সমললৈ যাওক

ঋতিকা হুডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুখ্য পেট্টী বিষয়া
ঋতিকা হুডা
সামৰিক কেৰিয়াৰ
আনুগত্য  ভাৰত
চাকৰি/শাখা  ভাৰতীয় নৌসেনা
পদমৰ্যদা India-Navy-OR-7.svg মুখ্য পেট্টী বিষয়া
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া ফ্ৰীষ্টাইল মল্লযুঁজ

ঋতিকা হুডা (ইংৰাজী: Reetika Hooda) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হাৰিয়ানাৰ ৰোহটক জিলাত ঋতিকা হুডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জগবীৰ সিং এজন কৃষক আৰু মাতৃ নীলম এগৰাকী গৃহিণী।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০২৩ চনত ইজিপ্তত অনুষ্ঠিত হোৱা ইব্ৰাহিম মোস্তাফা মল্লযুঁজ ৰেংকিং ছিৰিজত মহিলাৰ ৭২ কেজি শাখাত ঋতিকাই ব্ৰঞ্জৰ পদক লাভ কৰে।[3][4] ২০২৩ চনৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।[5][6]

২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।[7]

২০২৪ চনত কিৰ্গিস্তানৰ বিস্কেকত অনুষ্ঠিত এছিয়ান ৰেছলিং অলিম্পিক যোগ্যতা অৰ্জন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকৰ তেওঁ যোগ্যতা অৰ্জন কৰে।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "REETIKA Reetika profile page" (en ভাষাত). uww.org. https://uww.org/athletes/reetika-reetika। আহৰণ কৰা হৈছে: 2023-04-15. 
  2. "Heryana: Young women wrestlers of Haryana are chipping away at patriarchy, medal by medal". The Tribune. https://www.tribuneindia.com/news/features/heryana-young-women-wrestlers-of-haryana-are-chipping-away-at-patriarchy-medal-by-medal-428414. 
  3. Desk, The Bridge (2023-02-26). "Wrestling: Reetika wins bronze in Egypt Ranking Series" (en ভাষাত). thebridge.in. https://thebridge.in/wrestling/reetika-bronze-egypt-ranking-series-40014। আহৰণ কৰা হৈছে: 2023-04-15. 
  4. Sarangi, Y. B. (2023-02-26). "Reetika clinches the bronze medal" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/reetika-wrestling/article66556255.ece. 
  5. "Asian Wrestling Championships: Anshu, Sonam, Manisha, Reetika bag bronze while Antim claims silver" (en ভাষাত). ESPN. 2023-04-13. https://www.espn.in/wrestling/story/_/id/36175048/asian-wrestling-championships-2023-anshu-sonam-malik-manisha-reetika-bronze-antim-panghal-silver। আহৰণ কৰা হৈছে: 2023-04-15. 
  6. "Asian Wrestling Championships: Antim Panghal Claims Silver, Four Other Indians Bag Bronze" (en ভাষাত). News18. 2023-04-13. https://www.news18.com/sports/asian-wrestling-championships-antim-panghal-claims-silver-four-other-indians-bag-bronze-7532779.html। আহৰণ কৰা হৈছে: 2023-04-15. 
  7. Raj, Pritish (November 2023). "Meet Reetika: India's first-ever female U23 Wrestling World Champion". The Bridge. https://thebridge.in/wrestling/reetika-first-ever-u23-female-wrestling-world-champion-44608। আহৰণ কৰা হৈছে: 2 November 2023. 
  8. "2024 Asian Wrestling Olympic Qualification Tournament Results Book". United World Wrestling. https://cdn.uww.org/2024-04/final-book-seniors_asian_og_qualifier.pdf। আহৰণ কৰা হৈছে: 22 April 2024.