এনাস্থেচিয়া এৱাৰনেচ
| এই প্ৰবন্ধত বিশেষজ্ঞৰ মনোযোগৰ প্ৰয়োজন আছে। পঢ়ুৱৈক সাৱধান কৰি দিয়া হ'ল যে বিশেষজ্ঞৰ মতামত নোলোৱাকৈ ইয়াত দিয়া তথ্য ব্যৱহাৰ কৰিলে তেওঁৰ হানি বিঘিনি হোৱাৰো সম্ভাৱনা আছে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাও চাওক। এই অনুৰোধ কোনো ৱিকিপ্ৰকল্পৰ লগত জড়িত কৰিবলৈ বিবেচনা কৰিব পাৰে। |
এনাস্থেচিয়া এৱাৰনে'চ বা আন্ইণ্টেডে'ড্ ইনট্ৰা-অ'পাৰেটিভ এৱাৰনে'চ (Anesthesia awareness/unintended intra-operative awareness) হৈছে অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক চেতনাবিহীন কৰিবলৈ প্ৰয়োগ কৰা সাধাৰণ সংজ্ঞাহীনতা বা বিষয় দৰব প্ৰয়োজনতকৈ কমকৈ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগীৰ এক অৱস্থা।[1] ই অস্ত্ৰোপ্ৰচাৰৰ সময়ত ঘটা ঘটনা সমূহ অস্ত্ৰোপ্ৰচাৰৰ পিছত মনলৈ অহা এক অৱস্থা। আনহাতে ই প'ষ্ট এনাস্থেচিয়া কেয়াৰ ইউনিট (PACU) বা ইণ্টেন্চিভ কেয়াৰ ইউনিট (ICU)ত অস্ত্ৰোপ্ৰচাৰৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ৰখাৰ সময়তো ঘটিব পাৰে।[2] ইয়াৰ ফলত ৰোগীৰ পঞ্চইন্দ্ৰিয় সচেতন অৱস্থাত থাকে যদিও ৰোগীয়ে শৰীৰৰ অংগসমূহ চলাচল কৰিবলৈ সক্ষম নহয়। অৰ্থাৎ ৰোগীয়ে অস্ত্ৰোপ্ৰচাৰৰ বেদনা, কক্ষত চলি থকা কথোপকথন আদি অনুভৱ কৰিব পাৰে; কিন্তু সহাঁৰি দিব নোৱাৰে।[3]
অপৰ্যাপ্ত পৰিমাণৰ সংজ্ঞাহীনতাৰ দৰব প্ৰয়োগৰ ফলত এই অৱস্থাৰ সৃষ্টি হয়।[2] এই অৱস্থাটো অস্ত্ৰোপ্ৰচাৰৰ ভিন্নতা অনুযায়ী প্ৰায় ০.২% ৰ পৰা ৪০% ৰোগীৰ ক্ষেত্ৰত সৃষ্টি হয়।[1] ই অস্ত্ৰোপ্ৰচাৰৰ অৱস্থা আৰু ৰোগীৰ মানসিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। সাধাৰণ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত ০.২%, প্ৰায় ০.৪% চিজাৰিয়ানত,[4] ১ ৰ পৰা ২% হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত,[5] আৰু ১০–৪০% ৰোগীৰ লগত দুৰ্ঘটনাজনিত অস্ত্ৰোপ্ৰচাৰৰ এই "অস্ত্ৰোপ্ৰচাৰৰ পিছত মনলৈ অহা" (incidence of memorization) অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ প্ৰায় এক তৃতীয়াংশই বেদনা অনুভৱ কৰিব পাৰে।[3] নিউৰ'-মাচ্কুলাৰ ব্লকেডৰ (neuro-muscular blockade) অনুপস্থিতিত এই অৱস্থাটো আধালৈ বৃদ্ধি পায়।[1] এই অৱস্থাত ৰোগীয়ে অস্ত্ৰোপ্ৰচাৰৰ বেদনা অনুভৱ কৰিব পাৰে, কথোপকথন শুনিব পাৰে, উশাহ লোৱাত হোৱা কষ্ট অনুভৱ কৰিব পাৰে; কিন্তু তেওঁলোকে সহাঁৰি দিবলৈ সক্ষম নহয় কাৰণ ইতিমধ্যে মাচল ৰিলাক্সেণ্ট (paralytic/muscle relaxant) প্ৰয়োগ কৰা হয়।[2]
সচেতন অৱস্থা আৰু মনলৈ অহা অৱস্থা
[সম্পাদনা কৰক]দুই প্ৰকাৰৰ সচেতন অৱস্থাৰ সৃষ্টি হয়:
- এৱাৰনেচ (Awareness): ইয়াত ৰোগীয়ে ঘটি থকা ঘটনা সমূহ অনুভৱ কৰিব পাৰে; কিন্তু অস্ত্ৰোপ্ৰচাৰৰ পিছত কোনো স্মৃতি নাথাকে।[1]
- মনলৈ অহা অৱস্থা: অস্ত্ৰোপ্ৰচাৰৰ পিছত ঘটনাসমূহ মনত পেলাব পাৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Ghoneim, Medhat M.; Block, Richard I.; Hauer, Delores; Brown, Richard H. (2014-09-01). "Awareness during anesthesia: risk factors, causes and sequelae: a review of reported cases in the literature". Anesthesia and Analgesia খণ্ড 118 (3): 527–535. doi:10.1213/ANE.0000000000000020. PMID 24557183.
- ↑ 2.0 2.1 2.2 Mashour, George A.; Shanks, Andrew; Kheterpal, Sachin; Pandit, J. J. (2006). "Intraoperative awareness: from neurobiology to clinical practice". British Journal of Anaesthesia খণ্ড 96 (3): 327–336. doi:10.1093/bja/ael019. PMID 16455869.
- ↑ 3.0 3.1 3.2 Pandit, J.J.; Cook, T.M.; Jonker, W.R.; O’Sullivan, E. (2014). "Pandit JJ, Cook TM, Jonker WR, O’Sullivan E; on behalf of the Royal College of Anaesthetists and Association of Anaesthetists of Great Britain and Ireland. 4th National Audit Project (NAP4): Awareness during general anaesthesia in the UK: NAP5 summary". British Journal of Anaesthesia খণ্ড 113 (4): 549–559. doi:10.1093/bja/aeu313. PMID 25204697.
- ↑ Paech, Michael J.; Scott, Kevin L.; Clavisi, Oscar; Chua, Stephanie; McDonnell, Nicola; Huxley, Lesley; Weidmann, Peter; Ryan, Melissa M. (2008). "A prospective study of awareness and recall associated with general anaesthesia for caesarean section". International Journal of Obstetric Anesthesia খণ্ড 17 (4): 298–303. doi:10.1016/j.ijoa.2008.01.004. PMID 18375154.
- ↑ Sebel, P. S.; Bowdle, T. A.; Ghoneim, M. M.; Rampil, I. J.; Padilla, R. E.; Gan, T. J.; Domino, K. B. (2004). "The incidence of awareness during anesthesia: a multicenter United States study". Anesthesia and Analgesia খণ্ড 99 (3): 833–839. doi:10.1213/01.ANE.0000130261.90896.6C. PMID 15333419.