উৰ্বশী বুটালিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উৰ্বশী বুটালিয়া

২০১১ চনত উৰ্বশী বুটালিয়া
জন্ম ১৯৫২ (বয়স ৬৮–৬৯)
আম্বালা, হাৰিয়ানা, ভাৰত
পেচা প্ৰকাশক আৰু ইতিহাসবিদ
'কালী ফ'ৰ ৱুইমেন'ৰ প্ৰতিষ্ঠাতা (১৯৮৪)
'ঝুবান বুকচ্‌'ৰ প্ৰতিষ্ঠাতা (২০০৩)
আত্মীয়-স্বজন পংকজ বুটালিয়া
ৱেবছাইট
zubaanbooks.com

উৰ্বশী বুটালিয়া (ইংৰাজী: Urvashi Butalia; জন্ম: ১৯৫২) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক, প্ৰকাশক আৰু সমাজ-কৰ্মী। তেওঁ 'দি আডাৰ চাইড অৱ চাইলেঞ্চ: ভইচেচ ফ্ৰ'ম দ্য পাৰ্টিচন অৱ ইণ্ডিয়া' আৰু 'স্পীকিং পিচ: ৱুইমেনচ্‌ ভইচেচ ফ্ৰ'ম কাশ্মীৰ' দৰে মাৰ্গদৰ্শী কিতাপ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।

১৯৮৪ত বুটালিয়াই ৰিতু মেননৰ সৈতে লগ-লাগি ভাৰতৰ প্ৰথমটো একচেতীয়া নাৰীবাদী প্ৰকাশন 'কালী ফ'ৰ ৱুইমেন' প্ৰতিষ্ঠা কৰে। ২০০৩ চনত তেওঁ আনটো প্ৰকাশন 'ঝুবান বুকচ্‌' প্ৰতিষ্ঠা কৰে।[1]

শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে, ২০১১ চনত বুটালিয়া আৰু মেননলৈ যুটীয়াভাৱে পদ্মশ্ৰী আগবঢ়োৱা হয়।[2][3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

হাৰিয়ানা পঞ্জাবৰ, পঞ্জাবী ঐতিহ্যৰ এটা সমৃদ্ধ, প্ৰগতিশীল আৰু নাস্তিক পৰিয়ালত উৰ্ব্বশী বুটালিয়াৰ জন্ম হৈছিল। শুভদ্ৰা আৰু যোগিন্দৰ সিং বুটালিয়াৰ তেওঁ চতুৰ্থটি সন্তান। তেওঁৰ মাক শুভদ্ৰা আছিল নাৰীবাদী, যি মহিলাক দিহা-পৰামৰ্শ দিয়া সংস্থা এটা পৰিচালনা কৰিছিল। বুটালিয়াৰ এগৰাকী বায়েক আছিল, যাৰ নাম বেলা আৰু পংকজ আৰু ৰাহুল নামৰ দুজন ভাতৃ আছিল। পংকজ বুটালিয়া এগৰাকী বাওঁপন্থী তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ বৃন্দাৱনৰ বিধবাসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰৰ বাবে সুপৰিচিত।

বুটালিয়াই ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচৰপৰা সাহিত্যত স্নাতক আৰু ১৯৭৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰপৰাই সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৭৭ চনত, লণ্ডন বিশ্ববিদ্যালয়ৰপৰা দক্ষিণ এছিয়াৰ অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লয়।[4] তেওঁ হিন্দী, পঞ্জাবী, বঙালীৰ উপৰিও ইংৰাজী, ফৰাছী আৰু ইটালিয়ান ভাষা জানে।[5]

কেৰিয়াৰ[সম্পাদনা কৰক]

দিল্লীৰ অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছত কাম কৰি বুটালিয়াই তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৯৮২ চনত লণ্ডনত অৱস্থিত 'জেদ বুকচ্‌'ৰ সম্পাদক ৰূপে কাম কৰাৰ আগতে তেওঁ এবছৰৰ বাবে অক্সফৰ্ডৰ মুখ্য কাৰ্যালয়ত[4] কাম কৰিছিল। ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰিতু মেননৰ সৈতে ১৯৮৪ চনত এটা একচেতীয়া নাৰীবাদী প্ৰকাশন 'কালী ফ'ৰ ৱুইমেন' আৰম্ভ কৰে।[6]

তেওঁৰ অধ্যয়নৰ পৰিসৰ নাৰী, সমাজ আৰু পৰিৱৰ্তিত ভাৰতৰ অন্তৰ্গত, বুটালিয়াই অশোকা বিশ্ববিদ্যালয়ৰ সন্মানীয় 'ইয়ং ইণ্ডিয়া ফেলোশ্বিপ'ত শিক্ষাদান কৰিছিল।

নাৰীবাদী আৰু বাওঁপন্থী দৃষ্টিকোণৰ পৰা দেশ বিভাজন আৰু মৌখিক ইতিহাস হৈছে বুটালিয়াৰ আগ্ৰহৰ মুখ্য ক্ষেত্ৰ। তেওঁ লিংগ, সাম্প্ৰদায়িকতা, মৌলবাদ আৰু সংবাদ মাধ্যমৰ ওপৰত লিখিছে। তেওঁৰ লেখাবোৰ দ্য গাৰ্জিয়ান, নিউ ইণ্টাৰনেচনেলিষ্ট, দ্য ষ্টেটচ্‌মেন, দ্য টাইমচ্‌ অৱ ইণ্ডিয়া, আউটলুক আৰু ইণ্ডিয়া টুডেকে ধৰি বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।

তেওঁ বাওঁপন্থী তেহেলকা আৰু ইণ্ডিয়ান প্ৰিণ্টাৰ এণ্ড পাবলিচাৰ ছপা আৰু প্ৰকাশন উদ্যোগৰ সৈতে কাম কৰা বি২বি প্ৰকাশনৰ এগৰাকী নিয়মীয়া স্তম্ভকাৰ।

বুটালিয়া 'অক্সফাম ইণ্ডিয়া'ৰ পৰামৰ্শদাতা আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কলেজ অৱ ভকেচনেল ষ্টাডিজৰ ৰিডাৰৰ পদত আছে।[4]

বঁটা আৰু সম্মান[সম্পাদনা কৰক]

  • ২০০০ চনত মহিলা প্ৰকাশকৰ পিণ্ডোৰা বঁটা লাভ কৰে।[7]
  • ২০১১ চনত পদ্মশ্ৰী বঁটা
  • ২০১৭ চনত 'জাৰ্মান ফেডাৰেল ৰিপাবলিক'ৰ গ'থ মেডেল[8][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]