কালপুৰুষ (তাৰকামণ্ডলী)
তাৰকামণ্ডলী | |
চমু নাম | Ori |
---|---|
উচ্চাৰণ | /ɒˈraɪ.ən/ |
প্ৰতীকী | অৰিয়ন, চিকাৰী |
বিষুৱাংশ | 5ঘ |
বিষুৱলম্ব | +৫ |
কোৱাড্ৰেণ্ট | NQ1 |
বিস্তৃতি | ৫৯৪ বৰ্গ ডি. (২৬তম) |
মুখ্য তাৰকাসমূহ | ৭ |
বেয়াৰ/ফ্লেছমিড নামকৰণ তাৰকা |
৮১ |
গ্ৰহযুক্ত তাৰকা | ১০ |
৩.০০ম'ল-তকৈ উজ্বল তাৰকা | ৮ |
১০.০০ পাৰছেক পৰিসৰৰ তাৰকা (৩২.৬২ আলোকবৰ্ষ) |
৮ |
উজ্বলতম তাৰকা | ৰিগেল (β Ori) (০.১২ম) |
গ্ৰহাণুপুঞ্জ | ৩ |
উল্কাবৃষ্টি | অৰিয়নিডছ চ্চি অৰিয়নিডছ |
সীমামূৰীয়া তাৰকামণ্ডলী |
মিথুন বৃষ স্ৰোতস্বিনী শশক মন'চেৰছ |
+৮৫° আৰু −৭৫°. অক্ষৰ ভিতৰত দৃশ্যমান ২১:০০ ঘণ্টাত সৰ্বোত্তমভাৱে দেখা পোৱা মাহ: জানুৱাৰী |
কালপুৰুষ বা অৰিয়ন (ইংৰাজী: Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট[1] আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম।[2] ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ উজ্জ্বলতম তাৰকাসমূহ হৈছে নীলা-বগা ৰিগেল (বিটা অৰিয়নিছ) আৰু ৰঙা বেটেলজিউজ (আলফা অৰিয়নিছ)।
ইতিহাস
[সম্পাদনা কৰক]কালপুৰুষ তাৰকামণ্ডলীৰ সৈতে সম্পৰ্কিত আটাইতকৈ প্ৰাচীন চিত্ৰণ বা কাৰুকাৰ্য হৈছে ১৯৭৯ চনত পশ্চিম জাৰ্মানীৰ আচ উপত্যকাৰ এটা গুহাত পোৱা এক প্ৰাগৈতিহাসিক (অৰিগ্নাচিয়ান) বিশাল হাতীদাঁতৰ সমল। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে ই ৩২,০০০ ৰ পৰা ৩৮,০০০ বছৰ পুৰণি।[3][4][5] কালপুৰুষৰ স্বকীয় আৰ্হি বিশ্বজুৰি বিভিন্ন সংস্কৃতিসমূহত স্বীকৃত, আৰু ইয়াৰ সৈতে বহুতো পৌৰাণিক কাহিনী জড়িত। আধুনিক যুগৰ পৃথিৱীত কালপুৰুষক এক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।
ঋকবেদত কালপুৰুষ তাৰকামণ্ডলীক মৃগ (হৰিণ) বুলি উল্লেখ কৰা হৈছে। কোৱা হয় যে সন্মুখৰ আৰু পিছফালৰ দুটাকৈ উজ্জ্বল তৰা হৈছে চিকাৰী কুকুৰ। মাজৰ তুলনামূলকভাৱে কম উজ্জ্বল তৰাটো হৈছে চিকাৰী। চাৰিওটা চিকাৰ কুকুৰৰ মাজত থকা তিনিটা সংৰেখিত উজ্জ্বল তৰা হৈছে হৰিণ (মৃগ) আৰু তিনিটা সৰু সংৰেখিত কিন্তু কম উজ্জ্বল তৰা হৈছে হৰিণৰ পোৱালি।[6]
ভাৰতত নটৰাজক কালপুৰুষ নক্ষত্ৰমণ্ডলত দেখা যায়।[7]
খ্ৰীষ্টপূৰ্ব একবিংশ শতিকাত ভাৰতৰ উদয়গিৰি আৰু খান্দাগিৰি গুহাত খোদিত জৈন চিহ্নৰ কালপুৰুষৰ সৈতে চকুতলগা সাদৃশ্য আছে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chisholm, Hugh, ed. (1911). "Orion". Encyclopædia Britannica. 20 (11th ed.). Cambridge University Press. p. 276.
- ↑ Dolan, Chris. "Orion". http://www.astro.wisc.edu/~dolan/constellations/constellations/Orion.html। আহৰণ কৰা হৈছে: 2011-11-28.
- ↑ Rappenglück, Michael (2001). "The Anthropoid in the Sky: Does a 32,000 Years Old Ivory Plate Show the Constellation Orion Combined with a Pregnancy Calendar". IXth Annual meeting of the European Society for Astronomy in Culture (SEAC). Uppsala Astronomical Observatory. pp. 51–55.
- ↑ "The Decorated Plate of the Geißenklösterle, Germany". UNESCO: Portal to the Heritage of Astronomy. Archived from the original on 13 February 2022. https://web.archive.org/web/20220213221815/https://www3.astronomicalheritage.net/index.php/show-entity?identity=3&idsubentity=1। আহৰণ কৰা হৈছে: 26 February 2014.
- ↑ Whitehouse, David (January 21, 2003). "'Oldest star chart' found". BBC. http://news.bbc.co.uk/2/hi/science/nature/2679675.stm.
- ↑ Holay, P. V. (1998). "Vedic astronomers". Bulletin of the Astronomical Society of India খণ্ড 26: 91–106.
- ↑ Srinivasan, Sharada (1998). "Vedic astronomers". World Archaeology খণ্ড 36: 432–50. doi:10.1080/1468936042000282726821.
- ↑ ""Must See" Indian Heritage". asimustsee.nic.in. http://asimustsee.nic.in/udayagiri.php। আহৰণ কৰা হৈছে: 2020-04-17.