সমললৈ যাওক

মালয়েছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মালয়ছিয়াৰ পৰা পুনঃনিৰ্দেশিত)
মালয়েছিয়া
Malaysia
Flag of মালয়েছিয়া
Flag
ৰাষ্ট্ৰীয় প্ৰতীক of মালয়েছিয়া
ৰাষ্ট্ৰীয় প্ৰতীক
Motto: "বেৰ্চেকুটু বেৰ্টাম্বাহ মুটু"
"একতাই বল"1
Anthem: নেগাৰাকু
Location of মালয়েছিয়া
ৰাজধানীকুৱালালামপুৰ 2
Largest cityকুৱালালামপুৰ
Official languagesমালয়
Governmentসংযুক্ত সাংবিধানিক ৰাজতন্ত্ৰ
• Yang di-Pertuan Agong
আব্দুল হালিম
• মালয়েছিয়া প্ৰধানমন্ত্ৰী
নাজীৱ ৰজাক
স্বাধীনতা
• যুক্তৰাজ্যৰ পৰা (কেৱল সংযুক্ত মালয়)

৩১ আগষ্ট ১৯৫৭
• ফেডাৰেচন (সাবাহ্‌, সাৰাওয়াক আৰু ছিংগাপুৰৰ লগত সংযুক্ত 3)

১৬ ছেপ্টেম্বৰ ১৯৬৩
• Water (%)
0.3
Population
• মাৰ্চ ২০০৭ estimate
27140000 (৪৫তম)
• ২০০০ census
24821286
GDP (PPP)২০০৬ estimate
• Total
$৩০৮.৮ বিলিয়ন (৩৩)
• Per capita
$১২,৭০০ (৫৯)
HDI (২০০৬)০.৮০৫
Error: Invalid HDI value (৬১তম)
Currencyৰিংগিট (RM) (MYR)
Time zoneUTC+৮ (মালয়েছিয়ান মান সময়)
• Summer (DST)
UTC+৮ (পৰ্যবেক্ষণ কৰা হোৱা নাই)
Calling code+৬০
Internet TLD.my
  1. মালয়েছৰিয়া পতাকা আৰু প্ৰতীক চৰকাৰী ৱেবছাইটৰ পৰা
  2. পুত্ৰজয় প্ৰশাসনিক ৰাজধানী
  3. ১৯৬৫ চনৰ ৯ আগষ্ট তাৰিখে ছিংগাপুৰ স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

মালয়েছিয়া (মালয়: Malaysia) তেৰখন ৰাজ্য আৰু তিনখন ঐক্যবদ্ধ প্ৰদেশলৈ গঠিত দক্ষিণ -পূব এছিয়াৰ এখন দেশ। [1] ইয়াৰ মুঠ আয়তন ৩,২৯,৮৪৫ বৰ্গকিঃমিঃ।[2] কুৱালালামপুৰ দেশখনৰ ৰাজধানী চহৰ আৰু পুত্ৰজয় হ’ল ফেডাৰেল চৰকাৰৰ ৰাজধানী। দক্ষিণ চীন সাগৰৰ দ্বাৰা দেশখন দুই ভাগত বিভক্ত, উপদ্বীপীয়া মালয়েছিয়া আৰু পূব মালয়েছিয়া। মালয়েছিয়া স্থল সীমান্তত আছে থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু ব্ৰুণেই। ইয়াৰ সমুদ্ৰ সীমান্তত আছে ছিংগাপুৰ, ভিয়েটনাম আৰু ফিলিপাইন[2] মালয়েছিয়া মুঠ জনসংখ্যা ২৮ মিলিয়নৰ অধিক।[3]

অৰ্থনীতি

[সম্পাদনা কৰক]

মালয়েছিয়াৰ অৰ্থনীতি অপেক্ষাকৃত মুক্ত কিন্তু ৰাষ্ট্ৰকেন্দ্ৰিক। বৰ্তমানে মালয়েছিয়া ক্ৰমবৰ্ধমান শিল্পউন্নত বাজাৰ অৰ্থনীতি হিচাপে বিবেচিত।[4][5] চৰকাৰে বিভিন্ন ক্ষুদ্ৰ-অৰ্থনৈতিক পৰিকল্পনাৰ মাধ্যমত দেশখনৰ অৰ্থনৈতিক কাৰ্যকলাপ পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ৰাাখে। যদিও এই প্ৰভাৱ দিনে দিনে হ্ৰাস হৈছে। মালয়েছিয়াৰ অৰ্থনীতি মূলতঃ মুক্তবজাৰ অৰ্থনীতি।

মালয় ভাষা মালয়েছিয়াৰ চৰকাৰী ভাষা। ইয়াৰ প্ৰায় আধাতকৈ বেছি মানুহে অৰ্ধেক মালয় ভাষা ব্যৱহাৰ কৰে। মালয়েছিয়াত আৰু প্ৰায় ১৩০টা ভাষা প্ৰচলিত। তাৰে ভিতৰত চীনা ভাষাৰ বিভিন্ন উপভাষা, বুগিনীয় ভাষা, দায়াক ভাষা, জাভানীয় ভাষা আৰু তামিল ভাষা উল্লেখযোগ্য। বাজাৰ মালয় ভাষা বহুজাতিক বাজাৰৰ ভাষা হিচাপে প্ৰচলিত আৰু সাবাহ প্ৰদেশত সৰ্বজনীন সৰ্বজনীন ভাষা লিঙ্গুয়া ফ্ৰাংকা হিচাপে ব্যৱহৃত।

