ক'ৰ্চেৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক'ৰ্চেৰা ইনকৰ্পৰেটেড
soft2i
ইউ আৰ এল coursera.org
বাণিজ্যক হয়
প্ৰকাৰ অনলাইন শিক্ষা
পঞ্জীয়ন প্ৰয়োজনীয়
ভাষা বহুভাষিক (৪০) es-us
পঞ্জীকৃত সদস্য ৯২ নিযুত (২০২১)[1]
প্ৰতিস্থাপক Andrew Ng
Daphne Koller
উদ্যোগ E-learning
অৱস্থান Mountain View, California, U.S.
কৰ্মক্ষেত্ৰ Worldwide
কৰ্মচাৰীৰ সংখ্যা 1,138 (December 2021)[2]
মুকলি এপ্ৰিল ২০১২; ১২ বছৰ  আগতে (2012-04)
ৰাজহ বৃদ্ধি US$415.29 million (2021) [2]
বৰ্তমান স্থিতি সক্ৰিয়

ক'ৰ্চেৰা (Coursera Inc.) হৈছে ২০১২ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং আৰু ডাফ্নে কলাৰে প্ৰতিষ্ঠা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰভিত্তিক এক বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম প্ৰদানকাৰী সেৱা।[3][4][5] ক'ৰ্চেৰাই বিশ্ববিদ্যালয় আৰু অন্যান্য সংস্থাৰ সৈতে সহযোগিতা কৰি বিভিন্ন বিষয়ৰ অনলাইন পাঠ্যক্ৰম, প্ৰমাণপত্ৰ, আৰু ডিগ্ৰী প্ৰদান কৰে। ২০২১ চনত অনুমান কৰা হৈছিল যে ক'ৰ্চেৰাৰ  জৰিয়তে প্ৰায় ১৫০ খন বিশ্ববিদ্যালয়ে ৪ হাজাৰতকৈ অধিক পাঠ্যক্ৰম আগবঢ়াইছে।[6]

ইতিহাস[সম্পাদনা কৰক]

ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং[7] আৰু ডাফ্নে কলাৰে[8] ২০১২ চনত[9] ক'ৰ্চেৰা প্ৰতিষ্ঠা কৰিছিল। ইং আৰু কলাৰে ২০১১ চনৰ শৰৎকালৰ পৰা তেওঁলোকৰ ষ্টেনফ'ৰ্ড পাঠ্যক্ৰমসমূহ অনলাইনত আগবঢ়াবলৈ আৰম্ভ কৰে,[10] আৰু তাৰ কিছু সময়ৰ পিছতে ষ্টেনফ'ৰ্ড এৰি ক'ৰ্চেৰা আৰম্ভ কৰে। প্ৰিন্সটন, ষ্টেনফ'ৰ্ড, মিচিগান আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয় আছিল এই প্লেটফৰ্মত পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথম বিশ্ববিদ্যালয়।[11] তাৰ পিছত পাঠ্যক্ৰম আগবঢ়োৱা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত বিশিষ্টকৰণ পাঠ্যক্ৰমসমূহ (specialization) অন্তৰ্ভুক্ত কৰা হয় – যিয়ে এটা নিৰ্দিষ্ট বিষয়ত দক্ষতা গঢ়ি তোলা কিছুমান পাঠ্যক্ৰমৰ লগতে ব্যৱসায় আৰু চৰকাৰী সংস্থাসমূহৰ বাবে ডিগ্ৰী আৰু এটা কৰ্মশক্তি বিকাশৰ সামগ্ৰী আগবঢ়ায়।

২০১৪ চনত ক'ৰ্চেৰাই ৱেবি ৱিনাৰ (ৱেবছাইট আৰু মোবাইল চাইট শিক্ষা ২০১৪) আৰু পিপলছ ভইচ ৱিনাৰ (ৱেবছাইট আৰু মোবাইল চাইট শিক্ষা) বঁটা দুটা লাভ কৰিছিল।[12]

কৌশলগত অংশীদাৰ[সম্পাদনা কৰক]

