কইনাৰ মূল্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কইনাৰ মূল্য বা কইনা-যৌতুক, কইনা-সম্পত্তি,[1] কইনা সেৱা বা কইনাৰ চিন, হৈছে দৰা বা তেওঁৰ পৰিয়ালে বিয়া কৰাবলগীয়া মহিলাগৰাকী বা তেওঁৰ পৰিয়ালক দিয়া ধন, সম্পত্তি বা অন্যান্য ধৰণৰ সম্পদ। কইনাৰ যৌতুক কিছুমান সংস্কৃতিত দৰাক দিয়া যৌতুকৰ সমতুল্য, বা কইনাই নতুন ঘৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা যৌতুক আৰু যিটো হৈছে বিয়াৰ সময়ত দৰাজনে নিজেই কইনাৰ ওপৰত দাবী কৰা সম্পত্তি। কিছুমান সংস্কৃতিত একেলগে দুয়োটাৰে ব্যৱহাৰ থাকিব পাৰে। বহু সংস্কৃতিয়ে বৰ্তমানৰ প্ৰচলিত প্ৰথাৰ পূৰ্বে কইনাৰ যৌতুকৰ প্ৰথা চলাইছিল।

এছিয়াৰ বহু দেশ, পূব ইউৰোপ মধ্যপ্ৰাচ্য, আফ্ৰিকাৰ কিছু অংশ আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ কিছুমান সমাজত বিশেষকৈ মেলেনেছিয়াত কইনাৰ যৌতুক দিয়াৰ পৰম্পৰা প্ৰচলিত। হাত সলনি কৰাৰ পৰিমাণৰ পৰম্পৰাগত অনুষ্ঠানটো অব্যাহত ৰাখিবলৈ এটা প্ৰতীকৰ পৰা আৰম্ভ কৰি থাইলেণ্ডৰ কিছুমান বিবাহত বহু হাজাৰ মাৰ্কিন ডলাৰলৈকে হ’ব পাৰে আৰু পাপুয়া নিউগিনিৰ কিছুমান অংশত য’ত কইনাৰ যৌতুকৰ প্ৰথাগত, তেনে অংশত কইনাৰ যৌতুকত ব্যতিক্ৰমীভাৱে বৃহৎ অংক, এক লাখ ডলাৰ পৰ্যন্ত হ’ব পাৰে।[1]

অনুষ্ঠান[সম্পাদনা কৰক]

কইনা-সম্পত্তি বা বাইড-ৱেল্থ সাধাৰণতে এনে মুদ্ৰাত দিয়া হয়, যিটো সাধাৰণতে অন্য ধৰণৰ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা নহয়। ফৰাচী নৃতত্ত্ববিদ ফিলিপ ৰ’স্পাবেৰ মতে এই ধন ঋণ পৰিশোধৰ বাবে; সেয়ে ই বিংশ শতিকাৰ আৰম্ভণিতে ভবা ধৰণে মহিলা ক্ৰয় কৰাটো নহয়। বৰঞ্চ ই পত্নীৰ পিতৃ-মাতৃৰ প্ৰতি স্বামীৰ স্থায়ী ঋণ স্বীকাৰ কৰা (কিন্তু কেতিয়াও পৰিশোধ নকৰা) এক বিশুদ্ধ প্ৰতীকী ইংগিত।[2]

যিবোৰ সমাজত হাতৰ শ্ৰমতকৈ পুঁজিৰ মূল্য বেছি, সেইবোৰ সমাজত যৌতুক বিদ্যমান। উদাহৰণস্বৰূপে, মধ্যযুগত ইউৰোপত হ’বলগীয়া কইনাৰ পৰিয়ালে হ’বলগীয়া স্বামীৰ পৰিয়ালক যৌতুক হিচাপে — মাটি, পোহনীয়া জন্তু আৰু ধন — আগবঢ়াবলৈ বাধ্য হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

