কথা বৰেণ্য ১০০
অৱয়ব
কথা বৰেণ্য ১০০ | |
---|---|
লেখক | শোণিত বিজয় দাস, মুনীন বায়ন |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | জীৱনালেখ্য সংকলন |
প্ৰকাশ | ২০০৬ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
কথা বৰেণ্য ১০০ এখন গ্ৰন্থ। গ্ৰন্থখনৰ সম্পাদক শোণিত বিজয় দাস আৰু মুনীন বায়ন। কথা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ঊনৈশ আৰু কুৰি শতিকাৰ ১০০ গৰাকী অসমীয়া সাহিত্যিক-শিল্পীৰ জীৱনালেখ্যৰ সংকলন। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৬ চনত। গ্ৰন্থখনৰ আইএছবিএন হ’ল-৮১-৮৯১৪৮-১৪-১।
গ্ৰন্থ বিৱৰণ
[সম্পাদনা কৰক]এই সংকলনত কোনো প্ৰথাগত প্ৰসংগ-কোষৰ অন্তৰ্ভুক্ত নোহোৱা অসমৰ বৌদ্ধিক সাংস্কৃতিক জীৱনৰ কাণ্ডাৰীস্বৰূপ ব্যক্তিসকলৰ জীৱন আৰু কৃতিৰ বিতং তথ্যৰ লগতে বিংশ শতিকাৰ অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনক অনুধাৱন কৰিবৰ সমল তথ্য ইয়াত সন্নিবিষ্ট কৰা হৈছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কথা বৰেণ্য ১০০, প্ৰথম প্ৰকাশ, ২০০৬, বেটুপাতৰ পৰা সংগ্ৰহীত