উত্তৰ-ঔপনিবেশিকতাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিংশ শতিকাৰ নব্বৈৰ দশকৰ পৰাই এছিয়া আৰু আফ্ৰিকাৰ দেশবিলাকৰ লেখক সমালোচকসকলৰ মাজত এটা বিষয়ত যথেষ্ট চিন্তা, গৱেষণা আৰু অধ্যয়নৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ দেখিবলৈ পোৱা গৈছে আৰু সেইটো হ'ল উত্তৰ-উপনিৱেশবাদ (Postcolonialism) বা উত্তৰ-ঔপনিৱেশিক তত্ত্ব (Postcolonial Theory)। উত্তৰ-ঔপনিৱেশিক শব্দটো যদিও আভিধানিক অর্থত ঔপনিৱেশিক শাসনৰ বা উপনিৱেশবাদী চিন্তাধাৰাৰ পৰৱৰ্তী কালৰ চিন্তাধাৰা বা তত্ত্ব যেন লাগে, প্রকৃততে কিন্তু ইয়াৰ অৰ্থ সীমিত হৈ থকা নাই। অৱশ্যে এই তত্ত্ব বা চিন্তাধাৰাৰ ব্ৰিটিছ বা ফৰাচী উপনিবেশ তথা ঔপনিবেশিক শাসনৰ পৰৱৰ্তী কালত জন্ম আৰু বিকাশ হৈছে। কিন্তু ব্ৰিটিছ বা ফৰাচী ঔপনিবেশিক শাসনৰ পৰা মুক্ত হোৱা সমাজবোৰত একমাত্র উপনিবেশবাদবিৰোধী যিকোনো তত্ত্ব বা চিন্তাকে উত্তৰ-ঔপনিৱেশিক তত্ত্ব নাইবা উত্তৰ-ঔপনিবেশিক সমালোচনা বুলি ক'লে ভুল হ'ব। ইয়াত ইংৰাজী 'Post' শব্দটোৱে পৰৱৰ্তী কাল বা ঔপনিবেশিক শাসনৰ পৰৱৰ্তী কাল বুজালেও ইয়াৰ সম্পূৰ্ণ সুকীয়া অৰ্থ প্ৰদান কৰিছে লেখক-সমালোচকসকলে । সেয়ে এই তত্ত্বই কেৱল ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰা নাইবা ঔপনিৱেশিক শাসনৰ পৰৱৰ্তী কালৰ চিন্তাধাৰাকেই নুবুজায়, আনকি স্বৰাজোত্তৰ যুগৰ জাতীয়তাবাদী চিন্তাধাৰাৰ সমালোচনাকো এই তত্ত্বই সামৰি লৈছে।


হেন্স বার্টেন্সে উত্তৰ-ঔপনিৱেশিক সমালোচনা আৰু তত্ত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়াবলৈ গৈ লিখিছে যে এডৱাৰ্ড ব্রেথৱেইট, উইল্‌ছন হেৰিছ, চিনুৱা আচেবে আৰু ৱ’লে ছয়িংকা প্ৰমুখ্যে বিখ্যাত উত্তৰ-ঔপনিৱেশিক লেখক থকা সত্ত্বেও বৰ্তমান উত্তৰ- ঔপনিৱেশিক চিন্তাধাৰা অধ্যয়ন বা গৱেষণাবিলাক ১৯৭৮ত প্ৰকাশ পোৱা এডৱাৰ্ড ছাইদৰ ‘অ’ৰিয়েণ্টেলিজম' (Orientalism) 'প্রাচ্যতত্ত্ব' বা ‘প্রাচ্যতত্ত্ববাদ' গ্ৰন্থখনৰ দ্বাৰাহে অধিক প্ৰভাৱান্বিত। উত্তৰ-ঔপনিৱেশিক তত্ত্ব বা চিন্তাধাৰাৰ আলোচনা সেয়ে বহুলভাৱে ছাইদৰ গ্ৰন্থখনৰ ওচৰত ঋণী। ছাইদৰ ‘অৰিয়েণ্টেলিজম'কো কিন্তু পৰম্পৰাগতভাৱে গৃহীত হৈ অহা প্ৰাচ্যতত্ত্বৰ অধ্যয়ন বা গৱেষণা মাত্ৰ বুলি ক'ব নোৱাৰি। ছাইদে প্রাচ্যতত্ত্ব বা চিন্তাক এটা মতবাদ বা এটা প্ৰভাৱশালী দৃষ্টিভংগী হিচাপে দাঙি ধৰিছে যি মতবাদ বা দৃষ্টিভংগী ঊনবিংশ শতিকাৰ ফৰাচী-ব্ৰিটিছ লেখক আৰু ইতিহাসবিদসকলে গ্রহণ কৰিছিল আৰু সচেতন বা অসচেতনভাৱে ঔপনিৱেশিক শাসনৰ স্বাৰ্থ ৰক্ষা কৰিছিল। ব্ৰিটিছ আৰু ফৰাচী পণ্ডিতসকলৰ গৱেষণামূলক লেখা, সাহিত্যকর্ম, ৰাজনৈতিক প্ৰচাৰ পুস্তিকা, সংবাদপত্র, ভ্রমণ কাহিনী, ধৰ্মীয় আৰু দৰ্শন বিষয়ৰ গৱেষণামূলক গ্রন্থ আদিৰ সহায়ত এই পাঠবিলাকে উপন্যাস আদি সৃষ্টিশীল কর্ম, তথ্যভিত্তিক লেখা, প্ৰাচ্যৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে জ্ঞানৰ দাবী আদিৰ যোগেদি কেনেকৈ 'প্রাচ্য' (Ori- ent)ৰ নিৰ্মাণ কৰিছিল সেই বিষয়ে ছাইদে পর্যবেক্ষণ কৰিছিল। এই সকলো লৈ যি জ্ঞানৰ জন্ম দিয়া বা নিৰ্মাণ কৰা হৈছিল সেই জ্ঞানে