সমললৈ যাওক

এডৱাৰ্ড জেনাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডৱাৰ্ড জেনাৰ

Edward Jenner by James Northcote
জন্ম Edward Anthony Jenner
১৭ মে' ১৭৪৯
Berkeley, Gloucestershire
মৃত্যু ২৬ জানুৱাৰী, ১৮২৩ (৭৩ বছৰ)
Berkeley, Gloucestershire
বাসস্থান Berkeley, Gloucestershire
জাতীয়তা English
ক্ষেত্ৰ Microbiology
শিক্ষানুষ্ঠান St George's, University of London University of St. Andrews
ডক্তৰেল পৰামৰ্শদাতা John Hunter
জনা যায় Smallpox vaccine; Vaccination

এডৱাৰ্ড এন্থনী জেনাৰ (ইংৰাজী: Edward Anthony Jenner; ১৭ মে' ১৭৪৯ – ২৬ জানুৱাৰী ১৮২৩) বাৰ্কলে, গ্ল'চেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।[1] তেওঁক প্ৰায়েই "প্ৰতিৰোধ বিজ্ঞানৰ জনক" (the father of immunology) বুলি অভিহিত কৰা হয় আৰু তেওঁৰ কামে "আন যিকোনো মানুহৰ কৰ্মতকৈ বেছি মানুহৰ জীৱন ৰক্ষা কৰা" বুলি কোৱ হয়[2][3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৭৪৯ চনৰ ১৭ মে'ত[5] (পুৰণি তাৰিখ ৰীতি অনুসৰি ৬ মে') গ্ল'চেষ্টাশ্বায়াৰৰ বাৰ্কলে'ত এডৱাৰ্ড জেনাৰৰ জন্ম হয়। বাৰ্কলে'ৰ ভিকাৰ ৰেভাৰেণ্ড ষ্টিফেন জেনাৰ আৰু ছাৰাৰ তেওঁ আছিল অষ্টম সন্তান।[6]

জেনাৰে ৱটন-আণ্ডাৰ-এজ আৰু চাইৰেনচেষ্টাৰৰ বিদ্যালয়লৈ গৈছিল। এই সময়তে তেওঁৰ বৰআই হয় যি তেওঁৰ স্বাস্থ্যৰ ওপৰত গোতেই জীৱন প্ৰভাৱ পেলায়।[7] ১৪ বছৰ বয়সত তেওঁ দক্ষিণ গ্ল'চেষ্টাশ্বায়াৰৰ শল্য চিকিৎসক ডেনিয়েল লুড্‌ল'ৰ সহায়কাৰী হিচাপে নিযুক্ত হয়। সাত বছৰ ইয়াত কাম কৰি নিজে শল্য চিকিৎসক হ'বৰ জোখাৰে অভিজ্ঞতা সঞ্চয় কৰে।[7]

১৭৭০ চনত জেনাৰে ছেইণ্ট জৰ্জ চিকিৎসালয়ত চিকিৎসক জন হাণ্টাৰৰ অধীনত শল্য চিকিৎসা আৰু শৰীৰস্থানৰ প্ৰশিক্ষণ আৰম্ভ কৰে।[8] ৱিলিয়াম অছলাৰে লিখি গৈছে যে হাণ্টাৰে জেনাৰক চিকিৎসা জগতত অতি জনপ্ৰিয় ৱিলিয়াম হাৰ্ভিৰ এটা উপদেশ দিছিল, "নাভাবিবা; চেষ্টা কৰিবা (Don't think; try)। "[9] প্ৰাকৃতিক ইতিহাস বিষয়ত পিছলৈও হাণ্টাৰে জেনাৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু তেওঁৰ নাম ৰয়েল ছচাইটীলৈ প্ৰস্তাৱ কৰিছিল। ১৭৭৩ চনত নিজৰ ঠাইলৈ ঘূৰি আহি জেনাৰ এজন সফল পাৰিবাৰিক আৰু শল্য চিকিৎসক হৈ পৰে।

