্ধু আৰু প্ৰেমিক হিচাপে বাছি লৈছিল।[10]

এবেলাৰ্ডে তেওঁৰ চিঠিসমূহত ইল’ইজক অত্যন্ত বুদ্ধিমন্ত আৰু বেচ ধুনীয়া বুলি প্ৰশংসা কৰিছে। ইল’ইজক যৌনতাৰ পণ্য হিচাপে সজোৱাতকৈ তেওঁৰ শৈক্ষিক মৰ্যাদাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি এবেলাৰ্ডে লিখিছিল: “তাই মুখত বেয়া নহয়, কিন্তু তাইৰ প্ৰাচুৰ্যপূৰ্ণ লেখাসমূহ অপ্ৰতিদ্বন্দ্বী।”[11] তেওঁ জোৰ দি কৈছে যে তেওঁ বিশেষকৈ ইল’ইজৰ সাক্ষৰতা আৰু শিক্ষণৰ বাবেই তেওঁক বিচাৰিছিল, যিটো তেওঁৰ যুগৰ বেছিভাগ মঠৰ বাহিৰৰ মহিলাৰ ক্ষেত্ৰত শুনা নগৈছিল।

তেওঁলোকৰ চিনাকি হোৱাৰ সময়ত ইল’ইজৰ বয়স কিমান আছিল সেয়া স্পষ্টকৈ জনা নাযায়। দ্বাদশ শতিকাৰ সময়ছোৱাত ফ্ৰান্সত যুৱক বা যুৱতীয়ে সাধাৰণতে ১২ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰত বিশ্ববিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰিছিল।[12] এগৰাকী যুৱতী হিচাপে তেওঁ সম্ভৱতঃ পুৰুষ বিদ্যাৰ্থীৰ সৈতে মত বিনিময় কৰা আৰু নট্ৰে ডেমৰ বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল। সেই সময়ত বিশ্ববিদ্যালয়ৰ শিক্ষা কেৱল পুৰুষকহে দিয়া হৈছিল, আৰু এই বয়সত কনভেণ্টৰ শিক্ষা কেৱল সন্ন্যাসিনীসকলৰ বাবেহে সংৰক্ষিত আছিল যদিও এই বয়সত তেওঁৰ ফুৰাক ফুলবাৰ্টে তেওঁৰ বাবে বিশেষ শিক্ষাৰ ব্যৱস্থা কৰাটো স্বাভাৱিক আছিল। ইল’ইজক এবেলাৰ্ডে এগৰাকী adolescentula অৰ্থাৎ কণমানি ছোৱালী বুলি বৰ্ণনা কৰিছে। এই বৰ্ণনাৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে এবেলাৰ্ডক লগ পোৱাৰ সময়ত ইল’ইজৰ বয়স পোন্ধৰৰ পৰা সোতৰ বছৰৰ ভিতৰত হ’ব আৰু এই হিচাপত তেওঁৰ জন্ম ১১০০–০১ খ্ৰীষ্টাব্দত হৈছিল।[13] উল্লেখ্য যে এবেলাৰ্ড আৰু ইল’ইজ একে বয়সতে মৃত্যুবৰণ কৰিছিল অৰ্থাৎ দুয়োৰে মৃত্যু ৬৩ বছৰ বয়সত হৈছিল। ইল’ইজৰ জন্ম বৰ্ষৰ কোনো প্ৰাথমিক উৎস পোৱা হোৱা নাই।

ৰোমাণ্টিক সম্বন্ধ[সম্পাদনা কৰক]

এডমাণ্ড ব্লেয়াৰ লেইটনৰ তুলিকাত ইল’ইজ আৰু এবেলাৰ্ড (১৮৮২ খ্ৰীষ্টাব্দ)

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তে ফুৰাক কেন’ন ফুলবাৰ্টে পীয়েৰ এবেলাৰ্ডৰ ওচৰত ইল’ইজৰ ব্যক্তিগত টিউচনৰ ব্যৱস্থা কৰি দিয়ে। এবেলাৰ্ড আছিল সেইসময়ৰ পশ্চিম ইউৰোপৰ এজন আগশাৰীৰ দাৰ্শনিক আৰু নট্ৰে ডেমৰ আটাইতকৈ জনপ্ৰিয় ধৰ্মনিৰপেক্ষ অধ্যাপক। এই সময়তে কাকতলীয়াকৈ এবেলাৰ্ডে ভাড়াঘৰ বিচাৰি আছিল। এটা চুক্তি কৰা হ’ল—এবেলাৰ্ডে ফুলবাৰ্টক ভাড়া দিয়াৰ সলনি ইল’ইজক শিক্ষাদান কৰিব আৰু নিয়মানুৱৰ্তিতাৰ প্ৰশিক্ষণ দিব।