সদায় ক্ষমতাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। যিহেতু সেই যুগত ক্ষমতাৰ অধিকাৰী আছিল ঔপনিৱেশিক শাসক আৰু ঔপনিৱেশিক শাসন ব্যৱস্থা, সেয়ে স্বাভাৱিকতে প্রাচ্য সন্দৰ্ভত পাশ্চাত্যমুখী ভাবধাৰা, প্রাচ্যতত্ত্ব বা অ’ৰিয়েণ্টেলিজমে পৰম্পৰাগতভাৱে প্ৰভুত্বমূলক উদ্দেশ্য লৈ সেৱা কৰিছিল। এই প্রভুত্বই ঔপনিৱেশিক ক্ষমতা তথা শাসনৰ সেৱা কৰিছিল যি প্রভুত্ব (Hegemony)ক আণ্টনিঅ' গ্রাম্‌শ্চিয়ে সন্মতিৰ সহায়েৰে শাসন বা আধিপত্য হিচাপে দেখুৱাইছিল। 'জ্ঞান' আৰু 'প্ৰভুত্ব' সন্দৰ্ভত ছাইদ দৃষ্টিভংগী মিচেল ফুকো আৰু গ্রাম্‌শ্চিৰ সৈতে মিল আছিল আৰু এই দুগৰাকী চিন্তাবিদৰ দ্বাৰা ছাইদ নিশ্চয় অনুপ্ৰাণিত হৈছিল।

ব্ৰিটিছসকলে ভাৰতত ঔপনিৱেশিক শাসন চলাবলৈ মাত্ৰ পুলিচ আৰু সেনাবাহিনীৰ ওপৰতে নিশ্চয় নিৰ্ভৰ কৰা নাছিল বা নিৰ্ভৰ কৰিব নোৱাৰিছিল। তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হৈছিল এনে জ্ঞানৰ ওপৰত যি জ্ঞানে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ স্বাৰ্থত সেৱা কৰিব পাৰে। এই জ্ঞান-শিক্ষা বিশ্ববিদ্যালয় বা বিভিন্ন শিক্ষানুষ্ঠানৰ যোগেদি প্ৰদান কৰা হৈছিল শাসিত প্ৰজা বা নেটিভসকলক। সাহিত্য, ৰাজনৈতিক তত্ত্ব, ইতিহাস আদি সকলোধৰণৰ পাঠক লৈ এই 'জ্ঞান' নিৰ্মাণ কৰা হৈছিল।

প্রাচ্যতত্ত্বই প্ৰধানকৈ দুটা উদ্দেশ্য পূৰণ কৰিছিল। ই পশ্চিমীয়া চৰকাৰ আৰু নাগৰিকসকলৰ দৃষ্টিত পশ্চিমীয়া সম্প্ৰসাৰণবাদ আৰু সাম্ৰাজ্যবাদক বৈধতা প্রদান কৰিছিল আৰু পশ্চিমীয়া সংস্কৃতি-সভ্যতাই সার্বজনীন সভ্যতা-সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰে বুলি ‘নেটিভ ’সকলক পতিয়ন নিয়াবলৈ কাম কৰিছিল। ছাইদৰ মতে প্ৰাচ্যতত্ত্বই পাশ্চাত্যৰ বিপৰীতে প্ৰাচ্যৰ ধাৰণাটো দাঙি ধৰিছিল। এই তত্ত্বই (Orientalism) এহাতে পাশ্চাত্যৰ সংস্কৃতি-সভ্যতাক উচ্চত্ৰ হিচাপে দাঙি ধৰি ইয়াৰ বিপৰীতে প্ৰাচ্যৰ সমাজ-সংস্কৃতি ইন্দ্ৰিয়পৰায়ণতা, অযৌক্তিকতা, আদিমতা আৰু স্বৈৰতন্ত্ৰৰ দ্বাৰা পৰিচালিত বুলি দেখুৱাইছে।

অতি তাৎপর্যপূর্ণভাৱে ছাইদে তেওঁৰ ‘অ’ৰিয়েণ্টিলিজম' গ্ৰন্থত কার্লমার্ক্সকো এই পৰম্পৰাগত প্ৰাচ্যতত্ত্ববাদী চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা বুলি দেখুৱাইছে। মার্ক্সৰ সমাজ বিৱৰ্তনৰ আৰু প্ৰগতিৰ ধাৰণাটোৱে দেখুৱাইছিল যে যিহেতু সামন্ততন্ত্রক পুঁজিবাদে অতিক্ৰম কৰি সমাজক আগুৱাই আনিছিল, সেয়ে পুঁজিবাদ আৰু পুঁজিবাদী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল সাম্রাজ্যবাদ অথবা ব্ৰিটিছ উপনিৱেশবাদ সামন্তবাদী এছীয় মূলৰ ভাৰতীয় ‘নেটিভ’সকলৰ কাৰণে প্ৰগতিশীল আছিল । যিহেতু পুঁজিৰ প্ৰগতিশীল ভূমিকা আছিল, সেয়ে উপনিৱেশবাদৰো ভূমিকা আছিল প্ৰগতিশীল। মার্ক্সে লিখিছিল ভাৰতত ইংলেণ্ডে দ্বৈত ভূমিকা পালন কৰিবলগীয়া হৈছিল : এটা ধ্বংসাত্মক আৰু আনটো হ'ল সৃজনাত্মক— এছীয় (Asiatic) সমাজৰ ধ্বংস সাধন আৰু এছিয়াত পশ্চিমীয়া সমাজৰ বস্তুগত ভেটি স্থাপন কৰা' (ছাইদৰ উদ্ধৃতি)।

