সমললৈ যাওক

এম. কামালুদ্দিন আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম. কামালুদ্দিন আহমেদ
জন্ম দৰং
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০৫ চনত ডক্টৰেট ডিগ্ৰী লাভ৷
ধৰণ কবিতা, সাহিত্য সমালোচনা, অনুবাদ
উল্লেখনীয় কৰ্মৰাজি শুক্ৰেশ্বৰত ফুল কিনোতে(২০১৪)

ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ(২০২১)

আধুনিক অসমীয়া কবিতা(২০২৩) [২০০৫]
উল্লেখযোগ্য বঁটা বেণু চিৰিং বঁটা(২০১৫)

অন্যযুগ সাহিত্য সন্মান(২০২০) অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা(২০২৩)

TIME-8 শান্তি সন্মান(২০২৩)
ৱেবছাইট www.gauhati.ac.in/kamaluddinahmed

এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক,অনুবাদক তথা অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হৈছে৷ তেখেত সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা সমিতিৰ সদস্য (২০১২-২০১৭) আছিল৷ সেইদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বৰ্ড অভ ষ্টাডিজৰ সদস্য (২০২০-২০২৩)৷ ভাৰতীয় সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ তেখেতৰ কবিতা অনুবাদ হৈছে৷ ইংৰাজী আৰু ফৰাচী ভাষালৈও কবিতাৰ অনুবাদ হৈছে৷ [1]

তেখেতৰ জন্ম হয় ১৯৬৬ চনত দৰং জিলাৰ পাথৰিঘাটৰ তুৰাই গাঁৱত। পিতৃৰ নাম নাজিমুদ্দিন আহমেদ আৰু মাতৃৰ নাম আফ্ৰোজা বেগম ৷ পিতৃয়ে ১৯৯২ চনত জলসিঞ্চন বিভাগৰ মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে তাজকিয়া (মিমি)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ দুই সন্তানৰ নাম ক্ৰমে টানৱিৰ (পুত্ৰ) আৰু জাকিয়া (জীয়ৰী)৷[2]

  1. প্ৰাথমিক শিক্ষাঃ মঙলদৈ গাঁও প্ৰাথমিক বিদ্যালয়
  2. হাইস্কুলীয়া শিক্ষাঃ মঙলদৈ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু টংলা উচ্চ মাধ্যমিক বিদ্যালয়৷
  3. কলেজীয়া শিক্ষাঃ কটন কলেজৰপৰা প্ৰাক্‌স্নাতক কলা (১৯৮২-৮৪), একে কলেজৰপৰাই কলাৰ স্নাতক (১৯৮৪-৮৭)
  4. বিশ্ববিদ্যালয় শিক্ষাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয় (সাহিত্য শাখা)ৰ স্নাতকোত্তৰত ১ ম শ্ৰেণী লাভ (১৯৮৭-৮৯)
  5. ডক্তৰেটঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০৫ চনত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ৷ বিষয়ঃ অসমীয়া কবিতাত আধুনিকতাঃ চাৰিগৰাকী কবিৰ বিশেষ উল্লেখসহ (নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা)

কৰ্মজীৱন

[সম্পাদনা কৰক]
  1. ১৯৯২ৰ পৰা ২০০৩ লৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ৷
  2. ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান৷

সাহিত্যৰাজি

[সম্পাদনা কৰক]

কবিতা সংকলন

[সম্পাদনা কৰক]
  1. দুচকুত গছৰ ভৰ বাৰিষা (১৯৯৬)
  2. ধোঁৱাৰ মাজৰ চৰাইটো (২০০১)
  3. বৰষুণঃ ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক (২০০৮)
  4. শুক্ৰেশ্বৰত ফুল কিনোতে (২০১৪)
  5. পানীৰ মাজেৰে, নিৰ্বাচিত কবিতা সংকলন (২০১৭)
  6. দৃশ্যান্তৰ (২০১৮)
  7. তগৰ তুম চাহত কা খনিজ হো (২০২১)
  8. ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ(২০২১)

প্ৰবন্ধ সংকলন

[সম্পাদনা কৰক]
  • কাৰবিঃ বিষাদ আৰু ৰং, ২০০২

সাহিত্য সমালোচনামূলক পুথি

[সম্পাদনা কৰক]
  1. আধুনিক অসমীয়া কবিতা (২০০৫) [3]
  2. সাহিত্যৰ অভিব্যক্তি (২০১৪)
  3. ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা (২০১৫)

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]
  • আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ, ২০০৯
  • আধুিনক অসমীয়া সাহিত্যৰ ঐতিহ্য আৰু লক্ষ্মীনাথ বেজবৰুৱা, ২০১৪
  • দোলায়িত প্ৰস্তৰ, ২০২২ (সহযোগী সম্পাদকঃ কল্পজ্যোতি ৰায়)

অনুবাদ পুথি

[সম্পাদনা কৰক]
  1. দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮)

সম্পাদিত পত্ৰিকা

[সম্পাদনা কৰক]
  1. অন্বেষণ, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা (২০১৫)

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. সদৌ অসম কবি সন্মিলনৰ 'বেণু চিৰিং বঁটা'(২০১৫)
  2. অন্যযুগ সাহিত্য সন্মান(২০২০)
  3. "ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ" কবিতা সংকলনৰ বাবে অসম সাহিত্য সভাৰ 'অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা'(২০২৩)
  4. TIME-8 শান্তি বঁটা(২০২৩)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ডেকা, হৰেকৃষ্ণ। পাতনি, পানীৰ মাজেৰে। গুৱাহাটীঃ বনলতা, ২০১৭, পৃ. ১১-২২।
  2. সাক্সেনা, সুধীৰ। ভূমিকা, তগৰ তুম চাহত কা খনিজ হো। লক্ষ্ণৌঃ ৰশ্মি প্ৰকাশন, ২০২১, পৃ. ১১-১৩।
  3. শইকীয়া, নগেন। ‘আধুনিক অসমীয়া কবিতা ’। গৰীয়সী। গুৱাহাটীঃ ট্ৰিবিউন বিল্ডিংচ, Vol. XXIV Issue No. 3 (December 2016), পৃ. ১০৩-১০৬।