উষাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত ‌অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷

ইতিহাস[সম্পাদনা কৰক]

এই অঞ্চলটোত আহোম ৰাজত্বৰ সময়ৰ বহু পুখুৰী আছে৷ এই গাৱৰ মাজেৰে চাৰেং (চয়ঙৰ) আলি নামেৰে নক্তে ৰজাই বন্ধোৱা এটা পথ আছে৷ কালক্ৰমত এই অঞ্চল জনশূন্য হৈ জংঘলত পৰিণত হয়৷ পুনৰ ১৯২০ চন মানৰ পৰা এই ঠাইলৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি বসতি কৰিবলৈ লয় আৰু নতুনকৈ বসতি পতা এই ঠাইৰ নাম হয় উষাপুৰ৷ এই গাঁৱত আগতে এটাই বৰ নামঘৰ আছিল৷ পৰৱৰ্তী সময়ত জনসংখ্যা বৃদ্ধিৰ বাবে নামঘৰ ছটালৈ বৃদ্ধি হয়৷ ইয়াত "উষাপুৰ জ্ঞানোদয় পুথিভঁৰাল"নামৰ পুথিভঁৰালৰ উপৰি এটা যুৱক সংঘ আৰু ৰংমন বিহুতলি নামৰ এটা প্ৰেক্ষাগৃহ আছে৷

পৰিবহণ[সম্পাদনা কৰক]

ইয়ালৈ নাহৰকটীয়াৰ পৰা জয়পুৰ চাৰিআলি হৈ নীপকো দলং পাৰ হৈ আহিব পাৰি। আনহাতে দুলীয়াজান-ডিগবৈ পথৰ পদুমনি তিনিআলি হৈও আহিব পাৰি৷