পুৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পুৰি
Puri A.jpg
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত, বাংলাদেশ, পাকিস্তান নেপাল, মালয়ছিয়া, ম্যানমাৰ, চিংগাপুৰ, মৰিছাছ
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান আটা
ভিন্ন প্ৰকাৰ ভাতুৰা, লুচি, চেভপুৰি, ফুচকা

পুৰি (ইংৰাজী: Puri) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ আটাৰে নিৰ্মিত ঘিঁউ বা তেলত ভজা সৰু, কোমল, ঘূৰণীয়া ৰুটি। ইয়াক ৰাতিপুৱাৰ আহাৰৰ বাবে বা জলপান বা লঘু আহাৰ হিচাপে খোৱা হয়। ইয়াক সাধাৰণতে পুৰি ভাজিৰ দৰে এটা আকৰ্ষণীয় তৰকাৰী বা ভাজিৰে পৰিৱেশন কৰা হয় যদিও ইয়াক মিঠা ব্যঞ্জনৰ সৈতেও খাব পাৰি।[1]

পুৰি নামটো সংস্কৃত শব্দ 'পুৰিকা'ৰ পৰা আহৰণ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে "পূৰণ কৰা।" পুৰিক সচৰাচৰ ৰাতিপুৱাৰ আহাৰ আৰু জলপান হিচাপে পৰিৱেশন কৰা হয়। প্ৰসাদ হিচাপে প্ৰাৰ্থনাত আগবঢ়োৱা অন্যান্য নিৰামিষ খাদ্যৰ সৈতে আনুষ্ঠানিক ৰীতি-নীতিৰ অংশ হিচাপে ইয়াক বিশেষ বা আনুষ্ঠানিক অনুষ্ঠানতো পৰিৱেশন কৰা হয়।[2]

উপাদানসমূহ[সম্পাদনা কৰক]

পুৰিৰ প্লেট

পুৰিবোৰ সাধাৰণতে ঘেঁহুৰ আটা বা চুজীৰে প্ৰস্তুত কৰা হয়। কিছুমান ৰন্ধনশৈলী আটাত আজৱাইন, জিৰা, পালেং শাক বা মেথিৰ বীজ যোগ কৰা হয়। নিৰ্মাণৰ বাবে আটা বা সুজিখিনিৰ সৈতে পানী মিহলি কৰি ভালকৈ মথি লোৱা হয়। তাৰপিছত সৰু সৰু বল বনাই গোলাকাৰ আকৃতিত বেলি লোৱা হয়। কিছুমানে গোল আকৃতিৰ সাঁচ ব্যৱহাৰ কৰি ঘূৰণীয়াকৈ কাটি লয়। তাৰ পিছত পুৰিবোৰ ঘিঁউ বা তেলত ডুবাই ভজা হয়। ভাজি থাকোঁতে পুৰিবোৰ ঘূৰণীয়া বলৰ দৰে ফুলি যায় কিয়নো ইয়াৰ ভিতৰত আৰ্দ্ৰতা বাষ্পলৈ সলনি হয় আৰু সকলো দিশত সম্প্ৰসাৰিত হয়। যেতিয়া পুৰি সোণালী-মুগা ৰঙৰ হয়, সেইবোৰ তেলৰ পৰা উঠাই অনা হয় আৰু গৰমে গৰমে পৰিৱেশন কৰা হয়। ভেল পুৰিৰ দৰে চাটৰ বাবে সমতল পুৰি তৈয়াৰ কৰিবলৈ ভাজিবৰ সময়ত এটা পুৰীবোৰ ফুটা কৰিব লাগে। এটা ফুটা কৰা পুৰি ৰন্ধাৰ সময়ত ফুলি নাথাকে কিয়নো ইয়াৰ ভিতৰৰ বাষ্প ৰান্ধি যোৱাৰ লগে লগে ওলায় যায়।[3]

অনুষঙ্গসমূহ[সম্পাদনা কৰক]