যৌতুক আৰু কইনাৰ মূল্যৰ এটা বিৱৰ্তনশীল মনোবিজ্ঞানৰ ব্যাখ্যা হ’ল যে, বহুপত্নী সমাজত কইনাৰ মূল্য সাধাৰণ, য’ত মহিলাৰ উপলভ্যতা আপেক্ষিক ভাৱে কম। একপত্নী সমাজত, য'ত মহিলাৰ ব্যক্তিগত সম্পত্তি কম, যৌতুক ইয়াত সাধাৰণ; কাৰণ বিবাহৰ সময়ত বহুতো সম্ভাৱ্য মহিলাৰ মাজৰ পৰা বাছি ল'ব পৰা ধনী পুৰুষ তুলনামূলকভাৱে কম।[3]

আফ্ৰিকাত[সম্পাদনা কৰক]

আফ্ৰিকাৰ কিছু অংশত পৰম্পৰাগত বিবাহ অনুষ্ঠান বৈধ হ’বলৈ হ’লে ই কইনাৰ মূল্য দিয়া নিদিয়াৰ ওপৰত নিৰ্ভৰশীল। উপ-চাহাৰা আফ্ৰিকাত দম্পতীহালে গীৰ্জাত বা অন্যান্য নাগৰিক অনুষ্ঠানত বিবাহৰ অনুমতি পাবলৈ হ’লে, প্ৰথমে কইনাৰ মূল্য দিব লাগে, নহ’লে কইনাৰ পৰিয়ালে বিবাহক বৈধ বুলি গণ্য নকৰে। মূল্যৰ নামত কোনো চিহ্নৰ পৰা ধনৰ ডাঙৰ ৰাশি, ৰিয়েল এষ্টেট আৰু অন্যান্য মূল্যলৈকে ধনৰাশি ভিন্ন হ’ব পাৰে। লোবোলো (বা লোবোলা, কেতিয়াবা ৰুৰা নামেৰেও জনাজাত) দক্ষিণ আফ্ৰিকাৰ বেছিভাগ সংস্কৃতি, যেনে, ঝোছা, শ্বোনা, ভেণ্ডা, জুলু, ণ্ডেবেলে আদি পৰিয়ালৰ ওপৰত একেই পৰম্পৰা। মূল বিবাহ অনুষ্ঠানৰ সময়ত আৰু পিছত আনুষ্ঠানিক উদ্দেশ্যৰ বাবে গৰু-ছাগলীৰ ব্যৱহাৰ পৰম্পৰাগত বিবাহৰ এক অবিচ্ছেদ্য অংগ।

কিছুমান সমাজত সকলো ধন পৰিশোধ নোহোৱালৈকে বিবাহ সম্পূৰ্ণ নহয়। যদি সকলো ধন পৰিশোধ কৰাৰ আগতেই বিয়াখন হয়, তেন্তে বিয়াৰ স্থিতি অস্পষ্ট কৰি ৰখা হয়।[4] ডেকাসকলৰ বিয়াৰ সামৰ্থ্য নাথাকিলে কইনাৰ মূল্যৰ পৰম্পৰাই ধ্বংসাত্মক প্ৰভাৱ পেলাব পাৰে। সংঘাতপূৰ্ণ দক্ষিণ চুডানত বহু যুৱকে এই কাৰণে প্ৰায়ে নিজৰ জীৱন বিপন্ন কৰি গৰু চুৰি কৰে।[5]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Bride Price: 'My husband can't afford me'" (en-GB ভাষাত). BBC News. 2020-01-28. https://www.bbc.com/news/newsbeat-51264574. 
  2. Graeber, David (2011). Debt: The First 5,000 Years. Melville House. পৃষ্ঠা. 131–132. ISBN 978-1-933633-86-2. https://archive.org/details/debtfirst5000yea00grae/page/131. 
  3. The Oxford Handbook of Evolutionary Psychology, Edited by Robin Dunbar and Louise Barret, Oxford University Press, 2007, Chapter 26, "The evolutionary ecology of family size".
  4. Africa (Fourth সম্পাদনা). প্ৰকাশক Bloomington. 2014-04-18. ISBN 9780253013026. OCLC 873805936. 
  5. "Risking one's life to be able to marry". D+C, development and cooperation. 26 June 2016. http://www.dandc.eu/en/article/bride-price-tradition-destructive-strong-strife-torn-south-sudan। আহৰণ কৰা হৈছে: 7 July 2016.