উষাপুৰ
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷
ইতিহাস
[সম্পাদনা কৰক]এই অঞ্চলটোত আহোম ৰাজত্বৰ সময়ৰ বহু পুখুৰী আছে৷ এই গাৱৰ মাজেৰে চাৰেং (চয়ঙৰ) আলি নামেৰে নক্তে ৰজাই বন্ধোৱা এটা পথ আছে৷ কালক্ৰমত এই অঞ্চল জনশূন্য হৈ জংঘলত পৰিণত হয়৷ পুনৰ ১৯২০ চন মানৰ পৰা এই ঠাইলৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি বসতি কৰিবলৈ লয় আৰু নতুনকৈ বসতি পতা এই ঠাইৰ নাম হয় উষাপুৰ৷ এই গাঁৱত আগতে এটাই বৰ নামঘৰ আছিল৷ পৰৱৰ্তী সময়ত জনসংখ্যা বৃদ্ধিৰ বাবে নামঘৰ ছটালৈ বৃদ্ধি হয়৷ ইয়াত "উষাপুৰ জ্ঞানোদয় পুথিভঁৰাল"নামৰ পুথিভঁৰালৰ উপৰি এটা যুৱক সংঘ আৰু ৰংমন বিহুতলি নামৰ এটা প্ৰেক্ষাগৃহ আছে৷
পৰিবহণ
[সম্পাদনা কৰক]ইয়ালৈ নাহৰকটীয়াৰ পৰা জয়পুৰ চাৰিআলি হৈ নীপকো দলং পাৰ হৈ আহিব পাৰি। আনহাতে দুলীয়াজান-ডিগবৈ পথৰ পদুমনি তিনিআলি হৈও আহিব পাৰি৷