সমললৈ যাওক

কমল কুমাৰ তাঁতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমল কুমাৰ তাঁতী
জন্ম ১৯৮২
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞান বিষয়ত পিএইছডি
উল্লেখযোগ্য বঁটা

কমল কুমাৰ তাঁতী (ইংৰাজী: Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ অসমৰ চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।[1][2][3] তেওঁৰ সাহিত্যিক ৰচনাসমূহৰ গভীৰতা আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ বাবে উল্লেখযোগ্য, আৰু এইসমূহে তেওঁৰ সম্প্ৰদায়ৰ অভিজ্ঞতা আৰু ইতিহাসক প্ৰতিফলিত কৰে। তেখেত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ সদস্য হিচাপেও মনোনীত হৈছিল।[4] ‘মাৰাংবুৰু আমাৰ পিতা’ গ্ৰন্থখনৰ বাবে তেখেতে ২০১২ চনত সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰিছিল আৰু একেখন গ্ৰন্থৰ বাবে ২০০৮ চনত মুনীন বৰকটকী বঁটা লাভ কৰে।[5][6]

তেওঁৰ প্ৰথম কবিতা সংকলন মাৰাংবুৰু আমাৰ পিতা-য়ে ২০১২ চনত ৩৫ বছৰৰ তলৰ ২৪ জন যুৱ সাহিত্যিকক সাহিত্য অকাডেমিয়ে দিয়া যুৱপুৰস্কাৰ লাভ কৰে।[7] ২০০৮ চনত মুনিন বৰকটাকী সাহিত্যিক বঁটাও লাভ কৰে।[8] তাঁতীৰ অসমীয়া কবিতাসমূহ বিভিন্ন সংকলন আৰু আলোচনীত প্ৰকাশ হৈ আহিছে। মাজে মাজে তেওঁ কল্পকাহিনী ৰচনা কৰে। এইসমূহৰ কিছুমান চুটিগল্প অসমীয়া কল্পকাহিনীৰ কেইবাটাও সংকলনত সন্নিবিষ্ট কৰা হৈছে।

তেখেতৰ অনুবাদ কবিতা (অসমীয়াৰ পৰা ইংৰাজীলৈ) ইণ্ডিয়ান লিটাৰেচাৰ [9], দ্য লিটল মেগাজিন, মিউজ ইণ্ডিয়া, কাব্য ভাৰতী, পিৰ্তা, এক্সচেঞ্জছ লিটাৰেৰী জাৰ্নেল[10], চেৰেব্ৰেচন, এনইলিট ৰিভিউ[11], কৃত্য, ভিজুৱেল ভাৰ্চ, ব্ৰাউন ক্ৰিটিক, ষ্টিয়াৰ কুইয়াৰ আদি অসংখ্য আলোচনীত প্ৰকাশ পাইছে । তেওঁৰ কবিতাসমূহ কেইবাখনো ইংৰাজী সংকলনতো অন্তৰ্ভুক্ত কৰা হৈছে, যেনে ৪০ অণ্ডাৰ ৪০[12], শ্বাউট ইট আউট! এন্থলজি, আৰু দ্য ৱৰ্ল্ড আই ৰাইট ইন।

অসমীয়া ভাষাৰ তাঁতীৰ প্ৰথম গদ্য সংকলন নিম্নবৰ্গ সমাজ ঐতিহ্যত বিশেষভাৱে অসমৰ ঔপনিৱেশিক ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিম্নবৰ্গ সমাজৰ ইতিহাস ৰচনা আৰু উত্তৰ-ঔপনিৱেশিক তত্ত্বৰ সমালোচনাত্মক ৰচনা সন্নিবিষ্ট কৰা হৈছে।[13]

প্ৰকাশিত ৰচনা

[সম্পাদনা কৰক]

কবিতা সংকলন

[সম্পাদনা কৰক]
  • মাৰাংবুৰু আমাৰ পিতা, ২০০৭,
  • উত্তৰ-উপনিবেশিক কবিতা, পেপিৰাছ, গুৱাহাটী, ২০১৮[14][7]

