কলম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এটা সস্তীয়া বলপইণ্ট কলম

কলম হ'ল এক লিখন সজুলি ৷ ইয়াক কোনো লিখন পৃষ্ঠ যেনে কাগজ আদিত চিঞাহীৰ প্ৰয়োগ কৰি লিখিব বা অংকণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

প্ৰকাৰ[সম্পাদনা কৰক]

আধুনিক[সম্পাদনা কৰক]

  1. বলপইণ্ট কলম
  2. ফাউন্টেইন কলম
  3. মাৰ্কাৰ কলম
  4. ৰ'লাৰবল কলম

ঐতিহাসিক[সম্পাদনা কৰক]

  1. নিব কলম
  2. পাখী কলম
  3. বাঁহ কলম

ইতিহাস[সম্পাদনা কৰক]

প্ৰাচীন কালত ইজিপ্তিয়ানসকলে লিখন সজুলি হিচাপে কলমৰ উদ্ভাৱন কৰিছিল ৷৩০০০ খ্ৰীষ্টপূৰ্বত বাঁহৰ কলমৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে৷ ১৮৮৪ চনত লুইচ ৱাটাৰমেন নামৰ এজন অভিযন্তাই কলমৰ উদ্ভাৱন কৰে,যিটো ধৰণৰ কলম আজিকালিৰ দিনত আমি ব্যৱহাৰ কৰি আছোঁ। অৱশ্যে তেওঁ চিয়াঁহী ভৰাব পৰা fountain pen ৰ উদ্ভাৱন কৰিছিল, যিটোৰ আগত এটা নিব থাকে। ৱাটাৰ্মেনৰ আৱিষ্কাৰে আজিৰ আমাৰ লিখন অতি সহজ কৰি তুলিছে। তেওঁৰ উদ্ভাৱনৰ ওপৰতেই ভিত্তি কৰি আজিকালিৰ কলম তৈয়াৰ কৰা হৈছে, যি অতি সহজলভ্য।