সমললৈ যাওক

এক্সট্ৰেক্‌চন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এক্সট্ৰেক্‌চন
চিত্ৰগ্ৰহণকাৰী নিউটন থোমাছ ছিগেল
পৰিবেশক নেটফ্লিক্স
মুক্তি
এপ্ৰিল ২৪, ২০২০ (2020-04-24) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
১১৭ মিনিট
দেশ যুক্তৰাষ্ট্ৰ
ভাষাসমূহ ইংৰাজী, হিন্দী, বাঙালী

এক্সট্ৰেক্‌চন (ইংৰাজী: Extraction; অনুবাদ: বাহিৰ কৰি অনা) হ'ল ২০২০ চনৰ এখন আমেৰিকান একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখন শ্ব্যাম হাৰগ্ৰাভৰ দ্বাৰা পৰিচালিত আৰু এণ্ড পাৰ্কছ, জো ৰুছো, এণ্টনি ৰুছো, ফাৰ্নান্দো লেওন গনজালেজ আৰু ৰিক স্কিলমেনৰ গ্ৰাফিক উপন্যাসৰ আধাৰত জো ৰুছোৰ দ্বাৰা ৰচিত। চলচ্চিত্ৰখনত ক্ৰিছ হেমছৱৰ্থ, ৰুদ্ৰাক্ষ জয়ছৱাল, ৰণদীপ হুদা, গোলছিফতেহ ফাৰাহানী, পংকজ ত্ৰিপাঠী, প্ৰিয়ংশু পেনিউলি আৰু ডেভিড হাৰবাৰে অভিনয় কৰিছে।[1] ছবিখন প্ৰায় ৬৫ মিলিয়ন ডলাৰ বাজেটত নিৰ্মাণ কৰা হৈছিল।[2]

চলচ্চিত্ৰখন নেটফ্লিক্সত, ২০২০ চনৰ ২৪ এপ্ৰিলত প্ৰকাশিত হৈছিল। ই সমালোচকসকলৰ পৰা মিশ্ৰ পৰ্যালোচনা পাইছিল, সমালোচকসকলে হেমছৱাৰ্থ, হুডা আৰু ষ্টাণ্টৰ কামৰ প্ৰশংসা কৰিছে কিন্তু দুৰ্বল কাহিনী আৰু অত্যধিক হিংসাত্মক দৃশ্যৰ কাৰণে দুখ প্ৰকাশ কৰিছে।[3][4]

এজন ভাৰতীয় ব্যৱসায়ীৰ পুতেকক অপহৰণ কৰি বাংলাদেশৰ ঢাকাত আটক কৰি ৰখা হয়। তাক উদ্ধাৰ কৰিবলৈ এজন ভাড়াৰ সেনাক নিয়োগ কৰা হয়। পিছত ল'ৰাটোক উদ্ধাৰ কৰিবলৈ চলি থাকে এটাৰ পাছত এটা অভিযান।

অভিনয়ত

[সম্পাদনা কৰক]
  • ক্ৰিছ হেমছৱৰ্থ - টাইলাৰ ৰেক, ভাড়াত কাম কৰা এজন প্ৰাক্তন এছএএছআৰ।
  • ৰবীন্দ্ৰ জয়ছৱাল - অভি মহাজন জুনিয়ৰ, ভাৰতীয় অপৰাধীৰ অধিপতি অভি মহাজন ছিনিয়ৰৰ পুতেক।
  • ৰণদীপ হুদা - ছাজু, এজন প্ৰাক্তন প্যাৰা (বিশেষ বাহিনী) পৰিচালক আৰু অভি মহাজন ছিনিয়ৰৰ দক্ষিণহস্ত।
  • প্ৰিয়ংশু পেনিউলি - আমিৰ আছিফ, অভিক অপহৰণকাৰী বাংলাদেশী অপৰাধীৰ অধিপতি।
  • গোলছিফতেহ ফাৰাহানি - নিক খান, ৰেকৰ ভাড়াৰ মানুহ আৰু অংশীদাৰ।
  • পংকজ ত্ৰিপাঠী - অভি মহাজন ছিনিয়ৰ, এজন ভাৰতীয় অপৰাধী অধিপতি আৰু অভিৰ পিতা।
  • সুৰাজ ৰিকাম - ফৰহাদ, এজন সৰু লৰা যি আমিৰৰ দক্ষিণহস্তত পৰিণত হয়।
  • ডেভিড হাৰবাৰ - গেস্পাৰ, ঢাকাত বসবাসকাৰা টাইলাৰৰ সতীৰ্থ।
  • আডাম বেছা - ইয়াজ খান।
  • শতাফ ফিগাৰ -আমিৰৰ হৈ কাম কৰা বাংলাদেশী অভিজাত বাহিনীৰ কৰ্নেল।
  • নেহা মহাজন - নিছা, ছাজুৰ পত্নী।
  • শ্ব্যাম হাৰগ্ৰাভ - গীতান।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]