এই সময়ছোৱাতেই এবেলাৰ্ড আৰু ইল’ইজৰ মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠে যি ইল’ইজ অন্তঃসত্ত্বা নোহোৱালৈকে চলি থাকিল। এবেলাৰ্ডে ইল’ইজক ফুলবাৰ্টৰ পৰা আঁতৰাই নি ব্ৰিটানিত থকা নিজৰ ভনীয়েক ডেনিছৰ[14] ওচৰলৈ পঠিয়াই দিয়ে আৰু তাৰ পৰাই ইল’ইজে এষ্ট্ৰ’লেব নামৰ এজন ল’ৰা সন্তান জন্ম দিয়ে।[15]

ফুলবাৰ্টক সন্তুষ্ট কৰিবলৈ এবেলাৰ্ডে ইল’ইজক বিয়া কৰাবলৈ সন্মত হয় যদিও এটা চৰ্ত আছিল যে এবেলাৰ্ডৰ জীৱিকাৰ কোনো ক্ষতি নহ’বৰ বাবে এই বিবাহ গোপন কৰি ৰাখিব লাগিব। বিবাহৰ ফলত এবেলাৰ্ডৰ জীৱিকাৰ ক্ষতি হোৱাৰ আশংকাত ইল’ইজে গোপন বিবাহৰ ওপৰত জোৰ দিছিল। সম্ভৱতঃ এবেলাৰ্ডে শেহতীয়াকৈ ৰিলিজিয়াছ অৰ্ডাৰত যোগদান কৰিছিল। মধ্যযুগত নিয়ম আছিল যে যিসকলে গীৰ্জাত পুৰোহিত বা উচ্চ পৰ্যায়ৰ পদ গ্ৰহণ কৰে, তেওঁলোকে বিয়াৰ বান্ধোনত সোমোৱাটো নিষেধ আছিল কিয়নো বিয়াৰ বান্ধোনত সোমালে, তেওঁলোকৰ কৰ্মত ব্যাঘাত হয় বুলি সেই দিনৰ ধৰ্ম-প্ৰতিষ্ঠানবিলাকৰ ভৱিষ্যৎ উন্নতিত বাধা জন্মে। প্ৰথমাৱস্থাত ইল’ইজে কোনো বিবাহত সন্মতি দিবলৈ অনিচ্ছুক আছিল যদিও শেষত এবেলাৰ্ডে তেওঁক বিবাহৰ বাবে ৰাজী কৰাইছিল।[16] ব্ৰিটানিৰ পৰা উভতি আহি ইল’ইজে এবেলাৰ্ডৰ সৈতে পেৰিছত গোপনে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত চুক্তি অনুসৰি ইল’ইজ খুৰাকৰ ঘৰতে থাকিবলৈ ল’লে।

ঘটনাৰ কৰুণ পাক[সম্পাদনা কৰক]

ফুলবাৰ্টে তৎক্ষণাত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰি বিবাহৰ বাতৰি প্ৰচাৰ কৰিবলৈ ধৰিলে। ইল’ইজে এই কথা অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত ফুলবাৰ্টৰ ক্ৰোধ আৰু ককৰ্থনা জাগ্ৰত হৈ উঠিছিল । এবেলাৰ্ডে ইল’ইজক আৰ্জাটুৱেইৰ কনভেণ্টলৈ পঠিয়াই উদ্ধাৰ কৰিছিল। ইল’ইজে সন্ন্যাসিনীৰ সাজ-পোছাক পিন্ধিছিল আৰু তেওঁলোকৰ জীৱনৰ অংশীদাৰ আছিল যদিও তেওঁৰ ওৰণি লোৱা হোৱা নাছিল। ইল’ইজক ঘৰৰ পৰা লৈ যোৱাত ক্ষুব্ধ হৈ আৰু সম্ভৱতঃ এবেলাৰ্ডে ইল’ইজৰ পৰা মুক্তি পাবলৈ আৰ্জাটুৱেইত তেওঁক পেলাই দিয়া বুলি ভাবি ফুলবাৰ্টে এদিন ৰাতি এবেলাৰ্ডৰ কোঠাত সোমাই তেওঁক অপুৰুষ কৰাৰ ব্যৱস্থা কৰিলে। এই ভিজিলেণ্ট আক্ৰমণৰ আইনী প্ৰতিশোধ হিচাপে গোটটোৰ সদস্যসকলক শাস্তি দিয়া হয় আৰু জনসাধাৰণৰ দ্বাৰা ঘৃণীত হৈ ফুলবাৰ্টে নিজৰ কেন’ন কৰ্তব্যৰ পৰা সাময়িকভাৱে ছুটী লয়।[17]