সমাজৰ পৰিৱৰ্তন সন্দৰ্ভত মার্ক্সৰ সমাজ-অর্থনৈতিক দৃষ্টিভংগী চূড়ান্তভাৱে আৰু নীতিগতভাৱে ত্রুটীযুক্ত বুলি দেখুৱাইছে ছাইদে। কিয়নো মার্ক্সৰ প্ৰগতিৰ ধাৰণাই প্ৰধানকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত মৌলিক অসাম্য থকা বুলি ঊনবিংশ শতিকাত যি ধাৰণা দাঙি ধৰা হৈছিল তাকেই দাঙি ধৰিছে। বিশেষকৈ মার্ক্সে ইয়াত ঔপনিৱেশিক শাসনৰ সভ্যকৰণ অথবা সভ্যতা দান অভিযানকে সন্ধান কৰিছে।

ঔপনিবেশিক শাসনবিৰোধী চিন্তা আৰু আন্দোলনে স্বদেশী, জাতীয়তাবাদী সাহিত্য- সংস্কৃতিৰ পৃষ্ঠপোষকতা আৰু বিকাশত সহায় কৰিছিল যদিও ঔপনিবেশিক, প্রাচ্যতত্ত্ববাদী দৃষ্টিভংগীৰ প্ৰসাৰণত বাধা দিব পৰা নাছিল। ঔপনিৱেশিক, প্রাচ্যতত্ত্ববাদী ইউৰোপীয় সার্বজনীনতাবাদী চিন্তাধাৰাক সমালোচনা বা প্রত্যাখ্যান কৰিব পৰাকৈ ঔপনিৱেশিকতাবাদৰ বিৰোধিতা কৰা জাতীয়তাবাদী ভাবধাৰাত প্রয়োজনীয় নতুন চিন্তাৰ অভাৱ হৈছিল। ১৯৬১ চনত ফ্ৰাঞ্জ ফেন'নৰ 'The Wretched of the Earth' প্ৰকাশ পাইছিল। এই গ্রন্থই সর্বপ্রথম উত্তৰ-ঔপনিৱেশিক সাহিত্য-সংস্কৃতি চিন্তাৰ সূচনা কৰিছিল বুলি ক'ব পৰা যায়। তেওঁ দাবী কৰিছিল যে সকলো কৃষ্ণাংগ জাতি বা সংস্কৃতি একেই বুলি দেখুৱাব বিচৰা দৃষ্টিভংগীয়ে সাংস্কৃতিক ভিন্নতা বা বৈচিত্র্যক আওকাণ কৰে। তেওঁ লিখিছিল যে চিকাগোৰ নিগ্ৰোসকলৰ সৈতে নাইজেৰিয়ান আৰু টাংগায়িকাৰ নিগ্ৰোসকলৰ সাদৃশ্য মাত্র শ্বেতাংগসকলৰ বিপৰীতেহে দেখুৱাব পৰা যায়। সংঘাতটোক কৃষ্ণাংগ আৰু শ্বেতাংগৰ সংঘাত হিচাপে দেখুওৱাৰ পৰা আঁতৰি থাকি তেওঁ স্বদেশী বুদ্ধিজীৱীসকলৰ কাৰণে বিভিন্ন নিজ নিজ স্বদেশী সংস্কৃতিহে যে বেছি গুৰুত্বপূৰ্ণ সেই কথাত জোৰ দিছিল। ঔপনিৱেশিক শাসক আৰু শাসিতসকলৰ মাজত সাংস্কৃতিক আৰু সাহিত্য বিষয়ক সম্পৰ্কৰ তিনিটা পৰ্যায়ৰ কথা কৈছিল ফেন’নে। প্রথম পর্যায়ত স্বদেশী বা নেটিভ বুদ্ধিজীৱীয়ে এই বুলি গৌৰৱ কৰে যে তেওঁ বিদেশী শাসকৰ সংস্কৃতিক অংগীভূত, আয়ত্ত কৰিলে। দ্বিতীয় পৰ্যায়ত এই স্বদেশী (নেটিভ) গৰাকী অশান্ত হৈ পৰিল, তেওঁনো কোন সেই বিষয়ে মনত পেলাবলৈ সিদ্ধান্ত ল'লে। তেওঁ নিজৰ লোকসকলৰ ওচৰলৈ ঘূৰি যায় আৰু স্বদেশী সংস্কৃতিত নিজকে ডুবাই দিয়ে আৰু প্ৰথম পৰ্যায়ত লাভ কৰা ছন্দযুক্ত কবিতাৰ ঠাইত স্বদেশী লোকৰ কাব্যিক ঢোলৰ মাতৰ ছন্দই গুৰুত্ব পায়। তৃতীয় পর্যায়টোক ফেন’নে ‘সংগ্রামী পৰ্যায়' বুলি কৈছে আৰু এই পৰ্যায়ত স্বদেশী বুদ্ধিজীৱীসকলে বিপ্লবী সাহিত্য, জাতীয় বা স্বদেশী সাহিত্যৰ সৃষ্টি কৰে। ফেন'নৰ জাতীয়তাবাদী সাহিত্য চিন্তাৰ দ্বাৰা পৰৱৰ্তী কালৰ আফ্রিকান, আমেৰিকান, ৱেষ্ট ইণ্ডিজ আৰু আফ্ৰিকাৰ লেখক-সমালোচকসকল গভীৰভাৱে প্ৰভাৱান্বিত হৈছিল। কিন্তু তেওঁৰ জাতীয়তাবাদে ভাৰত আদি দেশত জাগি উঠা জাতীয়তাবাদী আন্দোলন বা ভাবধাৰাৰ দৰেই ঔপনিৱেশিকতাবাদৰ বিৰোধিতাত গুৰুত্বপূৰ্ণ ভূমিকা বা নেতৃত্ব লৈছিল যদিও এই জাতীয়তাবাদে ইউৰোপীয় আৰ্হিৰ জাতি ৰাষ্ট্ৰৰহে জন্ম দিলে। এই ইউৰোপীয় আৰ্হিৰ জাতি ৰাষ্ট্ৰ কিন্তু এছিয়া-আফ্ৰিকাৰ বহু সংস্কৃতিৰ দেশবোৰৰ জাতিসত্তাবিলাকৰ কাৰণে নাছিল, বৰং ই ঔপনিৱেশিক শাসনৰ উত্তৰাধিকাৰী শাসন ব্যৱস্থা এটাৰহে জন্ম দিলে। বহু ক্ষুদ্র বৃত্তান্ত, বহু ক্ষুদ্র ইতিহাসৰ বিকাশত বাধা পৰিল। ইউৰোপীয় আৰ্হিৰ মহা বৃত্তান্ত বা