পালেং শাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পালেং শাক
ফুলসহ পালেং শাক
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Core eudicots
বৰ্গ: Caryophyllales
পৰিয়াল: Amaranthaceae,
formerly Chenopodiaceae[2]

গণ: Spinacia
প্ৰজাতি: S. oleracea
বৈজ্ঞানিক নাম
Spinacia oleracea
L.

পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক । ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ। পাতবোৰৰ আকাৰ ২-৩০ চেঃমিঃ দীঘল আৰু ১-১৫ চেঃমিঃ বহল হব পাৰে। গছৰ গুৰিৰ দিশৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ দিশৰৰ পাতবোৰ সৰু হয়। ফুলবোৰ হালধীয়া আভাযুক্ত বগা, ৩-৪ মিঃমিঃ ব্যাসবিশিষ্ট হয়। ইয়াৰ ফল সৰু, কঠিন, দানাকৃতিৰ আৰু গুচ্ছকাৰ। ফলৰ আকাৰ প্ৰায় ৫-১০ মিঃমিঃ; যত বহি বীজ থাকে। গা-গছ লেহুকা আৰু পাতত পানীৰ পৰিমাণ বেছি। গোটেই গছজোপা উজ্জ্বল সেউজীয়া ।

চীন দেশত পালেং শাকৰ বৰ্ণনাৰ প্ৰাচীনতম নিদৰ্শন পোৱা গৈছে । তাত কোৱা হৈছে যে, এই শাক নেপালৰ পৰা চীন দেশত অনা হৈছিল (সম্ভবতঃ ৬৪৭ খৃঃ)।[1]

পুষ্টি উপাদান[সম্পাদনা কৰক]

পালেং শাক অত্যন্ত পুষ্টিকৰ। ই শীতকালত পোৱা আটাইতকৈ পুষ্টিকৰ শাক। পালেং শাকত শৰ্কৰা, প্ৰটিন আৰু স্নেহ পদাৰ্থৰ ওপৰি প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। প্ৰতি ১০০ গ্ৰাম কেচা পালেংত ভিটামিন এৰ সমতুল্য বিটা কেৰে'টিন ৪৬৯ μg আৰু লুটিন জিজেন্থিন ৫৬২৬ μg, ভিটামিন এ 9400 IU, ভিটামিন বিৰ সমতুল্য থায়েমিন ০.০৭৮ mg, ৰাইব'ফ্লাভিন ০.১৮৯ mg, নিয়াচিন ০.৭২৪ mg,ফ'লেট 194 μg আৰু ভিটামিন বি ০.১৯৫ mg, ভিটামিন চি ২৮ mg, ভিটামিন ই ২ mg ভিটামিন কে ৪৮৩ μg পোৱা যায়। সেইদৰে কেলচিয়াম ৯৯ mg, লো ২.৭১ mg, মেগনেছিয়াম ৭৯ mg, মেংগানিজ ০.৮৭৯ mg, ফচফৰাচ ৪৯ mg, পটাছিয়াম ৫৫৮ mg, চডিয়াম ৭৯ mg আৰু যিংক ০.৫৯ mg পোৱা যায়। লোৰ এক প্ৰধান উৎস হৈছে পালেং। সেয়ে ৰক্তহীনতাত ভোগা ৰুগীক পালেং শাক খাবলৈ দিয়া হয়। এইবোৰৰ ওপৰিও ইয়াত আছে প্ৰচুৰ এন্টিঅক্সিডেন্ট। সতেজ আৰু অল্পসিদ্ধ কৰি খালে বেছি এন্টিঅক্সিডেন্ট লাভ কৰা যায়।

ভিটামিন-বি ১৯৪১ চনত পোনপ্ৰথমে পালেং শাকত আৱিষ্কৃত হৈছিল [2]

পালেং শাক

ব্যৱহাৰ[সম্পাদনা কৰক]

পালেং এবিধ সুস্বাদু তথা পুষ্টিকৰ শাক। সাধাৰণতে শীতকালত ইয়াৰ শাক ভাজি অথবা জুল কৰি খোৱা হয়। পালেং শাকৰ জুল বা চুপ বেছ জনপ্ৰিয় । অসমত ঘাইকৈ মাছ আৰু টেঙাৰে পালেং শাক খোৱা হয়। ৰৌ মাছ আৰু পালেং শাক অসমৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন । সেইদৰে উত্তৰ ভাৰতীয় পালেং-পনীৰ(पालक पनिर) পৃথিৱী বিখ্যাত।

পালক পনীৰ

চিত্ৰমালা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Victor R. Boswell, "Garden Peas and Spinach from the Middle East". Reprint of "Our Vegetable Travelers" National Geographic Magazine, Vol 96:2 (Aug 1949). (WWW: Aggie Horticulture. Accessed 03/07/2010). [1] Archived 2010-04-16 at the Wayback Machine
  2. Gideon Koren (2007). Medication safety in pregnancy and breastfeeding. McGraw-Hill Professional. পৃষ্ঠা. 279–. ISBN 978-0-07-144828-4. http://books.google.com/books?id=ihJqPs7Ys_4C&pg=PA279। আহৰণ কৰা হৈছে: 13 August 2010.