সমললৈ যাওক

উমাশশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমাশশী
জন্ম ১৯১৫
কলকাতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ০৬ ডিচেম্বৰ, ২০০০
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, কণ্ঠশিল্পী, নৃত্যশিল্পী
দাম্পত্যসঙ্গী গুৰুপ্ৰসাদ দেৱ
সন্তান গৌৰাংগ নাৰায়ণ
সৌমেন্দ্ৰ নাৰায়ণ
সুৰেন্দ্ৰ নাৰায়ণ
কনকলতা


উমাশশী (ইংৰাজী: Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

উমাশশী ১৯১৫ চনত কলকাতাৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁৰ দেউতাক নীলমণি চট্টোপাধ্যায়ৰ পুৰণি ঘৰ ঢাকাত আছিল যদিও পিছত তেওঁ কলকাতাত বসতি স্থাপন কৰে। তেওঁ এজন কীৰ্তন শিল্পী আছিল। কেতিয়াবা কেতিয়াবা তেওঁ স্থানীয় যাত্ৰাদলতো যাত্ৰা শিল্পী হিচাপে কাম কৰিছিল। দাৰিদ্ৰৰ কাৰণে উমাৰ পঢ়া-শুনা সামান্যহে হৈছিল।[3] চাৰি বছৰৰ পৰা তেওঁ নাচ-গানৰ প্ৰশিক্ষণ লাভ কৰে। সাতকড়ি গাংগুলি আছিল তেওঁৰ প্ৰথম সংগীত আৰু নাচৰ শিক্ষয়িত্ৰী। সাতকড়ি গাংগুলি এগৰাকী অভিনেত্ৰী আছিল আৰু তেৱেঁই উমোকো নাটকৰ মঞ্চলৈ নিয়ে। উমাই মিনাৰ্ভা, আলফ্ৰেড আৰু ৰুচাৰ দৰে থিয়েটাৰ দলত তেওঁ নৃত্যশিল্পী হিচাপে কাম আৰম্ভ কৰে। অতি সোনকালে তেওঁ সৰু-সুৰা ভূমিকাতো অভিনয় কৰিবলৈ লয়। নাট্যদলৰ অংশ স্বৰূপে তেওঁ কলকাতাৰ পৰা চট্টগ্ৰাম, কক্সবজাৰ সহ অবিভক্ত বংগৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰে। তেওঁ তেওঁৰ সময়ৰ এগৰাকী পাৰফেকচনিষ্ট অভিনেত্ৰী আছিল। হিন্দী, উৰ্দু আৰু ইংৰাজী ভাষাত নিখুঁট উচ্চাৰণ শিকিবলৈ টিউটৰ নিয়োগ কৰিছিল। বংগবালা চলচ্চিত্ৰত আত্মপ্ৰকাশৰ পাছত নিৰ্বাক চলচ্চিত্ৰৰ বাবে তেওঁ মঞ্চ এৰিবলৈ বাধ্য হৈছিল। কাৰণ চলচ্চিত্ৰ কোম্পানীবোৰে তেওঁলোকৰ বেতনভোগী শিল্পীসকলক মঞ্চত কাম কৰাৰ অনুমতি দিয়া নাছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

বংগবালাত সুবৰ্ণা নামৰ এটা সৰু চৰিত্ৰৰ অভিনয়ৰ যোগে তেওঁ নিৰ্বাক চলচ্চিত্ৰত পদাৰ্পন কৰে। তেওঁ অভিনীত অন্য নিৰ্বাক ছবিবোৰ হ’ল- বিগ্ৰহ (১৯৩০) আৰু অভিষেক (১৯৩১)। তেওঁ তিনিখনতকৈও অধিক নিৰ্বাক চলচ্চিত্ৰত অভিনয় কৰিছিল। এই সময়চোৱাতে তেওঁ প্ৰথম কলম্বিয়াৰ বাবে আৰু তাৰপিছত হিন্দুস্তান মিউজিকেল প্ৰডাকছ্ কোম্পানীৰ বাবে শ্ৰীমতী উমাদেৱী নামেৰে গীত বাণীবদ্ধ কৰে। ১৯৩১ চনত তেওঁ প্ৰথম বঙালী সবাক চলচ্চিত্ৰ দেনা পাওনাত অভিনয় কৰে, যিখন বেছ জনপ্ৰিয় ছবি আছিল।[4] দেনা পাওনা ছবিখনত তেওঁ গাজনৰ এটা ভীৰৰ দৃশ্যত অভিনয় কৰাৰ উপৰিও মিছ আভাৱতীৰ সৈতে "বাবা আপন ভোলা, মোদেৰ পাগল ছেলে" শীৰ্ষক গীত এটি গাইছিল। তেওঁ কিংবদন্তি সংগীত পৰিচালক পংকজ মল্লিকৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লৈছিল। উমাৱতীয়ে নায়িকাৰ চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবিখন হ’ল নিউ থিয়েটাৰ্ছৰ চণ্ডীদাস (১৯৩২), য’ত তেওঁ ৰামী ধুবুনীৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]

পাৰিবাৰিক জীৱন

[সম্পাদনা কৰক]

কেৰিয়াৰৰ শীৰ্ষত থকা অৱস্থাতে উমাই শোভাবজাৰ ৰাজবাৰীৰ সদস্য তথা অধিবক্তা গুৰুপ্ৰসাদ দেৱক বিয়া কৰাইছিল। সেই সময়ত অভিনয়ৰ সৈতে সম্পৰ্ক থকা এগৰাকী নাৰীৰ পক্ষে ইমান ৰক্ষণশীল পৰিয়াললৈ বিয়া হোৱাটো ইমান সহজসাধ্য নাছিল। তেওঁ গুৰুপ্ৰসাদৰ দ্বিতীয় পত্নী আছিল আৰু প্ৰথম পত্নীৰ সৈতে উমাই একেখন ঘৰতে বাস কৰিছিল। উমা তিনিজন ল’ৰা আৰু এজনী ছোৱালীৰ মাক আছিল।

৬ ডিচেম্বৰ ২০০০-ত উমাৰ মৃত্যু হয়। প্ৰচাৰ মাধ্যমে তেওঁৰ মৃত্যুৰ বিষয়ে কিছুদিন পাছতহে জানিব পাৰিছিল।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]