ৰচনা সংগ্ৰহসমূহ

[সম্পাদনা কৰক]
  • নিম্নবৰ্গ সমাজৰ ঐতিহ্য, ২০০৭
  • উত্তৰ-ঔপনিৱেশিক সমালোচনা

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০০৮ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা[15]
  • ২০১২ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমী যুৱ বঁটা’।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Tellis, Ashley (2010-07-31). "In sync with subaltern traditions" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/society/In-sync-with-subaltern-traditions/article16217067.ece. 
  2. Saikia, Arunabh (27 March 2021). "Interview: Sanjib Baruah on Assam elections, identity politics and the 'cash-transfer state'" (en-US ভাষাত). Scroll.in. https://scroll.in/article/990541/interview-sanjib-baruah-on-assam-elections-identity-politics-and-the-cash-transfer-state। আহৰণ কৰা হৈছে: 2022-03-19. 
  3. Saikia, Arunabh (26 March 2021). "Assam's large tea worker community has always lacked a political voice. Could this be changing?" (en-US ভাষাত). Scroll.in. https://scroll.in/article/990446/assams-large-tea-worker-community-has-always-lacked-a-political-voice-could-this-be-changing। আহৰণ কৰা হৈছে: 2022-03-19. 
  4. "Welcome to Sahitya Akademi - Members of Advisory Boards (Assamese)". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/aboutus/assamese.jsp। আহৰণ কৰা হৈছে: 2018-08-15. 
  5. ":: SAHITYA : Akademi Awards". Sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: 2015-06-25. 
  6. "Kamal Tanti wins Sahitya Akademi Yuva Puraskar 2012". Assamtimes.org. 2012-12-24. http://www.assamtimes.org/node/7704। আহৰণ কৰা হৈছে: 2015-06-25. 
  7. 7.0 7.1 Shekhar, Hansda Sowvendra (23 March 2019). "Kamal Kumar Tanti's poems present the politics and poignance of being marginalised in a distant land" (en-US ভাষাত). Scroll.in. https://scroll.in/article/917542/kamal-kumar-tantis-poems-present-the-politics-and-poignance-of-being-marginalised-in-a-distant-land। আহৰণ কৰা হৈছে: 2022-03-19. 
  8. "Poet invited". Telegraph India. https://www.telegraphindia.com/north-east/poet-invited/cid/1528097। আহৰণ কৰা হৈছে: 2022-03-19. 
  9. "Vol. 59, No. 5 (289), September/October 2015 of Indian Literature on JSTOR" (en ভাষাত). www.jstor.org. https://www.jstor.org/stable/i40188161। আহৰণ কৰা হৈছে: 2022-03-19. 
  10. "Seven Poems by Kamal Kumar Tanti" (en-US ভাষাত). Exchanges: Journal of Literary Translation. https://exchanges.uiowa.edu/issues/undercurrents/seven-poems-tanti/। আহৰণ কৰা হৈছে: 2022-03-19. 
  11. "POSTCOLONIAL POEM: KAMAL KUMAR TANTI". Cerebration. http://www.cerebration.org/postcolonialpoem.html। আহৰণ কৰা হৈছে: 2022-03-19. 
  12. 40 under 40 : an anthology of post-globalisation poetry. Nabina Das, Semeen Ali, Aditi Rao, Aditya Mani Jha, Akhil Katyal, Amlanjyoti Goswami. প্ৰকাশক Mumbai. 2016. ISBN 978-93-82749-44-8. OCLC 1231563461. https://www.worldcat.org/oclc/1231563461. 
  13. Reconciliation in Conflict-Affected Communities : Practices and Insights from the Asia-Pacific. Bert Jenkins, D. B. Subedi, Kathy Jenkins. প্ৰকাশক Singapore. 2018. ISBN 978-981-10-6800-3. OCLC 1009180487. https://www.worldcat.org/oclc/1009180487. 
  14. Chandramohan, S (2019-05-01). "Annexing The landscape: Scrutinizing Kamal Kumar Tanti" (en-US ভাষাত). KochiPost. https://kochipost.com/2019/05/01/annexing-the-landscape-scrutinizing-kamal-kumar-tanti/। আহৰণ কৰা হৈছে: 2022-03-19. 
  15. http://www.muninbarkotoki.org/english/trust/awrdlist.html