অধিবৃত্তান্ত নাইবা মিচেল ফুকোৰ ভাষাত ক্ষমতাশালীসকলৰ বাগ্‌ধাৰাই মূলসুঁতিৰ সংস্কৃতি হিচাপে স্থান লাভ কৰিলে। ইউৰোপীয় সার্বজনীনতাবাদ গৃহীত হ'ল ইউৰোপীয় আৰ্হিৰ জাতি ৰাষ্ট্ৰৰ ৰূপত। দুর্বল জাতিসত্তাবিলাক, ক্ষুদ্র সংস্কৃতিবিলাক, নিম্নবৰ্গৰ ইতিহাসবিলাকক অৱদমন কৰি ৰখা হ'ল জাতি ৰাষ্ট্ৰৰ স্বাৰ্থত। উত্তৰ-আধুনিক তত্ত্বই জাতি বা জাতিৰাষ্ট্ৰৰ দৰে ধাৰণাবিলাকৰ সমালোচনা আগবঢ়াইছে এই ধাৰণাবিলাক নিপীড়ন চলোৱাৰ বাবে ব্যৱহৃত হৈ অহাৰ কাৰণেই।

ফেন'নৰ ‘[./Https://en.wikipedia.org/wiki/The_Wretched_of_the_Earth The Wretched of the Earth]' গ্রন্থ প্রকাশৰ ১৭ বছৰৰ পাছত ছাইদৰ ‘Orientalism' ১৯৭৮ চনত প্ৰকাশ পায়। ছাইদৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগলৈকে প্ৰাচ্যতত্ত্ব বা প্রাচ্য অধ্যয়নক একাডেমিক মহলত গুৰুত্ব দিয়া হৈছিল। ইয়াক আৰবীয় আৰু দক্ষিণ এছিয়াৰ ইতিহাস, সমাজ-সাহিত্য-সংস্কৃতি অধ্যয়ন বা গৱেষণাৰ এটা বিষয় হিচাপে গণ্য কৰা হৈছিল। এই অধ্যয়ন আৰু গৱেষণাবিলাক কৰিছিল উপনিৱেশবাদী ইউৰোপীয়সকলে নাইবা তেওঁলোকৰ নেতৃত্বত কৰা হৈছিল। এই অধ্যয়ন আৰু গৱেষণাৰ গভীৰত থকা ইউৰোপীয় ঔপনিৱেশিক দৃষ্টিভংগীটো, শাসকৰ দৃষ্টিভংগীটো হয় গুৰুত্ব দিয়া নহৈছিল নাইবা চকুত পৰাই নাছিল। ছাইদে এই প্রাচ্যতত্ত্ব বা প্রাচ্য অধ্যয়নক এটা মাত্র একাডেমিক বিষয় হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। তেওঁ ধৰা পেলাইছিল যে প্রাচ্যতত্ত্ব এটা নিৰপেক্ষ অধ্যয়ন বা গৱেষণাৰ বিষয় নহয়; ই ঔপনিৱেশিক, ইউৰোপীয় শাসক-শোষকসকলৰ শাসন-শোষণৰ স্বাৰ্থতহে গঢ়ি উঠিছে, ই স্বদেশীসকলৰ আগত ইউৰোপীয়, ঔপনিৱেশিক শিক্ষা-সংস্কৃতি সাহিত্যতকৈ শ্ৰেষ্ঠতৰ আৰু স্বদেশীসকলক সভ্য হ'বলৈ শিক্ষাদান কৰাৰ দায়িত্ব যে ইউৰোপীয় শাসকসকলৰ ওপৰত ন্যস্ত আছে— এনেধৰণৰ দৃষ্টিভংগী দাঙি ধৰিছিল। বাৰ্ট্ৰেন্সৰ ভাষাত ক'বলৈ গ'লে প্ৰাচ্যতত্ত্বই পৰম্পৰাগতভাৱে দুটা উদ্দেশ্য পূৰণ কৰিছিল; ই পশ্চিমীয়া চৰকাৰ আৰু নাগৰিকসকলৰ দৃষ্টিত পশ্চিমৰ সম্প্ৰসাৰণ আৰু সাম্ৰাজ্যবাদক আইনসন্মত বা বৈধ কৰিছিল আৰু ই প্ৰতাৰণামূলকভাৱে স্বদেশী বা 'নেটিভ’সকলক এই বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে পশ্চিমীয়া সংস্কৃতিয়েহে সাৰ্বজনীন সভ্যতাৰ প্ৰতিনিধিত্ব কৰে। গতিকে এনে পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰিলে স্বদেশীসকল পিছপৰি থকা অৱস্থাৰ পৰা আগবাঢ়িবলৈ নাইবা তেওঁলোকে যি অন্ধবিশ্বাসভিত্তিক সমাজত আছে তাৰ পৰা ওপৰৰ অৱস্থালৈ যাব পাৰিব। ছাইদৰ মতে প্ৰাচ্যৰ যি ছবি পশ্চিমীয়া ঔপনিৱেশিকতাবাদীসকলে দাঙি ধৰিছিল, তাত সৎ উদ্দেশ্য যিমানেই নাথাকক কিয় ই সদায় এক ক্ষতিকাৰক বাগ্‌ধাৰাৰ অংশ হৈ আহিছে। পশ্চিমে দাঙি ধৰা ছবিখনে সদায় পশ্চিমীয়া শাসকসকলক সহায় কৰি আহিছে, আনকি প্রাচ্যতত্ত্বৰ যিসকল গৱেষকৰ (ছাইদৰ মতে এনে গৱেষকৰ সংখ্যা যথেষ্ট আছিল) প্ৰাচ্যৰ জনসাধাৰণৰ আৰু সংস্কৃতিৰ প্ৰতি সঁচা সহানুভূতি আছিল তেওঁলোকেও তেওঁলোকৰ মাজত থকা ইউৰোকেন্দ্ৰিক পৰিপ্ৰেক্ষিতৰ পৰা ওলাই আহিব পৰা নাছিল আৰু অনভিপ্রেতভাবে পশ্চিমীয়া শাসন বা