কামি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কামি (জাপানী ভাষাত: 神|神, আই পি এ'ত: kaꜜmi) হৈছে জাপানী শ্বিণ্ট' ধৰ্মবিশ্বাসত পোৱা আত্মা, কৰ্মকাণ্ড বা "দিব্য শক্তি"। যদিও কামি শব্দক প্ৰায় "আৰাধ্য" বুলি অনুবাদ কৰা হয়, বাস্তৱত ই অধিক জটিল। কামি পৰিদৃশ্যৰ কোনো অংশ, প্ৰকৃতিৰ কোনো শক্তি, বা জীৱ বা জীৱৰ কোনো গুণো হ'ব পাৰে। কামি কোনো সন্মানীয় মৃত ব্যক্তিৰ আত্মাও হ'ব পাৰে। কোনো কোনো কামিক সমগ্ৰ ফৈদৰ পূৰ্বপুৰুষ গণ্য কৰা হয় (কোনো কোনো পূৰ্বপুৰুষ যি জীৱিত অৱস্থাত কামিৰ গুণাগুণ অৰ্জন কৰাত সক্ষম হৈছিল, মৃত্যৰ পাছত প্ৰকৃততে কামি হৈ পৰিল)। পৰম্পৰাগত বিশ্বাস অনুযায়ী, মহান নেতা, যেনে সম্ৰাট জীৱিতাৱস্থাতে কামি হয়, বা মৃত্যুৰ পাছত কামিলৈ ৰূপান্তৰিত হয়।[1]

শ্বিণ্ট' ধৰ্মত, কামি প্ৰকৃতিৰ পৰা পৃথক নহয়। তেওঁলোক প্ৰকৃতিৰ অংশ, ধনাত্মক আৰু ঋণাত্মক, উভয় গুণৰেই গৰাকী, আৰু ভাল আৰু বেয়া স্বভাৱৰ। কামি হ'ল মুচুবিৰ অভিব্যক্তি। মুচুবি ব্ৰহ্মাণ্ডৰ আন্তঃসংযুক্ত ঊৰ্জা। সেয়েহে শ্বিণ্ট' ধৰ্মত কোৱা হয় যে মানুহে কামিৰ দৰে হোৱাৰ প্ৰয়াস কৰা উচিত। কামি সাধাৰণ বিশ্বৰ পৰা গোপনে থাকে। তেওঁলোক এক অন্য বিশ্বৰ বাসী, যি আমাৰ বিশ্বৰ দৰেই: এই বিশ্বক শ্বিনকাই (神界) বোলা হয়। শ্বিনকাই অৰ্থ "কামিৰ বিশ্ব"।[2] প্ৰকৃতিৰ বিস্ময়কৰ গুণাগুণৰ সৈতে সম্প্ৰীতিৰে থকাকেই কান্নাগাৰা ন' মিচি (随神の道 বা 惟神の道) বোলা হয়। কান্নাগাৰা ন' মিচিৰ অৰ্থ হ'ল, "কামিৰ মাৰ্গত চলা"।[3] পাশ্চাত্য দৰ্শনৰ "নুমিনাচ"ৰ ধাৰণাৰ সৈতে কান্নাগাৰা ন' মিচিৰ মিল আছে।

নাম[সম্পাদনা কৰক]

কামি শব্দই জাপানী ভাষাত এজন দেৱতা, আৰাধ্য, দিব্য বা আত্মাক বুজায়।[4] এই শব্দৰ প্ৰয়োগ মন (心霊), ঈশ্বৰ (ゴッド), পৰমেশ্বৰ (至上者), কোনো বিশেষ শ্বিণ্ট' দেৱতা, কোনো মূৰ্ত্তি, কোনো নীতি বা যিকোনো পূজিত বস্তুক বুজাবলৈ কৰা হয়।[5]

যদিও কামিক সাধাৰণতে আৰাধ্য বুলি অনুবাদ কৰা হয়, কোনো কোনো শ্বিণ্ট' গৱেষকৰ মতে এনে অনুবাদে ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।[6] কামি শব্দৰ ব্যৱহাৰ সংস্কৃত ভাষাত "দেৱ" শব্দৰ ব্যৱহাৰ, বা হিব্ৰিউ ভাষাত "ইল'হিম" শব্দৰ ব্যৱহাৰৰ দৰে, যাৰ্ক ঈশ্বৰ, দেৱতা, দেৱদূত বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

কামি শব্দৰ উৎপত্তিৰ কিছু অনুমান এনে ধৰণৰ:

