কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰভিডেন্স মিছন ইণ্ডিয়া ৰেচিডেঞ্চ স্কুলৰ কৰ্মকৰ্তা আৰু ছাত্ৰ-ছাত্ৰী
কেমলুপ চহৰৰ খিলঞ্জীয়া ইণ্ডিয়ান সকলৰ সন্তানৰ আবাসিক স্কুল, ১৯৩০

উত্তৰ আমেৰিকাখিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল। এই বোৰ্ডিং স্কুলৰ অন্তৰ্জালটোৱে কানাডা চৰকাৰৰ 'স্থানীয় ইণ্ডিয়ান বা খিলঞ্জীয়া' বিভাগটোৰ পৰা অৰ্থসাহায্য পাইছিল আৰু খ্ৰীষ্টান গীৰ্জাৰ দ্বাৰা পৰিচালিত হৈছিল। এই স্কুল ব্যৱস্থাটো খিলঞ্জীয়া সন্তান সকলৰ ভিতৰৰ পৰা স্থানীয় খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি আৰু প্ৰভাৱসমূহ বিলোপ কৰি ইউৰোপীয়ান ভাষা, সংস্কৃতি আৰু প্ৰভাৱৰ অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে এটা প্ৰভাৱশালী ইউৰোপীয়ান-কেনেডিয়ান সংস্কৃতি গঢ়িবৰ বাবে আৰু শিশুৰ ভিতৰৰ পৰা খিলঞ্জীয়াৰ স্বভাৱ নোহোৱা কৰিবৰ বাবে গঢ়া হৈছিল।[1] সম্পূৰ্ণ স্কুল ব্যৱস্থাতো এশ বছৰতকৈয়ো অধিক সময় চলাই থকা হৈছিল আৰু প্ৰায় ৩০ শতাংশ (প্ৰায় এক লাখ পঞ্চাচ হাজাৰ) খিলঞ্জীয়া ল'ৰা-ছোৱালীক কানাডা দেশৰ আবাসিক স্কুলবোৰলৈ জোৰ কৰি প্ৰেৰণ কৰা হৈছিল। স্কুল সম্বন্ধীয় মৃত্যুৰ সংখ্যা কিমান, তাৰ গণণা বুৰঞ্জীৰ পাতত অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে বৰ্ত্তমান জনাটো সম্ভৱ হৈ নুঠিল। তথাপিও অনুমান কৰি পোৱা মতে ৩২০০ ৰ পৰা ৩০,০০০টা শিশুৰ মৃত্যু হ'ল।[2]

আবাসিক স্কুল ব্যৱস্থাই খিলঞ্জীয়া শিশুসকলৰ অপূৰণীয় ক্ষতিসাধন কৰিছিল। বিশেষকৈ এই শিশুসকলক পৰিয়ালৰ পৰা বলপূৰ্বক আঁতৰাই নি, নিজৰ কলা-কৃষ্টি আৰু ভাষাৰ পৰা বিছিন্ন কৰি আৰু শাৰীৰিক আৰু মানসিক শোষণ (abuse)-ৰ ভুক্তভোগী কৰি এই ব্যৱস্থাই প্ৰজন্মগত অভিঘাত (generational trauma)-ৰ সৃষ্টি কৰে। ২০২১ চনৰ ২৭ মে'ত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ কেমলুপ নামৰ চহৰখনত কৰ্মকৰ্তাসকলে ইণ্ডিয়ান ৰেছিডেন্সিয়েল স্কুলৰ মাটিত বহুতো চিহ্নহীন কবৰস্থানৰ লগতে ২১৫ টি 'স্থানীয় ইণ্ডিয়ান' শিশুৰ অৱশেষ পোৱাৰ কথা ঘোষণা কৰিলে। এই ৰেছিডেন্সিয়েল স্কুলৰ মাটিত ৩ বছৰীয়া শিশুলৈকে পোৱা গৈছে। এই স্কুলখন ১৮৯০ আৰু ১৯৭৮ ভিতৰত কেথলিক গীৰ্জা আৰু কানাডা চৰকাৰে পৰিচালনা কৰিছিল।[3][4] ২০২১ চনৰ ২৪ জুনত চাচকাটোৱান প্ৰদেশৰ প্ৰাক্তন আৱাসীক বিদ্যালয়ৰ পথাৰত খিলঞ্জীয়া শিশুসকলৰ ৭৫১টা মৰাশৰ অৱশেষ পুনৰবাৰ পোৱা বুলি খিলঞ্জীয়া লোকসকলে জানিবলৈ দিয়ে।[5]

ইতিহাস[সম্পাদনা কৰক]

Illustration of fur traders trading with an Indigenous person
১৭৭৭ চনত কানাডাত ইউৰোপীয় বণিকে খিলঞ্জীয়া লোকৰ সৈতে ৰোম (Fur) ৰ বেপাৰ কৰাৰ সময়ত