২০১৯ চনৰ ডিচেম্বৰ মাহলৈকে ২৯ খন দেশত ক'ৰ্চেৰাৰ মুঠ অংশীদাৰৰ সংখ্যা ২০০ৰো অধিক। ক'ৰ্চেৰাই মূলতঃ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৈতে কাম কৰে, লগতে ক'ম্পেনী আৰু চৰকাৰৰ সৈতেও সহযোগিতাৰে কাম কৰে। বিশ্ববিদ্যালয়ৰ অংশীদাৰসকলৰ ভিতৰত আছে ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়, ব্ৰিটেইনৰ লণ্ডন বিশ্ববিদ্যালয়, ভাৰতৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ, কোৰিয়াৰ য়নচেই বিশ্ববিদ্যালয়, আৰু আমেৰিকাৰ য়েল, ইলিনয়, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠান। গুগলে ক'ৰ্চেৰাৰ যোগেৰে পেছাদাৰী প্ৰমাণপত্ৰ কাৰ্যসূচী আৰম্ভ কৰিছে। গুগলে নিজৰ সকলো প্ৰমাণপত্ৰক চাৰি বছৰীয়া কলেজীয়া ডিগ্ৰীৰ সমতুল্য বুলি গণ্য কৰিব।

সেৱাসমূহ[সম্পাদনা কৰক]

পাঠ্যক্ৰম[সম্পাদনা কৰক]

ক'ৰ্চেৰাৰ পাঠ্যক্ৰমসমূহ প্ৰায় চাৰিৰ পৰা বাৰ সপ্তাহলৈকে চলে। প্ৰতি সপ্তাহত এঘণ্টাৰ পৰা দুঘণ্টা পৰ্য্যন্ত ভিডিঅ’ বক্তৃতা দিয়া হয়। এই পাঠ্যক্ৰমসমূহে কুইজ, সাপ্তাহিক অনুশীলন, সমনীয়াই দিয়া গ্ৰেড আৰু পৰ্যালোচনা কৰিবলগীয়া এচাইনমেণ্ট, এটা ঐচ্ছিক বিশেষ এচাইনমেণ্ট, আৰু কেতিয়াবা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ এটা চূড়ান্ত প্ৰকল্প বা পৰীক্ষা সামৰি লয়।[13] চাহিদা অনুসৰিও পাঠ্যক্ৰম আগবঢ়োৱা হয়। ২০১৫ চনৰ মে’ মাহলৈকে ক'ৰ্চেৰাই ব্যৱহাৰকাৰীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি ১০৪টা পাঠ্যক্ৰম আগবঢ়াইছিল। তেওঁলোকে গাইড নিযুক্ত প্ৰকল্পও যোগান ধৰে, যিবোৰ ঘৰতে কৰিব পৰা ২-৩ ঘণ্টাৰ চুটি প্ৰকল্প।

‘Coursera Impact Report 2020’ ৰ মতে, ক'ৰ্চেৰাৰ পৰা মানুহে শিকিবলগীয়া শীৰ্ষ পাঁচটা জনপ্ৰিয় পাঠ্যক্ৰম আছিল- কন্টেক্ট্ ট্ৰেচিং, ডিজিটেল মাৰ্কেটিং, প্ৰজেক্ট মেনেজমেণ্ট, পাইথন প্ৰগ্ৰেমিং, আৰু ছ’চিয়েল চাইক’লজি[14]

ডিগ্ৰী[সম্পাদনা কৰক]

২০১৭ চনৰ পৰা ক'ৰ্চেৰাই সম্পূৰ্ণ স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়াইছে। তেওঁলোকে প্ৰথমে এইচ ই চি পেৰিছৰ পৰা উদ্ভাৱন আৰু উদ্যোগীকৰণত স্নাতকোত্তৰ (OMIE) আৰু ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা একাউণ্টিঙৰ স্নাতকোত্তৰ (iMSA) পাঠ্যক্ৰম আৰম্ভ কৰিছিল। কিন্তু পিছলৈ এইকেইটা বিষয়ৰ পৰিৱৰ্তে ইলিনয় বিশ্ববিদ্যালয়ৰ পৰাই তথ্য বিজ্ঞানত কম্পিউটাৰ বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (iMBA) ডিগ্ৰী আগবঢ়ায়।[15] লগতে এম বি এ ডিগ্ৰীৰ অংশ হিচাপে ডিজিটেল মাৰ্কেটিঙৰ দৰে এনে কিছুমান পাঠ্যক্ৰম আছে যিবোৰ সুকীয়াভাৱেও আগবঢ়োৱা হয়।

