ঐতিহাসিক ভৌগোলিক পদ্ধতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঐতিহাসিক ভৌগোলিক দৃষ্টিভংগী হৈছে লোকসংস্কৃতি অধ্যয়নৰ এক পদ্ধতি বা দৃষ্টিভংগী । এই পদ্ধতি ফিনলেণ্ডত সৃষ্টি হোৱা বাবে ফীনিচ পদ্ধতি বুলিও কোৱা হয়। [1]

ইতিহাস[সম্পাদনা কৰক]

ফীনিচ পদ্ধতিৰ বিশ্বাস অনুসৰি পৃথিৱীৰ আকাৰ

ওঠৰ শতিকাত জেকব গ্ৰীম(Jacob Grimm ) আৰু উইলিয়াম গ্ৰীম ( Wilhelm Grimm)নামৰ জাৰ্মানীৰ দুজন ভাষাবিদ আৰু পুৰাতত্ত্ববিদে ইউৰোপত প্ৰচলিত সাধুকথা সমূহৰ সংগ্ৰহ কৰিছিল[2]।তেওঁলোকে এই পুৰাকথা আৰু সাধুকথা সমূহক " Kinder And Haursmarchen " নাম দি ১৮১২ আৰু ১৮১৫ চনত দুটা খণ্ডত প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত ১৮২২ চনত এই সাধুকথাৰ সংগ্ৰহটোৰ ইংৰাজীলৈ অনুবাদ হয়‌। ইয়াৰ লগে লগে লোকসংস্কৃতি অধ্যয়নৰ দিশত এই গ্ৰন্থখনে ব্যাপক প্ৰভাৱ পেলাবলৈ ধৰে। গ্ৰীম ভাতৃদ্বয়ে সাধুকথা সমূহ সংগ্ৰহ কৰি অনুমান কৰে যে পৃথিৱীৰ বিভিন্ন ভাষাৰ সাধুকথাবোৰৰ এটাই মাত্ৰ উৎপত্তি স্থল আৰু সেই স্থল হ'ল জাৰ্মান। তেওঁলোকে জাৰ্মানত প্ৰচলিত সাধুকথাই সকলো ঠাইতে প্ৰচলিত হৈ আছে বুলি এক সংকীৰ্ণ দৃষ্টিভংগী দাঙি ধৰে। এই দৃষ্টিভংগীকে “লোক কথাৰ ইণ্ডো-ইউৰোপীয় তত্ত্ব” বা “Indo-European Theory” বোলা হয়। আনহাতে পণ্ডিত মেক্সমুলাৰ (Maxmuller) এ এই তত্ত্বৰ বিৰোধিতা কৰি বিশ্বৰ সকলোবোৰ সাধুকথাৰ মূল বা উৎপত্তি স্থল ভাৰত বুলি কৈছিল। মেক্সমুলাৰে সংস্কৃত অধ্যয়নৰ যোগেদি ভাৰতীয় সাহিত্যৰ লগত পৰিচয় হৈছিল। তেওঁ পঞ্চতন্ত্ৰৰ দৰে সাধুকথাবোৰ ভাৰতবৰ্ষৰ পৰাই বিশ্বৰ বিভিন্ন স্থানলৈ প্ৰবাহিত হৈছে বুলি দাবী কৰিছিল। মেক্সমুলাৰৰ এই মতামতক সমৰ্থন জনাই থিয়'ডৰ বেনফৰ (Theodore Benfey)এ কৈছে যে খ্ৰীষ্টাব্দ দশম শতিকাৰ আগত ভাৰতত প্ৰচলিত লোককথাবোৰ মৌখিক ভাবে বিশ্বৰ বিভিন্ন স্থানলৈ প্ৰবাহিত হৈছে। দশম শতিকাৰ পাছত ভাৰতত ইছলাম ধৰ্মৰ লোকসকল বাঢ়ি অহাত তেওঁলোকৰ দ্বাৰা আফগান, আৰৱ আদি দেশলৈ আৰু বৌদ্ধ ধৰ্মাৱলম্বীলকলৰ দ্বাৰা চীন, থাইলেণ্ড, তিব্বত ইত্যাদিলৈ প্ৰবাহিত হয় বুলি বেনফৰে মত দিয়ে। গ্ৰীম ভাতৃদ্বয়ৰ সাধুকথাৰ উৎপত্তিৰ ইণ্ডো-ইউৰোপীয় তত্ত্ব আৰু বেনফৰৰ ভাৰতীয় উৎপত্তি তত্ত্বক আধাৰ কৰিয়েই লোকসংস্কৃতি অধ্যয়নৰ ভৌগোলিক তত্ত্বৰ বিকাশ আৰু উদ্ভৱ হৈছিল। এনে পটভূমিত ফীনলেণ্ডৰ জুলিয়াচ ক্ৰ'ন ( Julius Krohn) আৰু কাৰ্ল ক্ৰ'ন (Kaarle Krohn) নামৰ পিতৃ-পুত্ৰদ্বয়ে লোকসংস্কৃতি অধ্যয়নৰ ঐতিহাসিক ভৌগোলিক দৃষ্টিভংগীৰ জন্ম দিছিল।

