এদ্ৰিয়ান ৱেডৱিত্জ
এদ্ৰিয়ান ৱেডৱিত্জ | |
---|---|
![]() ৱাচিংটন ডি.চি.ত ৱেডৱিত্জ (জুলাই, ২০১২) | |
জন্ম | ৬ জানুৱাৰী, ১৯৭৭ ওমাহা, নেব্ৰাস্কা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৮ এপ্ৰিল, ২০১৪ (৩৭ বছৰ) পাম স্প্ৰিংচ, কেলিফ’ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | কল’ম্বিয়া বিশ্ববিদ্যালয় (ইংৰাজীত স্নাতক ডিগ্ৰী, ১৯৯৯) ইণ্ডিয়ানা বিশ্ববিদ্যালয় (পি.এইচ.ডি, ২০১১)[1] |
পেচা | Academic |
জনা যায় | Feminist scholar, শিক্ষাবিদ আৰু ৱিকিপিডিয়ান |
এদ্ৰিয়ান ৱেডৱিত্জ (ইংৰাজী: Adrianne Wadewitz) (জানুৱাৰী ৬, ১৯৯৭৭ – এপ্ৰিল ৮, ২০১৪) এজন ১৮ শতিকাৰ ব্ৰিটিছ সাহিত্যৰ আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ, লগতে তেওঁ ৱিকিপিডিয়াত লৈংগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা এজন ৱিকিপিডিয়ান। ২০১৪ চনৰ এপ্ৰিল মাহত ৱেডৱিত্জে শৈলাৰোহণ কৰি থকা অৱস্থাত পৰি মূৰত আঘাত পাই মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
পিতৃ-মাতৃৰ একমাত্ৰ সন্তান এদ্ৰিয়ানে ৬ জানুৱাৰী, ১৯৭৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাব্ৰাস্কা ৰাজ্যৰ ওমাহা চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল নাথান আৰ. ৱেডৱিত্জ আৰু মাতৃৰ নাম আছিল বেট্টি এম.।[2] তেওঁ নৰ্থ প্লাটে হাই স্কুল, নাব্ৰাস্কাৰ পৰা ১৯৯৫ চনত ডিগ্ৰী পাছ কৰিছিল।[3] ৱেডৱিত্জয়ে ১৯৯৯ চনত ইংৰাজী সাহিত্যত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1] ২০১১ চনত তেওঁ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে আৰু অক্সিেডেণ্টেল কলেজৰ চেণ্টাৰ ফৰ ডিজিটেল লাৰ্নিং এণ্ড ৰিচাৰ্ছত এজন পোষ্ট ডক্টৰে্ট ফেল’ হিচাপে গৱেষণা কৰিবলৈ লয়। তেওঁ মেলন ডিজিটেল স্ক’লাৰচিপ পোষ্ট ডক্টৰেল ফেল’ আৰু HASTAC স্ক’লাৰ হিচাপে নিৰ্বাচিত হয়।[4]
শৈক্ষিক জীৱন[সম্পাদনা কৰক]
শিক্ষা[সম্পাদনা কৰক]
ৱেডৱিত্জে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা উচ্চ প্ৰশংসিত স্নাতক ডিগ্ৰী লাভ কৰে, আৰু পিছত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষা (ব্ৰিটিছ)ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্তৰ অফ ফিল’চ’ফি ডিগ্ৰী লাভ কৰে।[5] তেওঁৰ থেচিচৰ বিষয় আছিল Doubting Thomas': The Failure of Religious Appropriation in The Age of Reason (2003), [6] আৰু তেওঁৰ ডক্টৰেল ডিজাৰ্টেচন আছিল 'Spare the Sympathy, Spoil the Child:' Sensibility, Selfhood, and the Maturing Reader, 1775–1815 (2011)। [7] "[8] "[8] "[9]
ৱিকিপিডিয়া সম্পাদনা আৰু প্ৰচাৰ[সম্পাদনা কৰক]
ৱেডৱিত্জে ২০০৪ চনত প্ৰথম ৱিকিপিডিয়াত সম্পাদনা কৰিছিল, [10] আৰু তেওঁ মহিলা লেখিকা আৰু স্ক’লাৰৰ ওপৰত কেইবাটাও প্ৰবন্ধৰ সৃষ্টি কৰি অভিলেখ গঢ়িছিল। [11] তেওঁ বৰ্তমানলৈ ৫০ হাজাৰৰো অধিক প্ৰবন্ধৰ সৃষ্টি কৰিছে। [1]
মৃত্যু[সম্পাদনা কৰক]
২০১৪ চনৰ 8 এপ্ৰিলত যচুৱা ৰাষ্ট্ৰীয় উদ্যানত শৈলাৰোহণ কৰোঁতে দুৰ্ঘটনাবশতঃ মুৰত আঘাত লাগি ৱেডউইটজৰ মৃত্যু হয়। [12][13]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 Cohen, Noam (April 19, 2014). "Adrianne Wadewitz, 37, Wikipedia Editor, Dies After Rock Climbing Fall". The New York Times. https://www.nytimes.com/2014/04/20/business/media/adrianne-wadewitz-37-wikipedia-editor-and-academic-dies.html.