দমন-পীড়নত অৰিহণা যোগাইছিল। উন্নত পাশ্চাত্য আৰু অনুন্নত প্ৰাচ্যৰ দ্বি- বিভাজনমূলক বৈপৰীত্যৰ ধাৰণাটো প্ৰাচ্যতত্ত্বৰেই যে অৱদান তাকো ছাইদৰ গ্ৰন্থখনৰ পৰা স্পষ্ট হৈ পৰিল। প্ৰাচ্যতত্ত্বই প্ৰাচ্যক ইন্দ্ৰীয়পৰায়ণ, যুক্তিবিমুখ, আদিম স্বৈৰতান্ত্রিক হিচাপে দেখুৱাই ইয়াৰ বিপৰীতে পাশ্চাত্যক যুক্তিবাদী, গণতান্ত্রিক, প্রগতিশীল হিচাপে দেখুৱাইছিল। ছাইদৰ গ্ৰন্থখনে প্রাচ্য আৰু পাশ্চাত্যৰ বিষয়ে এনে ধাৰণাবিলাকত বজ্রাঘাত হানিছিল।

পাশ্চাত্য সমাজে প্রাচ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আৰু প্ৰাচ্যই পাশ্চাত্যৰ পৰা শিক্ষা-সভ্যতা-সংস্কৃতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি আহিছিল। কিন্তু ইয়াৰ বিপৰীতে পাশ্চাত্যই প্ৰাচ্যৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা বা প্ৰাচ্যৰ সভ্যতা-সংস্কৃতি গ্রহণ কৰাটো কেতিয়াও বিচৰা নাছিল। আইমে চেজাই (Aime Cesaire) নাইবা ছাইদ লেখাবিলাকত এনেধৰণৰ মত প্ৰকাশ পাইছিল। কিন্তু পৰৱৰ্তী কালত হোমি ভাবাই এনেধৰণৰ পাশ্চাত্য/প্রাচ্য দ্বি-বিভাজনমূলক বৈপৰীত্যৰ ধাৰণাটোৰ সংস্কাৰ সাধন কৰিবলৈ লয়। ভাবাৰ মতে কেৱল প্ৰাচাহে যে পাশ্চাত্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে সেইটো সঁচা নহয়, পাশ্চাত্যও প্রাচ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। ঔপনিৱেশিক শাসকসকল তেওঁলোকৰ শাসনাধীন স্বদেশীসকলৰ সৈতে হোৱা জটিল আৰু বিৰোধাভাসমূলক সম্পৰ্কৰ প্ৰভাৱৰ পৰা হাত সাৰিব পৰা নাছিল। জাক লাকাঁই আত্মপৰিচয় (Identity) যে এক নিৰ্মাণ এনে এটা ধাৰণা দাঙি ধৰিছিল। ভাবাই লাকাৰ দৃষ্টিভংগীৰ সমৰ্থনতে উপনিৱেশবাদীৰ পৰিচয় ঔপনিৱেশিক শাসনাধীন স্বদেশীৰ পৰিচয়ৰ পৰা পৃথক কৰিব নোৱাৰি বুলি ক'ব বিচাৰে। লাকাই দেখুৱাইছিল সকলো পৰিচয় স্বভাৱগতভাৱেই সুস্থিৰ নহয়। ঔপনিৱেশিক শাসকগৰাকী তেওঁৰ পৰিচয়ৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে আৰু সেয়ে উপনিবেশবাদীয়ে অন্ততঃ আংশিকভাৱে হ'লেও ইয়াক শাসনাধীন স্বদেশীৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ যোগেদি নিৰ্মাণ কৰে। বাৰ্টেন্সে উল্লেখ কৰিছে যে উপনিৱেশবাদীৰ নিজৰ ভিতৰত পৰিচয়ৰ কোনো 'উৎস' (Origin) নাই আৰু তেওঁৰ পৰিচয় সুস্থিৰ বস্তু নহয়, কিন্তু ই পাৰস্পৰিক ভিন্নতাৰ ওপৰত নিৰ্ভৰশীল, যি পৰিচয়ৰ অৰ্থ পাৰ্থক্যই সৃষ্টি কৰে ।

ঔপনিৱেশিক শাসকৰ পৰিচয় সন্দৰ্ভত এইধৰণৰ ধাৰণা হোমি ভাবাই ডেৰিডীয় উত্তৰ-সংযুতিবাদী দৃষ্টিভংগীৰ সমর্থনতে আগবঢ়াইছে। বিশেষকৈ ডেৰিডীয় স্থানৰ (Differance) মতে আমি দেখা পাম যে উপনিৱেশবাদীৰ ভাষা-সংস্কৃতিক ঔপনিবেশিক শাসকে সম্পূর্ণভাৱে তেওঁলোকৰ নিজৰ নিয়ন্ত্রণাধীন কৰি ৰাখিব নোৱাৰে। ইয়াৰ ফলস্বৰূপে ঔপনিৱেশিক শাসনে সদায় অস্থিৰতাৰ ভাবুকিৰ সন্মুখীন হৈ থাকে। এই ভাবুকি ঔপনিৱেশিক শাসনৰ মাজত স্বাভাৱিকভাৱেই জন্ম হয়। যিহেতু শাসিত পৰসকলৰ (others) অবিহনে ঔপনিৱেশিক শাসকৰ পৰিচয় নাথাকিব আৰু যিহেতু উপনিবেশবাদীৰ ভাষা-সংস্কৃতিক তেওঁলোকে নিজৰ সম্পূৰ্ণ নিয়ন্ত্রণাধীন কৰি ৰাখিবও নোৱাৰিব, সেয়ে শাসিত ‘অন্য’সকলৰ ভাবুকি