কানাডাৰ খিলঞ্জীয়া লোকসকলক জীন যোৱা (assimilate)-ৰ চেষ্টাৰ কাৰণ আছিল ইউৰোপীয়ান বিশ্ববীক্ষা (European worldviews) আৰু কলা-সংস্কৃতিক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজসিক উপনিবেশবাদ (imperial colonialism)।[6]:47–50 কানাডাৰ ‘Truth and Reconciliation Commission of Canada's (TRC)’ প্ৰতিবেদন অনুসৰি এই প্ৰক্ৰিয়াৰ মূলতে আছিল উপনিবেশকাৰীৰ বৰ্ণবৈষম্যমূলক আৰু সাংস্কৃতিক উৎকৃষ্টতা (racial and cultural superiority)। ইউৰোপৰ পৰা আহি কানাডাত থিতাপি লোৱা এই লোকসকলে ধাৰণা কৰি লৈছিল যে তেওঁলোকে খিলঞ্জীয়া লোকসকলৰ মাজলৈ আধুনিক সভ্যতা কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ অবিহনে খিলঞ্জীয়া লোকসকল সভ্য হৈ নুঠে।[6]:50

খিলঞ্জীয়া লোকৰ জীন যোৱাৰ এই চেষ্টা আৰম্ভ হৈছিল সোতৰশ দশকত কানাডাৰ নিউ ফ্ৰান্সত ফৰাচী মিছনেৰীসকলৰ আগমণৰ লগে লগে৷[7] নিজৰ সন্তান-সন্ততিক পৰিয়ালৰ আঁতৰ কৰিব নোখোজা খিলঞ্জীয়া অধিবাসীসকলে মিছনেৰীৰ এই প্ৰচেষ্টাত বাধা প্ৰদান কৰিছিল৷[8] সেইসময়ত কেইবাটাও দলে প্ৰতিষ্ঠা কৰা দিনতীয়া আৰু আবাসিক স্কুলসমূহ ১৬৯০ ৰ ভিতৰত বন্ধ হৈছিল৷ সেইসময়ৰ ৰাজনৈতিক অস্থিৰতাও এই বিফলতাৰ অন্য এক কাৰণ৷ [9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Residential School System". http://indigenousfoundations.arts.ubc.ca/the_residential_school_system/। আহৰণ কৰা হৈছে: 2 June 2021. 
  2. https://www.cbc.ca/news/politics/residential-schools-findings-point-to-cultural-genocide-commission-chair-says-1.3093580
  3. "‘Horrible History’: Mass Grave of Indigenous Children Reported in Canada". The New York Times. https://www.nytimes.com/2021/05/28/world/canada/kamloops-mass-grave-residential-schools.html। আহৰণ কৰা হৈছে: 2 June 2021. 
  4. https://www.cbc.ca/news/canada/british-columbia/tk-eml%C3%BAps-te-secw%C3%A9pemc-215-children-former-kamloops-indian-residential-school-1.6043778
  5. https://www.nytimes.com/2021/06/24/world/canada/indigenous-children-graves-saskatchewan-canada.html
  6. 6.0 6.1 "Honouring the Truth, Reconciling for the Future: Summary of the Final Report of the Truth and Reconciliation Commission of Canada". Truth and Reconciliation Commission of CanadaNational Centre for Truth and Reconciliation. May 31, 2015. http://www.trc.ca/assets/pdf/Honouring_the_Truth_Reconciling_for_the_Future_July_23_2015.pdf। আহৰণ কৰা হৈছে: 30 May 2021. 
  7. Gourdeau, Claire. "Population – Religious Congregations". Canadian Museum of HistoryVirtual Museum of New France. Archived from the original on July 8, 2016. https://web.archive.org/web/20160708131814/http://www.historymuseum.ca/virtual-museum-of-new-france/population/religious-congregations/। আহৰণ কৰা হৈছে: July 1, 2016. 
  8. White, Jerry P.; Peters, Julie (2009). "A Short History of Aboriginal Education in Canada". In White, Jerry P.; Peters, Julie; Beavon, Dan et al.. Aboriginal Education: Current Crisis and Future Alternatives. Thompson Educational Pub.. পৃষ্ঠা. 13–14. ISBN 978-1-55077-185-5. Archived from the original on October 3, 2016. http://apr.thompsonbooks.com/vols/AbEduc_Ch2.pdf. 
  9. Carney, Robert (1995). "Aboriginal Residential Schools Before Confederation: The Early Experience". Historical Studies খণ্ড 61: 13–40. Archived from the original on August 14, 2016. https://web.archive.org/web/20160814020414/http://www.cchahistory.ca/journal/CCHA1995/Carney.pdf। আহৰণ কৰা হৈছে: June 29, 2016.