- ↑ Woo, Elaine (April 23, 2014). "Adrianne Wadewitz dies at 37; helped diversify Wikipedia". Los Angeles Times. http://www.latimes.com/obituaries/la-me-adrianne-wadewitz-20140424,0,1077455.story.
- ↑ Wetzel, Diane (April 23, 2014). "North Platte grad, 37, Wikipedia editor, dies in climbing fall". Omaha World Herald. World-Herald News Service. http://www.omaha.com/article/20140423/NEWS/140429478/1707.
- ↑ Davidson, Cathy. "Remembering Adrianne Wadewitz: Scholar, Communicator, Teacher, Leader". HASTAC. https://www.hastac.org/blogs/cathy-davidson/2014/04/10/remembering-adrianne-wadewitz-scholar-communicator-teacher-leader.
- ↑ "Curriculum Vitae of Adrianne Wadewitz". Academia.edu. https://oxy.academia.edu/AdrianneWadewitz/CurriculumVitae.
- ↑ Wadewitz, Adrianne. "'Doubting Thomas': The Failure of Religious Appropriation in The Age of Reason". Indiana University. http://iucat.iu.edu/catalog/6033513.
- ↑ Wadewitz, Adrianne (2011), 'Spare the Sympathy, Spoil the Child:' Sensibility, Selfhood, and the Maturing Reader, 1775–1815, প্ৰকাশক Ann Arbor, MI, সাঁচ:ProQuest. Order Number 3466388. Indiana University.
- ↑ 8.0 8.1 Wadewitz (2011), p. vi
- ↑ Wadewitz (2011), p. vii
- ↑ Marta Serafini (April 21, 2014). "Addio ad Adrianne Wadewitz, paladina delle donne su Wikipedia". Corriere della Sera. http://seigradi.corriere.it/2014/04/21/addio-ad-adrianne-wadewitz-paladina-delle-donne-su-wikipedia/.
- ↑ Wholf, Tracy (May 18, 2014). "'Wikipedian' editor took on website's gender gap". PBS NewsHour. https://www.pbs.org/newshour/bb/wikipedian-editor-took-wikipedias-gender-gap/.
- ↑ Albrinck, Jennie (April 1, 2014). "Busy Weekend for Search and Rescue at Joshua Tree National Park". Joshua Tree National Park. http://www.nps.gov/jotr/parknews/busy-weekend-for-search-and-rescue-at-joshua-tree-national-park.htm.
- ↑ Newkirk, Barrett (April 18, 2014). "Wikipedia editor Adrianne Wadewitz dies in Palm Springs". The Desert Sun. http://www.desertsun.com/story/news/local/2014/04/18/wikipedia-editor-dies-palm-springs-following-fall-joshua-tree-national-park/7890685/.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত এদ্ৰিয়ান ৱেডৱিত্জ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Wadewitz's blog on the Humanities, Arts, Science and Technology Alliance and Collaboratory website
- Alex Juhasz and Anne Balsamo, Tribute to Adrianne Wadewitz, The New School, FemTechNet blog, April 10, 2014.
- "Dr. Adrianne Wadewitz" Fort Wayne, Indiana Newspapers, April 23, 2014.
- Wadewitz Google Website.
- Wholf, Tracy (May 18, 2014). "'Wikipedian' editor took on website's gender gap". PBS NewsHour (PBS). https://www.pbs.org/newshour/bb/wikipedian-editor-took-wikipedias-gender-gap/.
- "Community mourns passing of Adrianne Wadewitz". The Signpost. April 9, 2014. http://en.wikipedia.org/wiki/Wikipedia:Wikipedia_Signpost/2014-04-09/Special_report.
- Wadewitz, Adrianne (March 2013). "Wikipedia's "Neutral Point of View"". প্ৰকাশক Pitzer College. https://vimeo.com/102555721.