স্বাভাৱিকভাৱেই থাকিব। অৱশ্যে ঔপনিৱেশিক শাসনৰ সম্পূৰ্ণ নিয়ন্ত্রণ ক্ষমতাৰ অভাৱৰ কাৰণ ঔপনিৱেশিক শাসনাধীনসকলৰ সচেতন প্ৰতিৰোধৰ ফল বুলি বাৰ্টেন্সে স্বীকাৰ কৰিছে। ঔপনিৱেশিক শাসন স্বাভাৱিকভাৱেই ভাবুকিৰ সন্মুখীন হ'ব বা স্বাভাৱিকভাৱেই ইয়াৰ পতন ঘটিব বুলি কোৱা উচিত নহ'ব। কিছুমান সমালোচকে ডেৰিডীয় উত্তৰ-সংযুতিবাদীয়ে ঔপনিৱেশিক শাসন বা উপনিৱেশবাদীৰ ভিতৰতে স্বাভাৱিকভাৱে ইয়াৰ ভাবুকি থাকে বুলি কোৱা কথাৰ বিৰোধিতা কৰি এনে তত্ত্বৰ বাস্তৱৰ সৈতে সম্পৰ্ক নাই (armchair theorizing) বুলি কয়। কিন্তু যিসকল ডেৰিডীয় তত্ত্বৰ সৈতে সুপৰিচিত, তেওঁলোকে জানে যে ডেৰিডাই সচেতন প্ৰতিৰোধৰ প্ৰয়োজন কেতিয়াও ক'তো নুই কৰা নাই। ডেৰিডাই দায়িত্ব সচেতনতাৰ (Responsibility) কথা কৈছে। সেইদৰে বিনির্মাণ (deconstruction) সন্দৰ্ভত ডেৰিডাই স্পষ্ট কৰি দিছে এইবুলি : ‘নির্গঠন বা বিনির্মাণ মাত্র বাগ্‌ধাৰাৰ বিশ্লেষণ, দার্শনিক মন্তব্যৰ বা ধাৰণাৰ বিশ্লেষণ, অৰ্থ অধ্যয়ন তত্ত্বৰ বিশ্লেষণ হোৱা উচিত নহয়; অনুষ্ঠান-প্রতিষ্ঠানবিলাক, সামাজিক আৰু ৰাজনৈতিক গাঁথনিবিলাক, আটাইতকৈ কঠোৰ পৰম্পৰাবিলাকক ই প্ৰত্যাহ্বান জনাব লাগিব।' অৱশ্যে ডেৰিডাৰ ‘সুগন’ আৰু ‘বিনির্মাণ'ৰ বিষয়ে বহল অধ্যয়ন নকৰি কেৱল আনৰ সমালোচনা আৰু মন্তব্য পঢ়িয়ে ডেৰিডাক সমালোচনা কৰাসকলে অপব্যাখ্যা আগবঢ়োৱাটো সাধাৰণ কথা হৈ পৰিছে।

একাংশ সমালোচকে উত্তৰ-আধুনিকতাবাদে উত্তৰ-উপনিৱেশবাদৰ সঠিক বিশ্লেষণ আগবঢ়াবলৈ সক্ষম নহয় বুলি দাবী কৰে। উত্তৰ-আধুনিকতাবাদে বিশ্বাস কৰা কেতবোৰ প্রধান ধাৰণা হ'ল— সত্য আৰু সুস্থিৰ পৰিচয় সন্দৰ্ভত সন্দেহ, ঐতিহাসিক, প্রগতিমুখী বিকাশৰ দৰে মহা বৃত্তান্তক নাকচ আদি বিশেষভাৱে গুৰুত্বপূৰ্ণ। সেইদৰে ৰাজনৈতিক ক্ষেত্ৰত উত্তৰ-আধুনিকতাবাদে বিকেন্দ্রনক বিশ্বাস কৰে। উত্তৰ-আধুনিকতাবাদৰ সমালোচকসকলে দাবী কৰে যে সত্য সন্দৰ্ভত দৃঢ় বিশ্বাস নাথাকিলে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সংগ্রাম সম্ভৱ নহ'ব। সেয়ে ঐতিহাসিক প্রগতিমুখী বিকাশ আৰু জাতীয়তাবাদ, জাতিৰাষ্ট্ৰ আদি সাম্ৰাজ্যবাদবিৰোধী সংগ্ৰাম বা আন্দোলনৰ আদৰ্শ হিচাপে পৰিগণিত হৈছিল। উত্তৰ-আধুনিকতাবাদীৰ মতে এইবোৰ আদৰ্শ মহা বৃত্তান্ত বা অধিবৃত্তান্ত,যিবিলাকে ক্ষুদ্র জাতিসত্তা তথা সংখ্যালঘু আদিক অৱদমন কৰে। সত্য সন্দৰ্ভত দৃঢ় আস্থা নথকাৰ কাৰণে উত্তৰ-আধুনিকতাবাদীৰ সন্দেহ আৰু দৃঢ় সিদ্ধান্তত অবিশ্বাসে প্রকৃততে গোড়া মতাদর্শ আৰু সকলো ধৰণৰ মৌলবাদৰ বিৰোধিতা কৰিবলৈ আমাক বাট দেখুৱায়। ছে’লা বেন্হাবিবৰ মন্তব্য এইক্ষেত্ৰত বিচার্য। বেনহাবিবৰ মতে— Postmodernism in its infinitely skeptical and subversive attitude toward normative claims instititional justice and political struggles, is certainly refreshing (Situating the Self, 1992)। 