উত্তম বৰুৱা
অৱয়ব
উত্তম বৰুৱা | |
---|---|
জন্ম | ১৯৩৯ অসম |
মৃত্যু | ২০১১ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উত্তম বৰুৱা (ইংৰাজী:UTTAM BORUAH) হৈছে এজন অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। [1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]- উত্তম বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৫ জুলাই তাৰিখে গুৱাহাটীৰ আজাৰাত। তেখেতৰ পিতৃৰ নাম জগত চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা আছিল। [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]- উত্তম বৰুৱা গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্ৰেৰীৰ গ্ৰন্থাগাৰিক আৰু পিছলৈ জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকিছিল। [3]
নাটক
[সম্পাদনা কৰক]- লাচিত বৰফুকন [4]
- কুশল কোঁৱৰ [5]
- পণ্ডিতৰ জীৱন [6]
- আজিৰ মানুহ [7]
- মধ্যবিত্তৰ সংসাৰ [8]
- মোমাই তামোলী বৰবৰুৱা [9]
- দৃষ্টিপাত [10]
- চোৰ [11]
- বৰৰজা ফুলেশ্বৰী [12]
- হেংদাং [13]
- বৰ মানুহৰ দোলা (১৯৬০)
- নাটক ৰচনাৰ উপৰিও তেওঁ নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল।
বঁটা
[সম্পাদনা কৰক]- আমেৰিকান বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে। [14]
- জ্যোতিৰূপাৰ পৰা 'কৰ্মশ্ৰী বঁটা' আৰু ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংস্থাৰ সন্মান লাভ কৰে। [15]
- কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্য হিচাপেও মনোনীত হৈছিল। [16]
মৃত্যু
[সম্পাদনা কৰক]- এইগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ, শিল্পী তথা সু-সাহিত্যিক উত্তম বৰুৱাৰ ২০১১ চনৰ ৩ অক্টোবৰ নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে। [17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
- ↑ কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