কড়াইগুড়ি
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
কড়াইগুড়ি এখন গাঁও আছিল৷ গাঁওখনত এডাল প্ৰকাণ্ড ডাঙৰ আৰু ওখ কৰাই গছ আছিল বাবে গাঁওখনৰ নাম কড়াইগুড়ি৷ বৰ্তমান গাঁওখন শালীধানৰ খেতি পথাৰ৷ কড়াইগুড়ি গাঁৱৰ বাসিন্দাসকলে সময়ত উঠা দি আহি আহি কিছোঁৰীডোবা আৰু কালাঝাৰ গাঁও পাতে৷[1] সেই কড়াইগুড়ি ঠাইত কেৱল “আই ঠাকুৰাণী” গোঁসানীৰ থানটোহে বিদ্যমান৷
অৱস্থান
[সম্পাদনা কৰক]ভাৰতৰ অসম ৰাজ্যৰ গোৱালপাৰা জিলাৰ ঘোঁৰাপোটা ৰাজহ গাঁৱত অৱস্থিত৷ কাকৰপাৰা,কিছোঁৰীডোবা, টিলাপাৰা, কালাঝাৰ, চৰকপাৰা, আমগুৰীপাৰা আৰু ঘোঁৰাপোটা এই চুবুৰী কেইখনৰ শালীধানৰ খেতি পথাৰৰ মাজত এই কড়াইগুড়ি গাঁওখনৰ অৱস্থান আছিল৷
বৈশিষ্ট্য
[সম্পাদনা কৰক]কিছোঁৰীডোবা গাঁৱত মুথুৰা ৰাভা নামৰ এজন মহাজন আছিল৷[2] মুথুৰা ৰাভাৰ পিতৃ ভেল্কা ৰাভা এজন মৌজাদাৰ/পাটগিৰি আছিল৷ ভেল্কা ৰাভাৰ ঘৰ কড়াইগুড়িত আছিল৷ সেই দিনত মৌজাৰ প্ৰজাসকলে পাতগিৰি/মৌজাদাৰৰ ঘৰত উপস্থিত হৈ ৰাজঘৰীয়া কৰ খাজনা আদি জমা দিব লাগিছিল৷ ৰাজঘৰীয়া বিষয়াসকলে পাটগিৰিৰ ঘৰত আহি কৰ খাজনা আদি আদায় কৰি নিছিল৷ তেতিয়া বিজনীৰ ৰাজ দায়িত্বত আছিল “ৰজা কুমুদ নাৰায়ণ”৷ তাৰ পিছত “ৰাণী অভয়েশ্বৰী”৷ ঘোঁৰাপোটা মৌজাৰ প্ৰজা বৰ্গই ৰাণীক কৰ খজনা দিছিল আৰু ৰাণীয়ে বৃটিছ গভমেণ্টক দিছিল৷
কালাঝাৰ কাকৰপাৰা কামচেনা
[সম্পাদনা কৰক]বৰ্ত্তমানৰ “কালাঝাৰ-কাকৰপাৰা” গাঁও তথা পূৰ্ব্বৰ“কৰাইগাঁও, বাখাৰাপাৰা আৰু কাকৰপাৰা” গাঁৱক লৈ এই “কালাঝাৰ-কাকৰপাৰা” কামচেনা সমিটি গঠন কৰা হৈছিল৷ প্ৰথমে সমিতিখনৰ নাম “কৰাইগাঁও” কামচেনা নামেৰে গঠিত হয়৷ তাৰ পিছত কালাঝাৰ কামচেনা নাম লৈ পৰিৱৰ্তন কৰা হয়৷ ইয়াকে আকৌ সংশোধন কৰি “কালাঝাৰ-কাকৰপাৰা” কামচেনা নামেৰে পুনৰ নামকৰণ কৰা হয়৷[3]
১নং চৰকপাৰা কিছোঁৰীডোবা কামচেনাৰ ইতিবৃত্ত
[সম্পাদনা কৰক]১৩৪৫ চনত চুবুৰীয়া গাঁওখনক লৈ “চৰকপাৰা কামচেনা” নামৰে এটা ৰাভাজাতি আৰু সামাজিক সমাজ ব্যৱস্থা জন্ম হ’ল৷ গাঁও তিনিখনৰ নাম হ’ল- চৰকপাৰা, কালাঝাৰ আৰু কিছোঁৰীডোবা৷ কিছু দশক অতিক্ৰম কৰাৰ পিছত দেশ তথা সমাজ পৰিৱৰ্ত্তনৰ লগে লগে এসময়ত “১নংচৰকপাৰা কিছোঁৰীডোবা” কামচেনা নামাকৰণ কৰা হ’ল৷[4]
