কালাদান মাল্টি ম'ডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট
কালাদান মাল্টি-ম'ডেল ট্ৰানজিট ট্ৰান্সপ'ৰ্ট প্ৰকল্প (ইংৰাজী: Kaladan Multi-Modal Transit Transport Project) হৈছে ভাৰত আৰু ম্যানমাৰৰ মাজত গঢ়ি তোলা এটা বহুমুখী পৰিবহণ প্ৰকল্প। প্ৰায় ৪৮৪ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয়সাপেক্ষ এই প্ৰকল্পৰ জৰিয়তে ভাৰতৰ কলকাতা বন্দৰক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ চিটৱে বন্দৰৰ সৈতে সাগৰীয় পথেৰে সংযোগ কৰা হৈছে। ইয়াৰ পিছত চিটৱেৰ পৰা কালাদান নদীৰ জলপথেৰে ম্যানমাৰৰ চিন ৰাজ্যৰ পালেট্ৱালৈ আৰু তাৰ পৰা স্থলপথেৰে ভাৰতৰ মিজোৰাম ৰাজ্যলৈ সংযোগ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।[1][2]

এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকল্প পৰিবহণ সংযোগ গঢ়ি তোলা আৰু শিলিগুড়ি কৰিডৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। প্ৰকল্পটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'লে কলকাতাৰ পৰা মিজোৰামলৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বিকল্প পথৰ সুবিধা লাভ কৰিব পৰা যাব।
ইতিহাস
[সম্পাদনা কৰক]ভাৰত আৰু ম্যানমাৰৰ মাজত পৰিবহণ সংযোগ উন্নত কৰাৰ উদ্দেশ্যে এই প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল। প্ৰথম অৱস্থাত ২০১৪ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত নিৰ্মাণকাৰ্যত পলম হয়। ২০২১ চনৰ মাৰ্চ মাহৰ এটা আপডেট অনুসৰি ২০২৩ চনৰ মাৰ্চ মাহৰ শেষলৈ ইয়াক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছিল।
এই প্ৰকল্পৰ জৰিয়তে কলকাতা আৰু ম্যানমাৰৰ চিটৱেৰ মাজত সাগৰীয় সংযোগ স্থাপন কৰাৰ লগতে চিটৱেৰ পৰা পালেট্ৱালৈ কালাদান নদীৰে জলপথ আৰু পালেট্ৱাৰ পৰা মিজোৰামলৈ স্থলপথৰ সংযোগ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰকল্পটোৱে কলকাতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত সামগ্ৰী পৰিবহণৰ দূৰত্ব প্ৰায় ১,৩২৮ কিলোমিটাৰ (৮২৫ মাইল) হ্ৰাস কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ ফলত সংকীৰ্ণ শিলিগুড়ি কৰিডৰৰ মাজেৰে সামগ্ৰী পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা কমিব।
প্ৰথম অৱস্থাত ভাৰতে বাংলাদেশৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ পৰিবহণ আৰু ট্ৰানজিটৰ সুবিধা লাভ কৰাৰ বাবে চেষ্টা কৰিছিল। অৱশ্যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰয়োজনীয় ট্ৰানজিট অধিকাৰ লাভ কৰাত অসুবিধা হোৱাৰ পৰিপ্ৰেক্ষিতত কালাদান প্ৰকল্পক বিকল্প পৰিবহণ পথ হিচাপে গুৰুত্ব দিয়া হৈছিল। বাংলাদেশৰ চট্টগ্ৰাম বন্দৰ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) দূৰত অৱস্থিত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Kaladan Multi-Modal Transit Transport Project". Ministry of Development of North Eastern Region. https://mdoner.gov.in/kaladan-multi-modal-transit-transport-project-inland.
- ↑ "Road to Mandalay". The Indian Express. 2018. https://indianexpress.com/article/explained/india-myanmar-land-border-crossing-open-sushma-swaraj-imphal-mandalay-bus-service-5305229/.