পেচাদাৰী প্ৰমাণ পত্ৰ[সম্পাদনা কৰক]

গুগল, আই বি এম, মেটা আৰু অন্যান্য সুপৰিচিত কোম্পানীসমূহে পেচাদাৰী প্ৰমাণপত্ৰৰ বাবে বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছিল,[16] যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন খণ্ডত কৰ্মশক্তি পূৰণ কৰিব পাৰে। এনে বিষয়সমূহৰ ভিতৰত আছে- তথ্য বিশ্লেষণ, আই টি সমৰ্থন, ডিজিটেল মাৰ্কেটিং, ইউ এক্স ডিজাইন, প্ৰজেক্ট মেনেজমেণ্ট, আৰু তথ্য বিজ্ঞান।[17][18] গুগলৰ মতে তেওঁলোকৰ পাঠ্যক্ৰম ৪ বছৰীয়া ডিগ্ৰীৰ সমতুল্য। ইয়াৰ উপৰিও তেওঁলোকে ১০ হাজাৰ বৃত্তিৰ প্ৰস্তাৱ দিছিল।[19] গুগল আৰু ইয়াৰ কুৰিটাতকৈও বেছি অংশীদাৰী ক'ম্পেনীয়ে সেই প্ৰমাণপত্ৰসমূহ ৪ বছৰীয়া ডিগ্ৰীৰ সমতুল্য হিচাপে গ্ৰহণ কৰিব।[20][21]

প্ৰভাৱ[সম্পাদনা কৰক]

২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ প্ৰতি সঁহাৰি জনাই ক’ৰ্চেৰাই ইম্পেৰিয়েল কলেজ লণ্ডনৰ অধীনস্থ জামিল ইনষ্টিটিউটৰ পৰা এটা পাঠ্যক্ৰম আৰম্ভ কৰিছিল।[22] "Science Matters: Let's Talk About COVID-19" নামৰ এই পাঠ্যক্ৰমটো ২০২০ চনত ক'ৰ্চেৰাত আৰম্ভ কৰা আটাইতকৈ জনপ্ৰিয় পাঠ্যক্ৰম আছিল। সেই বছৰত ১ লাখ ৩০ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমটোত নামভৰ্তি কৰিছিল।[23] ইম্পেৰিয়েলৰ অন্যান্য গৱেষকৰ সহযোগত নিৰ্দিষ্ট অধ্যায়েৰে সৈতে জামিল ইনষ্টিটিউটৰ মুখ্য গৱেষণা অধ্যাপক হেলেন ৱাৰ্ড আৰু উপ-সঞ্চালিকা ড° কেথাৰিনা হকে এই পাঠ্যক্ৰমটো উপস্থাপন কৰিছিল।[24]

সম্প্ৰসাৰণ আৰু বিত্তীয়ভাৱে সমৰ্থিত কাৰ্যসূচী[সম্পাদনা কৰক]