গতি- প্ৰকৃতি[সম্পাদনা কৰক]

ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত জুলিয়াচ ক্ৰ'ন ( Julius Krohn) আৰু কাৰ্ল ক্ৰ'নে (Kaarle Krohn) ঐতিহাসিক ভৌগোলিক পদ্ধতিৰ দ্বাৰা লোক-সংস্কৃতিৰ পৰিভ্ৰমণতাক আলোচনা কৰে। লোকসংস্কৃতি প্ৰবহমান। ই দেশ, কাল, সংস্কৃতিৰ বান্ধ অতিক্ৰম কৰি বিভিন্ন ঠাইলৈ প্ৰবাহ হয়। লোকসংস্কৃতি এনেদৰে প্ৰবাহিত হওঁতে ইয়াৰ সমলৰ পাঠান্তৰ হ'ব পাৰে বা নতুন সমল যোগ হ'বও পাৰে। ঐতিহাসিক ভৌগোলিক দৃষ্টিভংগীয়ে এনেদৰে প্ৰবাহিত হোৱা পাঠ বা সমলৰ মূলৰূপ এটা বুলি কৈছে। ঐতিহাসিক ভৌগোলিক পদ্ধতিয়ে সমল একোটাৰ পাঠান্তৰ হোৱা কাৰণসমূহ দুই ধৰণৰ বুলি কৈছে- ঐতিহাসিক আৰু ভৌগোলিক। ঐতিহাসিক কাৰণৰ ফলতো লোককথা এটাৰ ৰূপ সলনি হ'ব পাৰে। ভৌগোলিক কাৰণেও লোককথা এটাৰ ৰূপ সলাই দিয়ে। উদাহৰণস্বৰূপে, তেজীমলাৰ সাধুটোত "নদী"খনৰ সলনি পাহাৰীয়া অঞ্চলত "পাহাৰ"ৰ কথাও উল্লেখ থাকিব পাৰে। এনেদৰে সালসলনি ঘটিলেও মূল ৰূপ এটাহে থাকে, কিন্তু ইয়াৰ বহুতো আঞ্চলিক ৰূপ থাকে। ১৯০৭ চনত কাৰ্ল ক্ৰ'নে Folklore Fellows নামৰ এটা সংস্থা স্থাপন কৰে। ইয়াৰ যোগেদি লোককথাৰ ঐতিহাসিক বিশ্লেষণত তলৰ দিশ সমূহ গুৰুত্ব দিয়ে- ১. মৌলিকতা, ২.পৰিব্যাপ্তিৰ ভৌগোলিক ব্যাখ্যা উদ্ধাৰ, ৩. উৎস সন্ধান আৰু পৰিব্যাপ্তিৰ মানচিত্ৰ অংকন, ৪. কাহিনী ৰূপান্তৰ আৰু পাঠভেদ বিশ্লেষণ আৰু ৫. আঞ্চলিক ৰূপ উদ্ধাৰ। এই পদ্ধতিৰ বিকাশত আন এটা উল্লেখযোগ্য নাম হ'ল আণ্টি আৰ্নে ( Antti Arne)। [3]তেওঁৰ 1910 চনত লোককথাসমূহ বিষয়বস্তু ভিত্তিত বিভিন্ন ভাগত ভাগ কৰিছিল। এই ক্ষেত্ৰত ষ্টিট থমচন Stith Thompson ৰো নাম ল'ব লাগিব। তেওঁলোক দুজনে যুটীয়াভাৱে লিখা "The types of Folktales" পুথিখনত পৃথিৱীৰ প্ৰায়বোৰ লোককথাক জীৱ-জন্তু বিষয়ক, ৰোমাণ্টিক আদি ভাগত ভাগত অন্তৰ্ভুক্ত কৰিছে। যেনে অসমীয়াৰ বান্দৰ-শিয়ালৰ সাধুটো AT 49A ত অন্তৰ্ভুক্ত কৰা হৈছিল। তেনেদৰে চিন্দ্ৰেলা (Cinderella) লাৰ সাধুটো AT 510 অন্তৰ্ভুক্ত কৰা হৈছিল। এই গ্ৰন্থখন পৰৱৰ্তী সময়ত 1961 ত পৰিৱৰ্দ্ধিত ৰূপত প্ৰকাশ পায়। থমচনে লোককথাৰ এটা মটিফ থাকে বুলি কৈছিল। মটিফ হ'ল কাহিনীৰ ক্ষুদ্ৰতম অংশ। তেওঁ সাধুকথাসমূহৰ মটিফ ৰোমান আখৰত ভাগ কৰিছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Finnish mythology English Wiki , retrieved on 13th May 2022
  2. Pentikäinen, 1999, p. 7.
  3. "Error: no |title= specified when using {{Cite web}}". https://en.m.wikipedia.org/wiki/Aarne%E2%80%93Thompson%E2%80%93Uther_Index। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  4. শৰ্মা, ড° নবীন চন্দ্ৰ. বাণী প্ৰকাশ. ISBN 81-7643-045-5.