'অপৰিসীমভাৱে সন্দেহী দৃষ্টিভংগীৰ'ৰ বিপৰীতে দৃঢ় নৈতিক (ৰাজনৈতিক) প্ৰমূল্যৰ অভাৱ হ'লে সক্ৰিয় সংগ্রামী উদ্দেশ্য পুৰণৰ দিশে আগবাঢ়িব পৰা নাযাব বুলি আনকি নাৰীবাদীসকলেও উত্তৰ- আধুনিকতাবাদৰ সমালোচনা কৰিছে। উত্তৰ-ঔপনিৱেশিক তত্ত্বই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংগ্ৰামৰ সমৰ্থন কৰে। স্বাভাৱিকতে অনিৰ্দিষ্টতা, সন্দেহ আদি উত্তৰ-ঔপনিৱেশিক সমালোচকৰ আদৰ্শ হ'ব নোৱাৰে। লিণ্ডা হাছনে উল্লেখ কৰিছে যে শ্ৰেণী কোঠাত শিক্ষাদানৰ ক্ষেত্ৰতেই হওক নাইবা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰতেই হওক নৈতিকতা (ৰাজনৈতিক) বিষয়ৰ প্ৰশ্নত উত্তৰ-ঔপনিৱেশিক আৰু উত্তৰ-আধুনিকৰ মাজত দূৰত্ব থকা দেখিবলৈ পোৱা যায়। কিন্তু ৰবাৰ্ট য়াং প্ৰমুখ্যে সমালোচকে উত্তৰ-আধুনিকতাবাদৰ বিকেন্দ্ৰীকৃত আৰু বিকেন্দ্ৰনৰ ৰাজনীতিক 'a sign of Europian Culture aware- ness that it is no longer the unquestioned and dominant center of the world' বুলি কৈছে।

ছাইদৰ প্ৰাচ্যতত্ত্ববাদে (Orientalism) ঔপনিৱেশিক শাসক আৰু ঔপনিৱেশিক শাসনাধীনসকলক দুই বিপৰীত শক্তি হিচাপে পৃথক কৰিছিল বা দ্বি-বিভাজনমূলক বৈপৰীত্য হিচাপে দেখুৱাইছিল। সেই অনুসৰি শাসকৰ সংস্কৃতি আৰু শাসিত সংস্কৃতিৰ মাজত বিৰোধ অনিবার্য। কিন্তু হোমি ভাবাই শাসক আৰু শাসিত মাজত পাৰস্পৰিক আন্তঃক্রিয়া সংঘটিত হোৱা বুলি দাবী কৰিছে। সেয়ে শাসক আৰু শাসিত সংস্কৃতিৰ মাজত হোৱা এনে আন্তঃক্ৰিয়াৰ ফল বৰ্ণসংকৰ (hybridity) বা সংমিশ্ৰিত সংস্কৃতিৰ ধাৰণাটো দাঙি ধৰিছে ভাবাই। ‘ঔপনিৱেশিক কৰ্তৃত্বৰ নিয়ন্ত্রণ' আৰু ‘স্বদেশী পৰম্পৰাৰ নীৰৱ অৱদমন'— এই দুয়োটা ধাৰণাৰ পৰা আঁতৰি গৈ ভাবাই কৈছে যে ঔপনিৱেশিক শাসক আৰু ঔপনিৱেশিক শাসনাধীনসকলৰ মাজত হোৱা আন্তঃক্রিয়াই সাংস্কৃতিক ৰূপৰ সংমিলন (Fusion) ঘটাইছে। এই 'ফিউজন'ৰ ঘটনাই এহাতেদি ঔপনিৱেশিক উপস্থিতিৰ ক্ষমতাক নিশ্চিত কৰে, কিন্তু আনহাতে অনুকৰণৰ (mimicry) ৰূপ হিচাপে ই একে সময়তে ঔপনিৱেশিক ক্ষমতাৰ অনুকৰণমুখী বা আত্মগৌৰৱত মুগ্ধ দাবীবিলাকক আঁতৰ কৰে। ভাবাৰ মতে 'Hybridity intervenes in the exercise of author-ity not merely to indicate the impossibility of its identity but to represent the unpredictability of its presence' (বাৰ্টেন্সৰ উদ্ধৃতি)। বৰ্ণসংকৰ গুণে (hybridity) উপনিবেশবাদীৰ কৰ্তৃত্বত হস্তক্ষেপ কৰে মাত্ৰ এই কৰ্তৃত্বৰ পৰিচয়ৰ অসম্ভৱতাৰ সংকেত দিয়াৰ বাবেই নহয়, বৰং এই হস্তক্ষেপে তেনে কর্তৃত্বৰ পৰিচয়ৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ ইংগিত দিব নোৱৰা অৱস্থাৰ প্ৰতিচ্ছবি দাঙি ধৰে। বৰ্ণসংকৰকৰণক সেয়ে বার্টেন্সে এটা যোগাত্মক অর্থসূচনাকাৰী ধাৰণা হিচাপে দাঙি ধৰিছে। পূৰ্বে উল্লেখ কৰি অহা হৈছে যে ঔপনিৱেশিক সংস্কৃতি ঔপনিৱেশিক শাসনাধীন বা স্বদেশীসকলৰ (Natives) সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাৰ (আন্তঃক্ৰিয়াৰ যোগেদি) ধাৰণা ভাবাই ডেৰিডীয় বিনিৰ্মাণ আৰু স্থগন (differance)ৰ ধাৰণাৰ পৰাই আহৰণ কৰিছিল।