বিশ্বব্যাপী ক’ভিড-১৯ মহামাৰীৰ প্ৰতি সঁহাৰি জনাই ২০২০ চনৰ মাৰ্চ মাহত ক’ৰ্চেৰাই ইয়াৰ অংশীদাৰসকলৰ সৈতে জনসাধাৰণক উদ্দেশ্যি ১১৫ টাতকৈও অধিক মানপত্ৰ সম্বলিত পাঠ্যক্ৰমৰ পৃষ্ঠপোষকতা কৰিছিল। মহামাৰীৰ ফলত যিসকল লোকে হয়তো চাকৰি হেৰুৱাইছে, চাকৰিৰ পৰা বৰ্খাস্ত হৈছে, দৰমহা হ্ৰাস পাইছে, বা যিসকলে স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰৰ জৰিয়তে কাৰিকৰী দক্ষতা আয়ত্ত কৰি নিজৰ উন্নতি আৰু বিকাশ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এইটো এটা সম্প্ৰসাৰণ পদক্ষেপৰ অংশ। এই কাৰ্যসূচী ৩১ ডিচেম্বৰ, ২০২০ত সমাপ্ত হৈছিল যদিও ক'ৰ্চেৰাত এতিয়াও বহুতো বিনামূলীয়া পাঠ্যক্ৰম অডিটিঙৰ (বিনামূলীয়াকৈ মানপত্ৰ অবিহনে গ্ৰহণ কৰা পাঠ্যক্ৰম) জৰিয়তে উপলব্ধ।[25] তদুপৰি ক'ৰ্চেৰাত থকা প্ৰায়বোৰ পাঠ্যক্ৰমতে 'Financial Aid'ৰ সুবিধা উপলব্ধ। ইয়াৰ যোগেৰে আৱেদন কৰি ব্যৱহাৰকাৰীয়ে নিজৰ আৰ্থিক দুৰ্বল স্থিতি প্ৰতিপন্ন কৰিলে যিকোনো পাঠ্যক্ৰম বিনামূলীয়াকৈ কৰি স্বীকৃতিপ্ৰাপ্ত মানপত্ৰও লাভ কৰিব পাৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "About Coursera". Coursera. https://about.coursera.org/press/wp-content/uploads/2021/11/2021-Coursera-Impact-Report.pdf। আহৰণ কৰা হৈছে: 7 November 2021. 
  2. 2.0 2.1 "Coursera's form 10-K". 5 March 2022. https://d18rn0p25nwr6d.cloudfront.net/CIK-0001651562/33003603-ab22-428e-8039-ce7e487bdbd9.pdf। আহৰণ কৰা হৈছে: 31 December 2021. 
  3. Pappano, Laura (2012-11-02). "The Year of the MOOC" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2012/11/04/education/edlife/massive-open-online-courses-are-multiplying-at-a-rapid-pace.html. 
  4. "How Coursera Makes Money" (en ভাষাত). Investopedia. https://www.investopedia.com/articles/investing/042815/how-coursera-works-makes-money.asp। আহৰণ কৰা হৈছে: 2021-12-06. 
  5. Leighton, Mara. "Coursera is one of the top online learning platforms, with thousands of courses from schools like Yale, Geis College of Business and companies like Google — here's how it works" (en-US ভাষাত). Business Insider. https://www.businessinsider.com/what-is-coursera। আহৰণ কৰা হৈছে: 2021-08-15. 
  6. de León, Riley (5 March 2021). "Coursera files for IPO amid online learning boom". CNBCwww.cnbc.com. https://www.cnbc.com/2021/03/05/coursera-files-for-ipo-amid-online-learning-boom-.html। আহৰণ কৰা হৈছে: 11 March 2021. 
  7. Quora. "Coursera Co-Founder Andrew Ng: AI Shouldn't Be Regulated As A Basic Technology" (en ভাষাত). Forbes. https://www.forbes.com/sites/quora/2017/09/15/coursera-co-founder-andrew-ng-ai-shouldnt-be-regulated-as-a-basic-technology/#744b95e7d650. 
  8. NPR Staff (30 September 2012). "Online Education Grows Up, And For Now, It's Free Listen·18:14". NPR. https://www.npr.org/2012/09/30/162053927/online-education-grows-up-and-for-now-its-free। আহৰণ কৰা হৈছে: 24 March 2017. 
  9. Tamar Lewin (17 July 2012). "Universities Reshaping Education on the Web". The New York Times. https://www.nytimes.com/2012/07/17/education/consortium-of-colleges-takes-online-education-to-new-level.html?_r=0। আহৰণ কৰা হৈছে: 24 March 2017. 
  10. Staff (August 2012). "Teaching the World: Daphne Koller and Coursera". IEEE. https://www.computer.org/csdl/mags/co/2012/08/mco2012080008.html। আহৰণ কৰা হৈছে: 24 March 2017. 
