উপভাষা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ ঘটে এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীয ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীয ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হ'লেও এটা অঞ্চলৰ মানুহে অন্য এটা অঞ্চলৰ ভাষা সম্পূৰ্ণৰূপে বুজি পায়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে এনে ভেদবোৰ চকুত পৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয়।