উত্তৰ-ঔপনিবেশিক সমালোচনাই ফেন'ন আৰু ছাইদৰ পৰা ভাবা আৰু গায়ত্ৰী স্পিভাকলৈকে এই সুদীর্ঘ চিন্তা, সমালোচনা পৰম্পৰা আৰু ইয়াৰ ইতিহাসক সামৰি লৈছে আৰু সেইটো অতি তাৎপর্যপূর্ণ। ঔপনিৱেশিক শাসনৰ পৰৱৰ্তী কালছোৱা ঐতিহাসিকভাৱে উত্তৰ-ঔপনিৱেশিক হ'লেও স্বৰাজ লাভৰ পাছত প্ৰতিষ্ঠিত হোৱা স্বাধীন সার্বভৌম ৰাষ্ট্ৰবিলাক যি জাতীয়তাবাদী মতাদৰ্শৰ ভিত্তিত গঠিত হ'ল সেই মতাদৰ্শক উত্তৰ-ঔপনিৱেশিক চিন্তাধাৰাই কিমান দূৰলৈ সমৰ্থন কৰিব পাৰিব সেই বিতৰ্কৰ আজিও অৱসান ঘটিল বুলি ক'ব পৰা নাযায়। উপনিৱেশবাদবিৰোধী জাতীয়তাবাদী চিন্তাধাৰা আৰু আন্দোলন ছাইদ কথিত প্রাচ্যতত্ত্ববাদৰ প্ৰভাৱৰ পৰা সম্পূর্ণ মুক্ত আছিলনে? গান্ধীজীৰ চিন্তাধাৰাই যে প্রাচ্যতত্ত্বৰ প্ৰতি সমৰ্থন আগ নবঢ়াব সেই বিষয়ত সন্দেহ নাই। প্রাচ্যতত্ত্বই প্ৰাচ্যৰ বিপৰীতে আধুনিকতা, পুঁজিবাদ আৰু যুক্তিবাদৰ সমৰ্থন কৰিছে এইবিলাক পাশ্চাত্যৰ দৰ্শন আৰু আদৰ্শ হিচাপে। গান্ধীজীয়ে যুক্তিবাদ, বৃহৎ পশ্চিমীয়া যন্ত্ৰনিৰ্ভৰ আধুনিকতাবাদ গ্ৰহণ কৰা নাছিল। তেওঁ কুটীৰ শিল্প, খদ্দৰ, অহিংসা আদিত বিশ্বাস কৰিছিল। কিন্তু যিখন ভাৰতীয় ৰাষ্ট্ৰ বৃটিছ ঔপনিৱেশিক শাসনে প্রতিষ্ঠা কৰিছিল, সেইখন ভাৰতকে আৰু প্ৰশাসনীয় ব্যৱস্থাক স্বৰাজোত্তৰ ভাৰতীয় জাতীয়তাবাদীসকলে একে ৰূপত ৰখাৰ উপৰি ঔপনিৱেশিক জ্ঞান, আধুনিকতা, যুক্তিবাদ, পুঁজিবাদ, জাতিৰাষ্ট্ৰ আদি গ্ৰহণ কৰিলে। গান্ধীজীৰ প্রাসংগিকতা নাইকিয়া কৰিবলৈ অপচেষ্টা চলোৱা হ'ল।

প্রাচ্যতত্ত্ববাদেই ভাৰতীয় মূলসত্তা বা ভাৰতীয়ত্বৰ নিৰ্যাস (essence) আৱিষ্কাৰ কৰাত জোৰ দিছিল। কেবল এ ব্ৰেকেজি আৰু পিটাৰ ভেন ডাৰ ভিয়েৰে তেওঁলোকৰ ‘Orientalism and the Postcolonial Predicament' গ্ৰন্থত লিখিছে যে প্রাচ্যতত্ত্ববাদী বাগ্‌ধাৰাই ৰাজনীতিৰ এটা উত্তৰ-ঔপনিৱেশিক ভাষাৰ বিকাশ ঘটোৱাত বাধা দিছিল, য'ত ভাৰতীয় ঐক্যৰ নিৰ্যাস প্ৰধান সমস্যা নহয়। জৱাহৰলাল নেহৰুৰ ‘Discovery of India'ৰ (প্ৰথম প্ৰকাশ, ১৯৪০) সুদীর্ঘ বৃত্তান্তত ভাৰতৰ মায়াময়, স্থায়ী, অদ্বিতীয় নিৰ্যাসৰ ৰূপ বৰ্ণনাৰে ওপচাই দিয়া হৈছে আৰু এই ভাৰতীয় নির্যাসকে ভাৰতৰ ঐক্যৰ সম্ভাব্য ভেটি বুলি ভবা হৈছিল (পৃষ্ঠা ১২)। ব্রেকেন্‌জি আৰু ভেন্‌ডাব ভিয়েৰৰ মতে এইদৰেই প্ৰাচ্যতত্ত্ববাদী বাগ্‌ধাৰাই ৰাষ্ট্ৰীয় বা জাতীয় নিৰ্যাসৰ সমস্যাটোৰ সৈতে জাতীয় ঐক্যৰ সমস্যাটোক সাঙুৰিছিল, যি এনে এটা ৰাজনৈতিক বাগধাৰাৰ বাবে ভেটি ৰচনা কৰিছিল, য'ত গোষ্ঠীগত পার্থক্যক অথবা গোষ্ঠীগত পাৰ্থক্যৰ কথা কোৱাটো এক বিপজ্জনক বিচ্ছিন্নতাবাদ বুলি ভবা হৈছিল। গোষ্ঠীগত পার্থক্যবিলাকক নিৰ্যাসৰ ৰূপ দিয়া বা দেহৰ অংগৰ ৰূপ দিয়া, এনে ধাৰণা উত্তৰ-ঔপনিবেশিক ৰাজনীতিত প্ৰাচ্যতত্ত্বৰ কুপ্ৰভাৱ বুলি ক'ব পাৰি ।

ছাইদৰ প্ৰাচ্যতত্ত্ব (Orientalism) গ্ৰন্থৰ গুৰুত্ব এইক্ষেত্ৰত তাৎপর্যপূর্ণ। ছাইদে তেওঁৰ গ্ৰন্থখনত জাতীয়তাবাদক প্রাচ্যতত্ত্বৰ উত্তৰ হিচাপে চোৱা নাই। বৰং ঔপনিবেশিক শাসনৰ শেষৰফালে আৰু উত্তৰ-ঔপনিৱেশিক যুগত জাতীয়তাবাদক প্রাচ্যতত্ত্বৰেই নতুন অৱতাৰ বুলিহে দেখুৱাব বিচৰা হৈছে। ডেভিড লাডেন আৰু অর্জুন আপাডুৰাইয়ে দেখুৱাইছে যে ভাৰতৰ বিষয়ে জ্ঞানৰ ক্ষেত্ৰলৈ প্ৰাচ্যতত্ত্বৰ এক মৌলিক অৱদান আছিল হিন্দু আৰু মুছলমানৰ বিৰোধক মূল সত্তা বা নির্যাস হিচাপে দেখুওৱা আৰু ইয়াৰ ৰাজনৈতিক প্ৰতিনিধিত্বক আনুষ্ঠানিক ৰূপ দিয়া। ভাৰতীয় জাতীয়তাবাদীসকলে এই বিপজ্জনক ধাৰণা প্রাচ্যতত্ত্বৰ পৰাই গ্ৰহণ কৰি আহিছে।