  11. Waters, Audrey (18 April 2012). "Coursera, the Other Stanford MOOC Startup, Officially Launches with More Poetry Classes, Fewer Robo-Graders". Hacked Education. http://hackeducation.com/2012/04/18/coursera। আহৰণ কৰা হৈছে: 24 March 2017. 
  12. "Coursera | The Webby Awards" (en ভাষাত). Webby. https://winners.webbyawards.com/2014/websites/general-websites/education/144773/coursera। আহৰণ কৰা হৈছে: 2021-07-09. 
  13. Kamenetz, Anya (2012-08-08). "How Coursera, A Free Online Education Service, Will School Us All | Fast Company | Business + Innovation". Fast Company. http://www.fastcompany.com/3000042/how-coursera-free-online-education-service-will-school-us-all। আহৰণ কৰা হৈছে: 2014-04-19. 
  14. "Report: Coursera Impact Report (2020)" (en-US ভাষাত). Coursera Press. Archived from the original on 2021-05-07. https://web.archive.org/web/20210507115228/https://about.coursera.org/press/insights/coursera-impact-report-2020। আহৰণ কৰা হৈছে: 2021-05-07. 
  15. Sinha, Nikhil (12 March 2017). "Coursera Launches Two New Master's Degrees from HEC Paris and the University of Illinois". Coursera. https://blog.coursera.org/coursera-launches-two-new-masters-degrees/। আহৰণ কৰা হৈছে: 26 January 2018. 
  16. "Facebook offers social media marketing professional certificate course via Coursera". 15 September 2020. https://indianexpress.com/article/education/facebook-offers-social-media-marketing-professional-certificate-course-via-coursera-6596791। আহৰণ কৰা হৈছে: 2021-07-26. 
  17. "google to launch new career certificate-program". 21 August 2020. https://www.dhakatribune.com/world/2020/08/21/google-to-launch-new-career-certificate-program। আহৰণ কৰা হৈছে: 2021-07-09. 
  18. "learn google it guide". https://www.usnews.com/education/learn-google-it-guide। আহৰণ কৰা হৈছে: 2021-07-09. 
  19. "Google announces 100,000 scholarships for online certificates in data analytics, Project management and UX". CNBC. 13 July 2020. https://www.cnbc.com/2020/07/13/google-announces-certificates-in-data-project-management-and-ux.html। আহৰণ কৰা হৈছে: 2021-07-26. 
  20. "Google Has a Plan to Disrupt the College Degree". 19 August 2020. https://www.inc.com/justin-bariso/google-plan-disrupt-college-degree-university-higher-education-certificate-project-management-data-analyst.html। আহৰণ কৰা হৈছে: 2021-07-26. 
  21. "Google sets out to disrupt four-year degrees". https://thepienews.com/news/google-sets-out-to-disrupt-four-year-degrees। আহৰণ কৰা হৈছে: 2021-07-26. 
  22. "COVID19: Imperial launches free online course exploring science behind outbreak | Imperial News | Imperial College London" (en ভাষাত). Imperial News. https://www.imperial.ac.uk/news/195455/covid19-imperial-launches-free-online-course/। আহৰণ কৰা হৈছে: 2020-11-18. 
  23. "Free COVID-19 online course re-launches to learners worldwide | Imperial News | Imperial College London" (en ভাষাত). Imperial News. https://www.imperial.ac.uk/news/196513/free-covid-19-online-course-re-launches-learners/। আহৰণ কৰা হৈছে: 2020-11-18. 
  24. "Science Matters: Let's Talk About COVID-19" (en ভাষাত). Coursera. https://www.coursera.org/learn/covid-19। আহৰণ কৰা হৈছে: 2020-11-18. 
  25. "Coursera Together: Free online learning during COVID-19". 25 March 2020. https://blog.coursera.org/coursera-together-free-online-learning-during-covid-19/.