জেনাৰ আৰু কেইবাজনেও মিলি Fleece Medical Society বা Gloucestershire Medical Society গঠন কৰি নিয়মীয়াকৈ চিকিৎসা বিষয়ক পত্ৰ পাঠ কৰিছিল। জেনাৰে এঞ্জাইনা পেক্টৰিছ, অফ্‌থাল্‌মিয়া, গো-বসন্ত আদি বিষয়ৰ পত্ৰত অৰিহণা যোগাইছিল। ব্ৰিষ্টলৰ ওচৰৰ আল্‌ৱেষ্টনত মিলিত হোৱা একেধৰণৰ এটা গোটৰো তেওঁ সদস্য আছিল।[10]

বিবাহ আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

পৰ্যবে‌ক্ষণ, পৰীক্ষা আৰু ব্যৱচ্ছেদনৰ পিছত জেনাৰে কুলি চৰাইৰ জীৱনৰ বিষয়ে প্ৰকাশ কৰা পত্ৰৰ বাবে তেওঁ ১৭৮৮ চনত ৰয়েল ছচাইটীলৈ নিৰ্বাচিত হয়।

সাধাৰণ কুলি চৰাই

ন-কৈ উপজা কুলিয়ে আন চৰাইৰ কণী আৰু পোৱালি সঁজাৰ বাহিৰলৈ পেলাই দিয়া কথাটো (আগতে প্ৰাপ্তবয়স্ক কুলিয়ে এনে কৰে বুলি ভবা হৈছিল) ফটোগ্ৰাফী পোৱাৰ পিছত বিংশ শতিকাতহে নিশ্চিত হৈছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Stefan Riedel, MD, PhD (January 2005). Edward Jenner and the history of smallpox and vaccination. 18. Baylor University Medical Center. pp. 21–25. PMID 16200144.
  2. "Edward Jenner - (1749–1823)". Sundaytimes.lk. 1 June 2008. http://sundaytimes.lk/080601/FunDay/famous.html আহৰণ কৰা হৈছে: 28 July 2009.
  3. "History - Edward Jenner (1749 - 1823)". BBC. 1 November 2006. http://www.bbc.co.uk/history/historic_figures/jenner_edward.shtml আহৰণ কৰা হৈছে: 28 July 2009.
  4. "Edward Jenner - Smallpox and the Discovery of Vaccination". Archived from the original on 27 August 2010. https://web.archive.org/web/20100827080455/http://www.dinweb.org/dinweb/DINMuseum/Edward%20Jenner.asp আহৰণ কৰা হৈছে: 28 July 2009.
  5. The Jenner Institute[সংযোগবিহীন উৎস]
  6. "About Edward Jenner". The Jenner Institute. Archived from the original on 10 January 2014. https://web.archive.org/web/20140110201523/http://www.jenner.ac.uk/edwardjenner আহৰণ কৰা হৈছে: 25 February 2012.
  7. 1 2 "About Edward Jenner". The Jenner Institute. Archived from the original on 10 January 2014. https://web.archive.org/web/20140110201523/http://www.jenner.ac.uk/edwardjenner আহৰণ কৰা হৈছে: 12 January 2013.
  8. "Young Edward Jenner, Born in Berkeley". Edward Jenner Museum. Archived from the original on 14 September 2012. https://web.archive.org/web/20120914084340/http://www.jennermuseum.com/Jenner/youngedward.html আহৰণ কৰা হৈছে: 4 September 2012.
  9. Loncarek K (April 2009). "Revolution or reformation". Croatian Medical Journal খণ্ড 50 (2): 195–7. doi:10.3325/cmj.2009.50.195. PMID 19399955.
  10. Papers at the Royal College of Physicians summarised at http://www.aim25.ac.uk/cgi-bin/search2?coll_id=7135&inst_id=8 Archived 2017-11-07 at the Wayback Machine
  11. "আৰ্কাইভ কপি". Archived from the original on 2009-09-23. https://web.archive.org/web/20090923015150/http://www.jennermuseum.com/ej/cuckoo.shtml আহৰণ কৰা হৈছে: 2013-12-30.

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]

বহিঃ সংযোগ

[সম্পাদনা কৰক]