  • কামিৰ গুড়ি আত্মা হ'ব পাৰে, বা আধ্যাত্মিকতাৰ যিকোনো এটি অংশ। কাঞ্জিত কামি এনেদৰে লিখা হয়: । চীনা-জাপানী পঠন হয় শ্বিন বা জিন। চীনা ভাষাত এই শব্দৰ অৰ্থ আৰাধ্য।[7]
  • আইনু ভাষাকামুয় শব্দই কামিৰ দৰেই এটি জীৱাত্মিক ধাৰণা প্ৰকাশ কৰে। সম্ভৱতঃ এই দুই শব্দ সম্বন্ধিত। খুব সম্ভৱ প্ৰাচীন জাপানী ভাষাৰ পৰা এই শব্দই আইনু ভাষাত প্ৰৱেশ কৰিলে।[8]
  • ম'টুৰি নৰিনাগাই নিজৰ ক'জিকিত কামিৰ এটি পৰিভাষা প্ৰদান কৰিছে: "যিকোনো জীৱ যাৰ কোনো অসাধাৰণ গুণ আছে, আৰু যি বিস্ময়কৰ, সেয়াই কামি"।[9]

যিহেতু জাপানী ভাষাৰ ব্যাকৰণত সংখ্যাৰ অনুমান পোৱা নাযায়, সেয়ে কামিয়ে এটি বস্তু বুজায় নে কেইবাটাও বস্তু বুজায়, সেই কথাৰ ওপৰত একমত নাই। যেতিয়া কোনো এটি কামিৰ কথা কোৱা হয়, "-কামি" প্ৰত্যয় ব্যৱহাৰ কৰা হয়। শব্দটো দুবাৰ ব্যৱহাৰ কৰি "কামিগামি" শব্দ পোৱা যায়। এই শব্দই একাধিক কামিক বুজায়।[10]:210–211

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Tamura, Yoshiro (2000). Japanese Buddhism: A Cultural History (1st সম্পাদনা). প্ৰকাশক Tokyo: Asher Publishing. ISBN 4333016843. 
  2. Yamakage, Motohisa; Gillespie, Mineko S.; Gillespie, Gerald L.; Komuro, Yoshitsugu; Leeuw, Paul de; Rankin, Aidan (2007). The Essence of Shinto: Japan's Spiritual Heart (1st সম্পাদনা). প্ৰকাশক Tokyo: Kodansha International. ISBN 978-4770030443. https://archive.org/details/essenceofshintoj0000yama. 
  3. Boyd, James W.; Williams, Ron G. (1 January 2005). "Japanese Shintō: An Interpretation of a Priestly Perspective". Philosophy East and West খণ্ড 55 (1): 33–63. doi:10.1353/pew.2004.0039. 
  4. "Kanji details – Denshi Jisho". 2013-07-03. Archived from the original on 2013-07-03. https://web.archive.org/web/20130703032246/http://jisho.org/kanji/details/। আহৰণ কৰা হৈছে: 2017-05-02. 
  5. Holtom, D. C. (January 1940). "The Meaning of Kami. Chapter I. Japanese Derivations". Monumenta Nipponica খণ্ড 3 (1): 1–27. doi:10.2307/2382402. 
  6. Ono, Sokyo; Woodard, William P. (2004) (en ভাষাত). Shinto, the Kami Way (1st সম্পাদনা). প্ৰকাশক Boston, Massachusetts: C.E. Tuttle. ISBN 978-0-8048-3557-2. https://books.google.com/books?id=x-w59vegZoIC&q=shinto+the+kami+way. 
  7. "神 - Yahoo奇摩字典 搜尋結果". Yahoo Dictionary. 2013-01-01. https://tw.dictionary.yahoo.com/dictionary?p=%E7%A5%9E। আহৰণ কৰা হৈছে: 2017-01-01. 
  8. Nonno, Tresi (2015). "On Ainu etymology of key concepts of Shintō: tamashii and kami". Cultural Anthropology and Ethnosemiotics খণ্ড 1 (1): 24–35. https://culturalanthropologyandethnosemiotics.files.wordpress.com/2015/03/on-ainu-etymology-of-key-concepts-of-shinto5.pdf। আহৰণ কৰা হৈছে: 5 June 2016. 
  9. Gall, Robert S. (January 1999). "Kami and Daimon: A Cross-Cultural Reflection on What Is Divine". Philosophy East and West খণ্ড 49 (1): 63–74. doi:10.2307/1400117. 
  10. Yamakage, Motohisa; Gillespie, Mineko S.; Gillespie, Gerald L.; Komuro, Yoshitsugu; Leeuw, Paul de; Rankin, Aidan (2007). The Essence of Shinto: Japan's Spiritual Heart (1st সম্পাদনা). প্ৰকাশক Tokyo: Kodansha International. ISBN 978-4770030443. https://archive.org/details/essenceofshintoj0000yama.