ঊনকোটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঊনকোটি

ঊনকোটিৰ শিলৰ ভাস্কৰ্য
স্থান
দেশ ভাৰত
ৰাজ্য ত্ৰিপুৰা
জিলা ঊনকোটি
স্থান কৈলাসহৰ
স্থানাংক 24°19′N 92°4′E / 24.317°N 92.067°E / 24.317; 92.067স্থানাংক: 24°19′N 92°4′E / 24.317°N 92.067°E / 24.317; 92.067

ঊনকোটি ভাৰতত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী। ইয়াত উদ্ধাৰ হোৱা ৬০০-৭০০ খ্ৰীষ্টাব্দৰ ভাস্কৰ্য আৰু শিলৰ সকাহসমূহে এই ঠাই খ্ৰীষ্টীয় সপ্তম-নৱম শতিকাৰ পৰা শৈৱতীৰ্থস্থান হোৱাৰ নিদৰ্শন প্ৰকাশ কৰে। বাংলা ভাষাত 'ঊনকোটি'ৰ আক্ষৰিক অৰ্থ হৈছে এক কোটিতকৈ এক কম। পাৰম্পৰিক লোকবিশ্বাস মতে ইয়াত মুঠতে এক কোটিতকৈ এক কম বিভিন্ন আকৃতিৰ দেৱ-দেৱীৰ মূৰ্তি বা সকাহ আছে। জামাতিয়া হোডাৰ দাবী অনুসৰি ঊনকোটিৰ নাম ককবৰক ভাষাত চুব্ৰাই খুং।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Unakoti Heritage Site | Unakoti District Website | India" (en-US ভাষাত). https://unakoti.nic.in/tourist-place/unakoti-heritage-site/। আহৰণ কৰা হৈছে: 2023-01-03.