কৰাইগুড়ি কামচেনা
[সম্পাদনা কৰক]২৬/১/১৩৬৬ বাং (১/৫/১৯৫৯ ইং) তাৰিখত বোনগাঁও প্ৰাইমাৰী স্কুলত বহা ডিৰ্ম্মাজামাদ ৰাভা সন্মিলনৰ সাধাৰণ সভাৰ ২নং প্ৰস্তাৱ মতে- কৰাইগুড়ি কামচেনাৰ তালিকাত এই কেইখন চুবুৰিৰ নাম উল্লেখ থকা দেখা যায়৷ চুবুৰীকেইখন হ’ল-
- কৰাইগুড়ি
- কালাঝাৰ
- কাকোৰ পাৰা
- বাখাৰাপাৰা
চৰকপাৰা কামচেনাত থকা চুবুৰী সমূহ হ’ল-
- চৰকপাৰা
- কিচৰিডোবা[5]
কড়াইগুড়ি আৰু বাখাৰাপাৰা গাঁও দুখন ইং১৯৫৯ চন লৈকে মানুহৰ আবাস ভূমি হৈ আছিল৷
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ স্মৃতি গ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ-২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭: প্ৰৱন্ধ: কিছোঁৰীডোবা গাঁৱৰ চমু আভাস: লেখক- শশীকান্ত ৰাভা৷ পৃষ্ঠা ৩২: আহৰণ ১৬/১১/২০২১ইং৷
- ↑ স্মৃতি গ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ ২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭ইং৷ প্ৰৱন্ধ: কিছোঁৰীডোবা গাঁৱৰ চমু আভাস: লেখক-শশীকান্ত ৰাভা৷ পৃষ্ঠা ৩৩:শাৰী ৩: আহৰণ ১৭/১১/২০২১ইং
- ↑ স্মৃতিগ্ৰন্থ৷ কৰাইগুৰী৷ সোণালীজয়ন্তী বৰ্ষ: ইং২০১১ চন৷ কালাঝাৰ-কাকৰপাৰা কামচেনা৷ সম্পাদকীয় প্ৰতিবেদন- শ্ৰীজীৱকান্ত ৰাভা৷ সম্পাদক:স্মৃতিগ্ৰন্থ সমিতি৷ পৃষ্ঠা ২:আহৰণ- ১৭/১১/২০২১ইং
- ↑ স্মৃতিগ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ ২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭ইং৷ প্ৰৱন্ধ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনাৰ ইতিবৃত্ত: কমিটি৷ পৃষ্ঠা ২৫: আহৰণ ১৭/১১/২০২১ইং
- ↑ প্ৰস্তাৱ বহী৷ বহীনং ১: ডিৰ্ম্মাজামাদ ৰাভা সন্মিলন৷ সাধাৰণ সভা৷ তাৰিখ ২৬/১/১৩৬৬বাং(১০/৫/১৯৫৯ইং)৷ স্থান-বোনগাঁও প্ৰাইমাৰী স্কুল৷ প্ৰস্তাৱ নং ২: সভাপতি-কালীচৰণ ৰাভা৷ চেক্ৰেটাৰী-খগেন্দ্ৰ মোহন দে৷