কম্পিউটাৰ মাউচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাউচ

কম্পিউটাৰ মাউচ এবিধ ইনপুট ডিভাইচ, অৰ্থাৎ মাউচৰ সহায়ত কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।[1]

উদ্ভাৱন[সম্পাদনা কৰক]

১৯৬০ৰ দশকত Douglas Englebart (ডৌগ্লাচ এংগ্লেবাৰ্ট) আৰু Bill English (বিল ইংলিচ)এ কমপিউটাৰক বাৰ্তা দিয়াৰ এটি উন্নত উপায় হিচাপে মাউচ উদ্ভাৱন কৰে। জি-ইউ-অাই আৰু মাউচে কম্পিউটাৰত কাম কৰা অতিকৈ সহজ কৰি পেলালে। ই কম্পিউটাৰক অধিক জনপ্ৰিয় কৰাতো সহায় কৰিলে।[2]

চিত্ৰ:300px-Douglas Engelbart in 2008.jpg
ডৌগ্লাচ এংগ্লেবাৰ্ট ২০০৮ চনট

অংগ[সম্পাদনা কৰক]

এটি সাধাৰণ মাউচত ২ বাটন আৰু এটা স্ক্ৰল হুইল থাকে। এই কেইতাৰ সহায়ত 'ক্লিক' কৰা যায়।[3] মাইক্ৰচফ্ট ৱিন্দ'চ ব্যৱহাৰ কৰিলে বাওঁফালৰ বাটানেৰে ফাইল চয়ন কৰিব বা খুলিব পাৰি। সোঁ ফালৰ বাটানটোৰ সহায়ত এখন তালিকা দৃশ্যমান কৰিব পাৰি, আৰু স্ক্ৰলৰ সহায়ত স্ক্ৰীন উপৰ তল কৰিব পাৰি।

মাউচটো ধৰা[সম্পাদনা কৰক]

মাউচটো যদিও সোঁ হাতেৰে ধৰিবলৈ নিৰ্মাণ কৰা হয়, বাওঁ হাতেৰে ধৰা মাউচো উপলব্ধ। মাউচ হাতৰ তলুৱাৰ জোখৰ। তৰ্জনিৰে বাটান টিপা হয় আৰু মধ্যমাৰে স্ক্ৰলটো ঘুৰোৱা হয়। হাতৰ তলুৱাৰে যদিও মাউচটো লৰাব পাৰি, কান্ধ লৰাইহে মাউচটো আগ-পিছ কৰা হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.cefls.org/esenior_1_4_mouse.htm
  2. http://www.cefls.org/esenior_1_4_mouse.htm
  3. http://www.cefls.org/esenior_1_4_mouse.htm
  4. http://www.cefls.org/esenior_1_4_mouse.htm