মালয়েছিয়া এখন বহু ধাৰ্মিক দেশ। ইছলাম ইয়াৰ প্ৰধান ধৰ্ম। ২০১০ চনৰ লোকপিয়ল মতে ইয়াত মুছলিম (৬১.৩ %), বৌদ্ধ (১৯.৮%), খ্ৰীষ্টান (৯.২%), হিন্দু(৬.৩%) আৰু কনফুছিয়াছ, তাও ধৰ্ম আৰু অন্যান্য পাৰম্পৰিক চীনা ধৰ্ম (১.৩%) মালয়েছিয়াৰ প্ৰধান ধাৰ্মিক গোষ্ঠী।

নাগৰিকত্ব

[সম্পাদনা কৰক]

মালয়েছিয়াত তিনি প্ৰকাৰৰ নাগৰিকত্ব আছে। প্ৰথম হ’ল যিসকল আদিম নাগৰিক তেওঁলোক। তেওঁলোকক মালয় ভাষাত আশ্লী বোলে। তেওঁলোক মালয়েছিয়াৰ প্ৰথম পৰ্যায়ৰ নাগৰিক। যি সকলে নগৰ সভ্যতা যুগৰ পৰা মালয়েছিয়াৰ চহৰ বা নগৰত বাস কৰি আহিছে তেওঁলোক দ্বিতীয় পৰ্যায়ৰ। তেওঁলোক মূলত বহু আগতে তেওঁলোকৰ আদি বাসস্থান ত্যাগ কৰি আশ্লীৰ পৰায়ে আহিছে। যিসকলে বিভিন্ন দেশৰ পৰা গৈ ইয়াত স্থায়ী ভাবে জীৱন যাপন আৰম্ভ কৰিছে তেওঁলোক তৃতীয় পৰ্যায়ৰ। এই শ্ৰেণীৰ মাজত চীনা, থাই, ভিয়েতনামী , তামিল, ইণ্ডোনেছিয়ান, বাংলাদেশী , পাকিস্তানী আৰু আন ভাৰতীয় গোষ্ঠীসমূহ প্ৰধান। তাৰে ভিতৰত আটাইতকৈ ভাল অৱস্থান আছে চীনা মালয়েছিয়ান সকল আছে। মালয়েছিয়াৰ বেছি ভাগ বৃহৎ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান তেওঁলোকৰ নিয়ন্ত্ৰণাধীন।

বেছি ভাগ তামিল সকল টেক্সি চালক আৰু কিছুমান ব্যৱসায়ী। বৰ্তমান মালয়েছিয়াৰ বেছি ভাগ সন্ত্ৰাস কাৰ্যকলাপ তেওঁলোকে সংগঠিত কৰে।

মালয়েছিয়াত এতিয়া সাধাৰণতে বাহিৰাগত সকলক নাগৰিকত্ব দিয়া নহয়। জন্ম আৰু কোনো মালয় নাগৰিকে বিয়া কৰালে মালায়সিয়াৰ নাগৰিকত্ব পোৱা যায়।

ৰাষ্ট্ৰীয়ভাৱে সকলোৱে সমান সুযোগ সুবিধা ভোগ কৰে।

সংবাদপত্ৰ

[সম্পাদনা কৰক]

মালয়েছিয়াৰ প্ৰধান সংবাদপত্ৰসমূহ হ’ল উতুছান মালয়েছিয়া , দা ষ্টাৰ আৰু দা মালয় মেইল। এই গোটেই বোৰৰ ইণ্টাৰনেট সংস্কৰণ আছে। এইসমূহত আঞ্চলিক আৰু স্থানীয় খবৰ, ৰাজনীতি, ব্যৱসায়, বিনোদন আৰু সংস্কৃতিৰ ওপৰত সংবাদ আৰু নিবন্ধ থাকে।

উতুছান মালয়েছিয়া ইংৰাজী আৰু মালয় উভয় ভাষাতেই প্ৰকাশিত হয়। ই ১৯৩৯ চনত ছিংগাপুৰত প্ৰথম প্ৰকাশ হৈছিল। ১৯৫৮ চনত মালয়েছিয়া ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাত ই কুয়ালা লামপুৰত স্থানান্তৰিত হয়। তদুপৰি ই মালয়েছিয়াৰ প্ৰথম অনলাইন পত্ৰিকা হিচাপেও ইণ্টাৰনেটত আত্মপ্ৰকাশ কৰে। বৰ্তমানে উতুছান মালয়েছিয়া মালয়েছিয়াৰ আটাইতকৈ বেছি পঠিত সংবাদপত্ৰ।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. অনুচ্ছেদ ১, মালয়েছিয়াৰ সংবিধান
  2. 2.0 2.1 [1] Archived 2019-01-06 at the Wayback Machine The World Factbook
  3. জনসংখ্যা, মালয়েছিয়াৰ পৰিসংখ্যান বিভাগ(২০০৮)
  4. Boulton, WilliaM; Pecht, Michael; Tucker, William; Wennberg, Sam (May 1997). "Electronics Manufacturing in the Pacific Rim, World Technology Evaluation Center, Chapter 4: Malaysia". The World Technology Evaluation Center, Inc. http://www.wtec.org/loyola/em/04_07.htm। আহৰণ কৰা হৈছে: 1 November 2010. 
  5. "Malaysia, A Statist Economy". Infernalramblings. Archived from the original on 7 October 2010. https://web.archive.org/web/20101007104445/http://www.infernalramblings.com/articles/Malaysian_Economy/436/। আহৰণ কৰা হৈছে: 1 November 2010. 

বহিঃসংযোগ

[সম্পাদনা কৰক]