এই ঘটনাৰ পিছত,[18] নিজৰ পৰিস্থিতিত লজ্জিত হৈ এবেলাৰ্ড পেৰিছৰ ছেইণ্ট ডেনিছৰ এবেত সন্ন্যাসী হৈ পৰে। আৰ্জাটুৱেইৰ কনভেণ্টত ইল’ইজে ওৰণিখন লৈছিল। লুকানৰ ফাৰ্ছালিয়াত কৰ্নেলিয়াৰ ভাষণৰ পৰা উদ্ধৃতি দি তেওঁ কৈছিল: “মই তোমাক কিয় বিয়া কৰাই তোমাৰ পতন আনিলোঁ? এতিয়া...মোক আনন্দৰে শাস্তি পোৱাটো চোৱা।”[19]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "A letter from Eugene III, pope (1147)". ColumbiaCTL. https://epistolae.ctl.columbia.edu/letter/197.html। আহৰণ কৰা হৈছে: 16 January 2024. 
  2. Herbermann, Charles, ed. (1913). "Praelatus Nullius". Catholic Encyclopedia. New York: Robert Appleton Company. 
  3. "A letter from Heloise, abbess of the Paraclete ()". ColumbiaCTL. https://epistolae.ctl.columbia.edu/letter/178.html। আহৰণ কৰা হৈছে: 16 January 2024. 
  4. 4.0 4.1 Smith, Bonnie G. (2008). The Oxford encyclopedia of women in world history, Volume 1. প্ৰকাশক Heloise: Oxford University Press. পৃষ্ঠা. 445. ISBN 978-0-19-514890-9. https://books.google.com/books?id=EFI7tr9XK6EC&pg=RA1-PA445। আহৰণ কৰা হৈছে: 17 January 2024. 
  5. Burger, James (2006). Heloise and Abelard: A New Biography. HarperCollins. ISBN 9780060816131. https://books.google.com/books?id=-mshQ2HLIksC। আহৰণ কৰা হৈছে: 17 January 2024. 
  6. Matheson, Lister M (2011). Icons of the Middle Ages: Rulers, Writers, Rebels, and Saints. প্ৰকাশক Abelard's Early Life and Education. পৃষ্ঠা. 2. ISBN 978-1573567800. https://books.google.com/books?id=bG0qYe0ia6sC&pg=PA2। আহৰণ কৰা হৈছে: 17 January 2024. 
  7. 7.0 7.1 Shaffer, Andrew (2011). Great Philosophers Who Failed at Love. Harper Perennial. পৃষ্ঠা. 8. ISBN 978-0-06-196981-2. https://books.google.com/books?id=XSgN_rOA6vIC&pg=PA8। আহৰণ কৰা হৈছে: 17 January 2024. 
  8. Smith Shearer, Barbara; Shearer, Benjamin F. (1996). Notable women in the life sciences : a biographical dictionary. প্ৰকাশক Westport, CN: Greenwood Press. ISBN 0-313-29302-3. 
  9. Levitan, William. Abelard and Heloise: The Letters and Other Writings. 
  10. Mews, Constant. The Lost Love Letters of Abelard and Heloise. 
  11. Nielsen, Jennifer. English Trans. of Latin source from Historia calamitatum and Letters 1-7, ed., J.T. Muckle and T. McLaughlin, Medieval Studies.
  12. "The Medieval University". https://sites.udel.edu/britlitwiki/the-medieval-university/#:~:text=Most%20students%20began%20their%20university,were%20all%20male%20(Haskins)। আহৰণ কৰা হৈছে: 20 January 2024. 
  13. Historia Calamitatum, in Betty Radice, trans, The Letters of Abelard and Heloise, (Penguin, 1974), p. 66
  14. Hughes, John (1787). Letters of Abelard and Heloise with a Particular Account of Their Lives, Amours, and Misfortunes: Extracted Chiefly From Monsieur Bayle by John Hughes, Esq., to Which Are Added, Four Poems, By Mr. Pope, and Other Hands. প্ৰকাশক London: Printed for Joseph Wenman, No. 144, Fleet-Street. পৃষ্ঠা. 64. 
  15. Historia Calamitatum, in Betty Radice, trans, The Letters of Abelard and Heloise, (Penguin, 1974), p. 69
  16. Historia Calamitatum, in Betty Radice, trans, The Letters of Abelard and Heloise, (Penguin, 1974), pp. 70–74.
  17. Historia Calamitatum, in Betty Radice, trans, The Letters of Abelard and Heloise, (Penguin, 1974), p. 75
  18. Abelard, Peter (2007). The letters and other writings. Hackett Pub Co. ISBN 978-0-87220-875-9. https://books.google.com/books?id=REPM2edtbfsC&q=abelard+castration&pg=PR16। আহৰণ কৰা হৈছে: 20 January 2024. 
  19. Historia Calamitatum

বাহ্যিক সংযোগ[সম্পাদনা কৰক]