সমললৈ যাওক

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এ আই ইউ ডি এফৰ পৰা পুনঃনিৰ্দেশিত)
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
All India United Democratic Front
अखिल भारतीय संयुक्त लोकतांत्रिक मोर्चा

নেতা বদৰুদ্দিন আজমল
প্ৰতিষ্ঠা ২০০৪
মুখ্য কাৰ্যালয় ৩ নং ফ্ৰেণ্ডচ্ পথ, হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮
নিৰ্বাচন আয়োগৰ স্বীকৃতি State Party[1]
লোকসভাৰ আসন
৩ / ৫৪৫
-ৰ আসন
১৮ / ১২৬
নিৰ্বাচনী প্ৰতীক

ৱেবছাইট

www.aiudf.org

ভাৰতৰ ৰাজনীতি
ৰাজনৈতিক দল
নিৰ্বাচন

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল[2]। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা। ২০০৫ চনৰ অক্টোবৰ মাহত তেওঁ এক আঞ্চলিক দল হিচাপে "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা"(Assam United Democratic Front (AUDF)) গঠন কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত ইয়াক সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামাকৰণ কৰি এক জাতীয় দল হিচাপে ঘোষণা কৰা হয়। এই দলৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত।[3][4]

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অসমৰ প্ৰধান বিৰোধী দল। ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে ১২৬ খন আসনৰ ভিতৰত ১৮ খনত জয়ী হৈছিল।[5]

দলীয় নিৰ্বাচনী চিহ্ন

তলা-চাবি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নিৰ্বাচনী প্ৰতীক। দলৰ পতাকা তিনি বৰণীয়া। ওপৰত সেউজীয়া, মাজত বগা আৰু তলত ক'লা। দলৰ প্ৰতীক তলা-চাবি বগা ৰঙৰ মাজত বিদ্যমান।





নিৰ্বাচন ইতিহাস

[সম্পাদনা কৰক]
চননিৰ্বাচনবিজয়ী আসনআসনৰ পৰিবৰ্তনভোটৰ শতাংশভোটৰ শতাংশ পৰিৱৰ্তন
২০০৯১৫তম লোকসভা১
২০১১১৩তম অসম বিধানসভা১৮
২০১৪১৫তম লোকসভা৩--
২০১৯১৬তম লোকসভা১--

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]