সমললৈ যাওক

এনাস্থেচিয়া এৱাৰনেচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এনাস্থেচিয়া এৱাৰনে'চ বা আন্‌ইণ্টেডে'ড্‌ ইনট্ৰা-অ'পাৰেটিভ এৱাৰনে'চ (Anesthesia awareness/unintended intra-operative awareness) হৈছে অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক চেতনাবিহীন কৰিবলৈ প্ৰয়োগ কৰা সাধাৰণ সংজ্ঞাহীনতা বা বিষয় দৰব প্ৰয়োজনতকৈ কমকৈ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগীৰ এক অৱস্থা।[1] ই অস্ত্ৰোপ্ৰচাৰৰ সময়ত ঘটা ঘটনা সমূহ অস্ত্ৰোপ্ৰচাৰৰ পিছত মনলৈ অহা এক অৱস্থা। আনহাতে ই প'ষ্ট এনাস্থেচিয়া কেয়াৰ ইউনিট (PACU) বা ইণ্টেন্‌চিভ কেয়াৰ ইউনিট (ICU)ত অস্ত্ৰোপ্ৰচাৰৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ৰখাৰ সময়তো ঘটিব পাৰে।[2] ইয়াৰ ফলত ৰোগীৰ পঞ্চইন্দ্ৰিয় সচেতন অৱস্থাত থাকে যদিও ৰোগীয়ে শৰীৰৰ অংগসমূহ চলাচল কৰিবলৈ সক্ষম নহয়। অৰ্থাৎ ৰোগীয়ে অস্ত্ৰোপ্ৰচাৰৰ বেদনা, কক্ষত চলি থকা কথোপকথন আদি অনুভৱ কৰিব পাৰে; কিন্তু সহাঁৰি দিব নোৱাৰে।[3]

অপৰ্যাপ্ত পৰিমাণৰ সংজ্ঞাহীনতাৰ দৰব প্ৰয়োগৰ ফলত এই অৱস্থাৰ সৃষ্টি হয়।[2] এই অৱস্থাটো অস্ত্ৰোপ্ৰচাৰৰ ভিন্নতা অনুযায়ী প্ৰায় ০.২% ৰ পৰা ৪০% ৰোগীৰ ক্ষেত্ৰত সৃষ্টি হয়।[1] ই অস্ত্ৰোপ্ৰচাৰৰ অৱস্থা আৰু ৰোগীৰ মানসিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। সাধাৰণ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত ০.২%, প্ৰায় ০.৪% চিজাৰিয়ানত,[4] ১ ৰ পৰা ২% হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত,[5] আৰু ১০–৪০% ৰোগীৰ লগত দুৰ্ঘটনাজনিত অস্ত্ৰোপ্ৰচাৰৰ এই "অস্ত্ৰোপ্ৰচাৰৰ পিছত মনলৈ অহা" (incidence of memorization) অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ প্ৰায় এক তৃতীয়াংশই বেদনা অনুভৱ কৰিব পাৰে।[3] নিউৰ'-মাচ্‌কুলাৰ ব্লকেডৰ (neuro-muscular blockade) অনুপস্থিতিত এই অৱস্থাটো আধালৈ বৃদ্ধি পায়।[1] এই অৱস্থাত ৰোগীয়ে অস্ত্ৰোপ্ৰচাৰৰ বেদনা অনুভৱ কৰিব পাৰে, কথোপকথন শুনিব পাৰে, উশাহ লোৱাত হোৱা কষ্ট অনুভৱ কৰিব পাৰে; কিন্তু তেওঁলোকে সহাঁৰি দিবলৈ সক্ষম নহয় কাৰণ ইতিমধ্যে মাচল ৰিলাক্সেণ্ট (paralytic/muscle relaxant) প্ৰয়োগ কৰা হয়।[2]

সচেতন অৱস্থা আৰু মনলৈ অহা অৱস্থা

[সম্পাদনা কৰক]

দুই প্ৰকাৰৰ সচেতন অৱস্থাৰ সৃষ্টি হয়:

  • এৱাৰনেচ (Awareness): ইয়াত ৰোগীয়ে ঘটি থকা ঘটনা সমূহ অনুভৱ কৰিব পাৰে; কিন্তু অস্ত্ৰোপ্ৰচাৰৰ পিছত কোনো স্মৃতি নাথাকে।[1]
  • মনলৈ অহা অৱস্থা: অস্ত্ৰোপ্ৰচাৰৰ পিছত ঘটনাসমূহ মনত পেলাব পাৰে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Ghoneim, Medhat M.; Block, Richard I.; Hauer, Delores; Brown, Richard H. (2014-09-01). "Awareness during anesthesia: risk factors, causes and sequelae: a review of reported cases in the literature". Anesthesia and Analgesia খণ্ড 118 (3): 527–535. doi:10.1213/ANE.0000000000000020. PMID 24557183. 
  2. 2.0 2.1 2.2 Mashour, George A.; Shanks, Andrew; Kheterpal, Sachin; Pandit, J. J. (2006). "Intraoperative awareness: from neurobiology to clinical practice". British Journal of Anaesthesia খণ্ড 96 (3): 327–336. doi:10.1093/bja/ael019. PMID 16455869. 
  3. 3.0 3.1 3.2 Pandit, J.J.; Cook, T.M.; Jonker, W.R.; O’Sullivan, E. (2014). "Pandit JJ, Cook TM, Jonker WR, O’Sullivan E; on behalf of the Royal College of Anaesthetists and Association of Anaesthetists of Great Britain and Ireland. 4th National Audit Project (NAP4): Awareness during general anaesthesia in the UK: NAP5 summary". British Journal of Anaesthesia খণ্ড 113 (4): 549–559. doi:10.1093/bja/aeu313. PMID 25204697. 
  4. Paech, Michael J.; Scott, Kevin L.; Clavisi, Oscar; Chua, Stephanie; McDonnell, Nicola; Huxley, Lesley; Weidmann, Peter; Ryan, Melissa M. (2008). "A prospective study of awareness and recall associated with general anaesthesia for caesarean section". International Journal of Obstetric Anesthesia খণ্ড 17 (4): 298–303. doi:10.1016/j.ijoa.2008.01.004. PMID 18375154. 
  5. Sebel, P. S.; Bowdle, T. A.; Ghoneim, M. M.; Rampil, I. J.; Padilla, R. E.; Gan, T. J.; Domino, K. B. (2004). "The incidence of awareness during anesthesia: a multicenter United States study". Anesthesia and Analgesia খণ্ড 99 (3): 833–839. doi:10.1213/01.ANE.0000130261.90896.6C. PMID 15333419.