পুৰি কোৰ্মা, চানা মচলা, দাইল, আলু আধাৰিত তৰকাৰী (উদাহৰণ স্বৰূপে চাগু, ভাজি, ভুজিয়া, আলুৰ তাৰকাৰী, শাক, আৰু চাম্বাৰ), শ্ৰীখণ্ড আৰু বসুন্দীকে ধৰি বহুতো আকৰ্ষণীয় অনুষঙ্গৰ সৈতে খাব পাৰি। ভাৰতৰ কিছুমান অংশত পুৰীক পূজাৰ সময়ত প্ৰস্তুত কৰা মিশ্ৰিত পাচলিৰ ব্যঞ্জনৰ সৈতে পৰিৱেশন কৰা হয়। পুৰী মিঠা অনুষঙ্গৰ সৈতে খোৱা হয়, যেনে খীৰ (চাউল, গাখীৰ আৰু চেনিৰে প্ৰস্তুত কৰা মিষ্টান্ন) বা হালৱা (ভাৰতৰ হিন্দী ভাষাকোৱা অঞ্চলত, "হালৱা পুৰী খানা", "হালৱাৰ সৈতে পুৰী খোৱা", অভিব্যক্তিটোৱে এক উদযাপনক সূচিত কৰে)। পুৰী প্ৰায়ে উৎসৱ আৰু বিশেষ অনুষ্ঠানৰ বাবে পছন্দৰ আহাৰ।[4]

ভাৰতৰ দক্ষিণত পুৰী প্ৰায় সদায় টিফিনৰ বাবে তৈয়াৰ কৰা হয়, আৰু পূৱ উপকূলত (অন্ধ্ৰ, তামিলনাডু) ইয়াক খুব কমেই আমিষ ব্যঞ্জনৰ সৈতে খোৱা হয়। প্ৰায়ে, সেইবোৰ আচাৰ, চাটনি, ডাল মচলা, আলু মচলা, বা লাউৰ তৰকাৰী সৈতে পৰিৱেশন কৰা হয়।

প্ৰকাৰ[সম্পাদনা কৰক]

পুৰিৰ এটা প্ৰকাৰ হৈছে ভাটুৰা, যি পুৰীৰ আকাৰৰ তিনিগুণ আৰু চলেৰ (মছলাযুক্ত বুটমাহ) সৈতে পৰিৱেশন কৰা হয়। ই প্ৰায়ে সম্পূৰ্ণ আহাৰ গঠন কৰে। দুয়োটাৰ মাজৰ মূল পাৰ্থক্য হৈছে ভাটুৰাৰ আটাত ইষ্ট মিহলাই থৈ দিয়া হয় আৰু আৰু পুৰিত থৈ দিয়া নহয়।

ভাৰতীয় ৰাজ্য উৰিষ্যাত বালি যাত্ৰাৰ সময়ত এক বৃহৎ আকাৰৰ পুৰী তৈয়াৰ কৰা হয় আৰু ইয়াক থুংকা পুৰি বোলে।[5]

উত্তৰ ভাৰতীয় ৰাজ্য উত্তৰ প্ৰদেশত মুখ্যতঃ জনপ্ৰিয় আন এটা প্ৰকাৰ হৈছে বেডভি। ই নিয়মীয়া পুৰিৰ এক নিমখীয়া আৰু জঠৰ সংস্কৰণ আৰু প্ৰায়ে দাইল ভিতৰত ভৰোৱা হয়।

অসম, পশ্চিম বংগ আৰু ওড়িশা আদি পূৱ ভাৰতীয় ৰাজ্যসমূহত জনপ্ৰিয় পুৰিৰ আন এটা প্ৰকাৰ হৈছে লুচি। বংগত লুচি আলুৰ দম, বেগুন ভাজা (ভজা বেঙেনা) আৰু আনৰ দৰে সাধাৰণ ব্যঞ্জনৰে পৰিৱেশন কৰা হয়

ফুচকাৰ বাবে ব্যৱহৃত পুৰিবোৰ সৰু আৰু সাধাৰণতে আটাৰ সৈতে চুজি যোগ কৰি কুৰকুৰীয়া কৰা হয়।

সেভ পুৰী হৈছে পদপথৰ বিক্ৰেতাসকলে বিক্ৰী কৰা এক ভাৰতীয় জলপান যিয়ে চাট পৰিৱেশন কৰে।

মুম্বাইৰ পথ বিক্ৰেতাসকলে এটা সমতল পুৰিৰ সৈতে ভেল পৰিৱেশন কৰে।[6]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]