সমললৈ যাওক

উন্ধিয়ু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উন্ধিয়ু
প্ৰকাৰ মিশ্ৰিত পাচলিৰ ব্যঞ্জন
উৎপত্তিৰ স্থান সুৰত, গুজৰাট, ভাৰত
মুখ্য উপাদান শীতকালীন স্থানীয় পাচলি

উন্ধিয়ু (ইংৰাজী: Undhiyu) হৈছে গুজৰাটৰ চুৰতৰ এবিধ আঞ্চলিক বৈশিষ্টসম্পন্ন খাদ্য। মিশ্ৰিত শাক-পাচলিৰে তৈয়াৰ কৰা এই খাদ্যবিধ সাধাৰণতে শীতকালত খোৱা হয়। উন্ধিয়ু নামটো গুজৰাটী শব্দ "উন্ধু"ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ল ওভতা। কিয়নো পৰম্পৰাগত খাদ্যবিধ "মাটলু" বোলা মাটিৰ পাত্ৰত মুখখন বন্ধ কৰি ওভতাকৈ লৈ ৰন্ধা হয় আৰু ওপৰৰ ফালে জুইৰ জাল দিয়া হয়।

শীতকালত চুৰত, নৱছাৰী আৰু বলছাদ অঞ্চলকে ধৰি দক্ষিণ গুজৰাটৰ উপকূলত উপলব্ধ শাক-পাচলিৰে, যেনে- সেউজীয়া বীন বা কুমলীয়া মটৰ, উৰহী, কেঁচা কল, সৰু বেঙেনা, মুথিয়া, আলু, বেঙুনীয়া বৰণৰ গছ-আলু আদিৰে তৈয়াৰ কৰা হয়। বেচনত মচলা আৰু মেথি শাক মিহলাই সৰু সৰু বড়ি বা লাৰু কৰি তেলত ভাজি লয় বা ভাপত সিজাই লয়, তাকে মুথিয়া বোলে।[1] উন্ধিয়ু বিভিন্ন মচলাৰ সহযোগত শুকানকৈ ৰন্ধা তৰকাৰী। মচলাত থাকে- ধনীয়া পাত, আদা, নহৰু, সেউজীয়া জলকীয়া। চেনি, তেটেলিৰ পানী আৰু কেতিয়াবা সতেজকৈ ৰুকি লোৱা নাৰিকলও থাকে। পাচলি আৰু মচলাৰ মিশ্ৰণটো, তাত কিছু পৰিমাণে ভেষজ তেল আৰু অতি কম পৰিমাণৰ পানী দি কম জুইত সিজোৱা হয়।[2]

এই শুকানকৈ প্ৰস্তুত কৰা ব্যঞ্জনখনত ব্যৱহাৰ হোৱা পাচলিবোৰ গলি নাযায় আৰু ইয়াৰ আকৃতি একেই থাকে। পাচলিৰ টুকুৰাবোৰৰ ওপৰত তেল আৰু মচলাৰ এটা পাতল আস্তৰণ তৈয়াৰ হয়। পাচলিৰ টুকুৰাবোৰ যাতে ভাগি নাযায়, সেয়েহে ৰন্ধাৰ সময়ত ইয়াক খুব কমেইহে লৰোৱা-চৰোৱা হয়। এইটো মন কৰিব লাগে, যাতে কোনোবিধ পাচলিয়ে অতিৰিক্ত নিসিজে। তাৰ বাবে পাচলিবোৰ পৰ্যায় ক্ৰমে ৰন্ধা হয়। মাটিৰ তলত হোৱা পাচলিবোৰ, দ্ৰুতভাবে সিজা বীন আৰু কেঁচা কল যোগ কৰাৰ আগত আধা সিজাই লোৱা সম্পূৰ্ণ হোৱা খাদ্যখিনি পৰিবেশনৰ আগতে কটা ধনীয়া, নেমু ৰস বা লাইম জুছেৰে সজাই লোৱা হয়।

সুৰতি উন্ধিয়ু হৈছে উন্ধিযুৰ এটা প্ৰকাৰ; বিয়া আৰু ভোজত ইয়াক পুৰিৰে সৈতে পৰিবেশন কৰা হয়। আকৌ ই ৰঙা মচুৰ দাইল, মছলা, ৰুকি লোৱা নাৰিকল, আৰু তালৰ গুৰেৰে তৈয়াৰী চাটনিৰে জুতি লোৱা মিশ্ৰিত শাক-পাচলিৰ কেচেৰ’ল। ইয়াক চীনা বাদাম আৰু টোষ্ট কৰা ৰুকি লোৱা নাৰিকলৰে সজাই তোলা হয় আৰু ভাতৰ সৈতে পৰিবেশন কৰা হয়।[3]

শীতকালত প্ৰায়ে গুজৰাটী মানুহৰ ঘৰত পুৰি আৰু শ্ৰীখণ্ডৰ সৈতে উন্ধিয়ু খোৱা হয়।

সমতুল্য ব্যঞ্জন

[সম্পাদনা কৰক]

বতৰৰ শীতকালীন শাক-পাচলিৰে ষ্টু কৰি ৰন্ধা ব্যঞ্জন সমগ্ৰ ভাৰতীয় উপমহাদেশ আৰু সমগ্ৰ বিশ্বতে সাধাৰণ। কেৰালাৰ ৰন্ধনপ্ৰণালীৰ আভিয়েল, বঙালী ৰন্ধনপ্ৰণালীৰ শুক্টো, উড়িয়া ৰন্ধনপ্ৰণালীৰ ঘণ্টা উন্ধিয়ুৰ সৈতে সাদৃশ্য থকা, ষ্টু (stew) পদ্ধতিৰে প্ৰস্তুত কৰা ব্যঞ্জন। উড়িয়া খাদ্য সংস্কৃতিতো গুজৰাটীৰ দৰে মিঠাৰ প্ৰাধান্য বেছি। আনহাতে ফৰাচী ৰন্ধনপ্ৰণালীতো ৰাটাটুই নামৰ ইয়াৰ সমকক্ষ ব্যঞ্জন এবিধ আছে।

তথ্য উৎস

[সম্পাদনা কৰক]